ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এতিয়া পৰৱৰ্তী অভিযানৰ বাবে সাজু হৈছে । ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিব লাগিব টিম ইণ্ডিয়াই । যাৰ প্ৰথমখন খেল ৬ ফেব্ৰুৱাৰীত নাগপুৰত অনুষ্ঠিত হ’ব । এয়া ভাৰতীয় দলৰ বছৰটোৰ প্ৰথম এদিনীয়া শৃংখলা ।
কিন্তু যোৱা বছৰ এদিনীয়াত টিম ইণ্ডিয়াৰ প্ৰদৰ্শন শোচনীয় আছিল । যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত ভাৰতীয় দলটোৱে এখনো এদিনীয়া মেচত জয়ী হোৱা নাছিল । ইয়াৰ লগতে যোৱা বছৰ এদিনীয়া খেলত ভাৰতীয় দলটোৱে এনে ৩টা লজ্জাজনক অভিলেখ গঢ়িছিল, যিবোৰ পাহৰিব নোৱাৰি ।
২০২৪ চনৰ একমাত্ৰ এদিনীয়া শৃংখলা শ্ৰীলংকা ভ্ৰমণত অনুষ্ঠিত হৈছিল-
২০২৪ চনৰ জুলাই মাহত গৌতম গম্ভীৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল । তাৰ পিছত তেওঁৰ প্ৰথম ছিৰিজ আছিল শ্ৰীলংকাৰ বিৰুদ্ধে । ২০২৪ চনৰ জুলাই মাহত দলটোৱে শ্ৰীলংকা ভ্ৰমণ কৰিছিল । য’ত দলে ৩ খন টি২০ আৰু ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিছিল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ৩-০ ব্যৱধানত জয়লাভ কৰে ।
আনহাতে এদিনীয়া শৃংখলাত ২-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দল । বিশেষ কথাটো হ’ল এইবাৰ এইখনেই আছিল একমাত্ৰ এদিনীয়া শৃংখলা য’ত ভাৰতীয় দলটো পৰাস্ত হৈছিল । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এদিনীয়া ইতিহাসত তিনিটা লজ্জাজনক অভিলেখ সৃষ্টি কৰে ।
শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৩টা অভিলেখ
– ২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত পৰাস্ত হয় ভাৰতীয় দল । ইয়াৰ পূৰ্বে ১৯৯৭ চনৰ আগষ্ট মাহত ভাৰতীয় দল পৰাস্ত হৈছিল ।
– প্ৰথমবাৰৰ বাবে ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলাত ৩০ টা উইকেটৰ আটাইকেইটা হেৰুৱাইছিল, অৰ্থাৎ শ্ৰীলংকাৰ বিৰুদ্ধে তিনিওখন এদিনীয়াত ভাৰতীয় দল অল আউট হৈছিল ।
– ৪৫ বছৰৰ পাছত ভাৰতীয় দলটোৱে এটাও কেলেণ্ডাৰ বছৰত এখনো এদিনীয়া খেলত জয়ী হ’ব পৰা নাছিল । এই বছৰটোত দলটোৱে মাত্ৰ ৩ খন এদিনীয়া খেলিছিল, ইয়াৰে ২ খনত পৰাস্ত হৈছিল আৰু এখন টাই হৈছিল ।
চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰস্তুতি পৰীক্ষা কৰাৰ সুযোগ-
এতিয়া ভাৰতীয় দলটোৱে যোৱা বছৰৰ লজ্জাজনক প্ৰদৰ্শন পাহৰি নতুন আৰম্ভণি কৰিব । এই এদিনীয়া শৃংখলা অধিনায়ক ৰোহিত শৰ্মাৰ বাবে অতি বিশেষ হ’ব কাৰণ এই মাহৰ পৰা চেম্পিয়নছ ট্ৰফী ২০২৫ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত এই এদিনীয়া শৃংখলাত দলটোৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ এক সোণালী সুযোগ আহিব ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলাৰ সূচী-
১ম এদিনীয়া- ৬ ফেব্ৰুৱাৰী- নাগপুৰ
২য় এদিনীয়া – ৯ ফেব্ৰুৱাৰী – কটক
৩য় এদিনীয়া – ১২ ফেব্ৰুৱাৰী – আহমেদাবাদ
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী ।