বুধবাৰে প্ৰয়াগৰাজৰ সংগমত পবিত্ৰ স্নান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়ত তেওঁ গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰিছিল । লগতে হাত আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা আছিল । মন্ত্ৰ জপৰ মাজতে মোদীয়ে সংগমত স্নান কৰে ।
স্নানৰ পাছত প্ৰধানমন্ত্ৰীয়ে সূৰ্য্যক অৰ্ঘ্য আগবঢ়ায় । প্ৰায় ৫ মিনিট মন্ত্ৰ জপ কৰি সূৰ্য্য পূজা কৰে তেওঁ । সংগমত গংগা পূজা কৰে তেওঁ ।
সংগমত স্নান কৰাৰ পাছত মোদীয়ে ছ’চিয়েল মিডিয়াত লিখে– আজি মহাকুম্ভৰ পবিত্ৰ সংগমত স্নান কৰি ময়ো কোটি কোটি মানুহৰ দৰে ধন্য হৈছোঁ ৷ মা গংগাই সকলোকে অসীম শান্তি, প্ৰজ্ঞা, সম্প্ৰীতি আৰু সুস্বাস্থ্য প্ৰদান কৰক ।
प्रयागराज के दिव्य-भव्य महाकुंभ में आस्था, भक्ति और अध्यात्म का संगम हर किसी को अभिभूत कर रहा है। पावन-पुण्य कुंभ में स्नान की कुछ तस्वीरें…. pic.twitter.com/BMf9NBsfzl
— Narendra Modi (@narendramodi) February 5, 2025
গংগা পূজা কৰি মোদীয়ে পোনে পোনে নাৱেৰে অৰাইল ঘাট যায় । তাৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী । সংগমত স্নানৰ সময়ত মোদীৰ সৈতে আছিল মুখ্যমন্ত্ৰী যোগী ।
প্ৰায় দুঘণ্টা প্ৰয়াগৰাজত থাকি ভক্তসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী অতি সীমিত ৰাখিছিল । প্ৰায় দুঘণ্টামান প্ৰয়াগৰাজত আছিল মোদী । এই সময়ত তেওঁ কাকো সাক্ষাৎ কৰা নাছিল । আনকি দুয়োজন উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্য আৰু ব্ৰজেশ পাঠক বামৰৌলী বিমানবন্দৰতে থাকিল ।
পুৱা প্ৰায় ১০.৩০ বজাত দিল্লীৰ পৰা বামৰৌলী বিমানবন্দৰত উপস্থিত হয় মোদীৰ বিমান । বিমানবন্দৰত তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে ডি পি এছ হেলিপেডত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । ইয়াৰ পৰা তেওঁৰ কনভয় অৰাইলৰ ভি আই পি ঘাটত উপস্থিত হয় । তাৰ পৰা যোগীৰ সৈতে নাৱেৰে সংগম পায় ।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মেলাত নিৰাপত্তা অধিক শক্তিশালী কৰা হয় । সংগমত অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় । ৫৪ দিনৰ ভিতৰত এইবাৰ দ্বিতীয়বাৰৰ বাবে মহাকুম্ভ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ । ইয়াৰ পূৰ্বে ১৩ ডিচেম্বৰত সংগমলৈ গৈছিল তেওঁ ।