বৃহস্পতিবাৰে দিল্লীত থকা অসমীয়াৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।দিল্লীৰ ভোগালী বিশেষ অনুষ্ঠানত মত-বিনিময় কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে।
মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে –অসমত এতিয়া বিকাশৰ আন্দোলন আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাচি লোৱা হৈছে।
ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত বাচনি কৰিছে কেৱল অসমক। যিটো অসমৰ বাবে বহু সৌভাগ্যৰ কথা। ছেমি কণ্ডাক্টৰ উদ্যোগৰ দ্বাৰা ৪৮ নিযুত ছিপছ নিৰ্মাণ হ’ব জাগীৰোডত।
চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ’ব এই ছিপছ নিৰ্মাণৰ কাম। আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে এতিয়াৰে পৰা মেড ইন আছাম জাগীৰোড বুলি থাকিব।
ইফালে ঝুমুৰ নাচে ৰেকৰ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে “২৪তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মুখত ১২ হাজাৰ যুৱক-যুৱতীয়ে নাচিব ঝুমুৰ। সেইদিনাই বাগৰুম্বা নৃত্যৰো আন অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি।