মহাৰাষ্ট্ৰৰ নাছিক-গুজৰাট ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ২০০ ফুট দ’ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ।
দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ৭ জন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৫ জন আহত হয়।
জানিব পৰা মতে বাছখন নাছিকৰ সপুতাৰা ঘাটহৈ চুৰাট অভিমুখে যাত্ৰা কৰি আছিল।বাছখনত বেছিভাগ যাত্ৰী মধ্য প্ৰদেশৰ আৰু নাছিকৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিবলৈ আহিছিল।
যাত্ৰাটোৰ সময়ত এটা টাৰ্ণিঙত বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ লোক উপস্থিত হৈ বাছখনৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰে। আহত সকলক ততাতৈয়াকৈ চিকিৎসাৱয়ত ভৰ্তি কৰোৱা হয়।