শান্তিৰ নোবেল বঁটাৰ বাবে ইলন মাস্কৰ মনোনয়ন...কিয় এইগৰাকী ইউৰোপীয় সাংসদে আগবঢ়ালে নাম

শান্তিৰ নোবেল বঁটাৰ বাবে ইলন মাস্কৰ মনোনয়ন…কিয় এইগৰাকী ইউৰোপীয় সাংসদে আগবঢ়ালে নাম

ইউৰোপীয় সংসদৰ স্লোভেনিয়াৰ সদস্য ব্ৰাংকো গ্ৰাইমছে বিশ্বৰ অন্যতম ধনী ব্যক্তি তথা টেছলা, স্পেচএক্স আৰু এক্সৰ দৰে কোম্পানীৰ মালিক ইলন মাস্কক ২০২৫ চনৰ শান্তি নোবেল বঁটাৰ বাবে আনুষ্ঠানিকভাৱে মনোনীত কৰিছে । গ্ৰাইমছৰ মতে, মত প্ৰকাশৰ স্বাধীনতাৰ সমৰ্থনত মাস্কৰ অবিৰত প্ৰচেষ্টা আৰু বিশ্ব শান্তিৰ প্ৰতি তেওঁৰ অৱদানৰ

ইউৰোপীয় সংসদৰ স্লোভেনিয়াৰ সদস্য ব্ৰাংকো গ্ৰাইমছে বিশ্বৰ অন্যতম ধনী ব্যক্তি তথা টেছলা, স্পেচএক্স আৰু এক্সৰ দৰে কোম্পানীৰ মালিক ইলন মাস্কক ২০২৫ চনৰ শান্তি নোবেল বঁটাৰ বাবে আনুষ্ঠানিকভাৱে মনোনীত কৰিছে । গ্ৰাইমছৰ মতে, মত প্ৰকাশৰ স্বাধীনতাৰ সমৰ্থনত মাস্কৰ অবিৰত প্ৰচেষ্টা আৰু বিশ্ব শান্তিৰ প্ৰতি তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই মনোনয়ন দিয়া হৈছে ।

ব্ৰাংকো গ্ৰাইমছে মনোনীত কৰে মাস্কক-

এই প্ৰস্তাৱ নিশ্চিত কৰি ব্ৰাংকো গ্ৰাইমছে কয় যে, ‘আজি সফলতাৰে প্ৰস্তাৱ কৰা হৈছে যে মত প্ৰকাশ আৰু শান্তিৰ মৌলিক মানৱ অধিকাৰক অহৰহ সমৰ্থন কৰি অহা ইলন মাস্কক ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা উচিত । এই মনোনয়নত তেওঁক সমৰ্থন কৰা সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, ‘এই প্ৰত্যাহ্বানমূলক কাৰ্যত সহায় কৰা সকলো সহ-প্ৰস্তাৱক আৰু সহকৰ্মীক আন্তৰিক ধন্যবাদ ।’

সমৰ্থকসকলৰ মাজত প্ৰচণ্ড উৎসাহ-০

মনোনয়নৰ এই খবৰৰ পিছতে ইলন মাস্কৰ সমৰ্থকসকলৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গৈছে । Dogecoin ক্ৰিপ্টোকাৰেন্সীৰ সৈতে জড়িত এজন ডিজাইনাৰে ছ’চিয়েল মিডিয়াত লিখিছে, ‘ইলন মাস্কক প্ৰকাশৰ স্বাধীনতা ৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে ২০২৫ চনৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে ।’

সমগ্ৰ প্ৰক্ৰিয়াটো কি ?

শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি প্ৰক্ৰিয়া যথেষ্ট কঠোৰ আৰু বিশদ । মনোনয়নৰ শেষ তাৰিখ ৩১ জানুৱাৰী, আৰু ই সাধাৰণতে অক্টোবৰৰ মাজভাগৰ পৰা আৰম্ভ হয় । সময়সীমাৰ পিছত ফেব্ৰুৱাৰী মাহৰ মাজভাগত নোবেল কমিটীক মূল্যায়নৰ বাবে মনোনয়ন দাখিল কৰা হয় ।

ইয়াৰ পিছত কমিটীয়ে সকলো বৈধ মনোনয়ন পৰ্যালোচনা কৰি অধিক তদন্তৰ বাবে প্ৰাৰ্থীৰ চৰ্টলিষ্ট প্ৰস্তুত কৰে । এই পৰ্যায়ত স্থায়ী উপদেষ্টা আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ বিশেষজ্ঞৰ প্ৰতিবেদন বিবেচনা কৰা হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ