ইছৰোৰ ১০০ সংখ্যক মিছন GSLV-F15 ৰকেটৰ সৈতে উপগ্ৰহ NVS-02 উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ । ২৯ জানুৱাৰীৰ পুৱা ৬.২৩ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হ’ব থলুৱা ক্ৰাইজেনিক ষ্টেজযুক্ত ৰকেটটো । ২৭ ঘণ্টীয়া কাউণ্টডাউন সম্পূৰ্ণ কৰাৰ পিছত উপগ্ৰহটোৰ সৈতে উৰা মাৰিব ৰকেটো । ইয়াৰ লগতে ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়ণনৰ এইটোৱেই হ’ব প্ৰথম মিছন ।
ইছৰোৱে কয় যে জি এছ এল ভি-এফ ১৫-এ এন ভি এছ-০২ উপগ্ৰহটোক জিঅ’ষ্টেচনেৰী ট্ৰেন্সফাৰ কক্ষপথত স্থাপন কৰিব । ইয়াৰ ২৭.৩০ ঘণ্টাৰ কাউণ্টডাউন মঙলবাৰে পুৱা ০২.৫৩ বজাৰ পৰা আৰম্ভ হয় । ইছৰোৰ তথ্য অনুসৰি NavIC (Navigation with Indian Constellation) হৈছে ভাৰতৰ স্বতন্ত্ৰ আঞ্চলিক নেভিগেচন উপগ্ৰহ ব্যৱস্থা । ইয়াৰ লক্ষ্য হৈছে ভাৰত আৰু ভাৰতৰ পৃষ্ঠৰ পৰা ১৫০০ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত অঞ্চলৰ ব্যৱহাৰকাৰীসকলক সঠিক অৱস্থান, বেগ আৰু সময় সেৱা প্ৰদান কৰা ।
ইছৰোৱে জনোৱা মতে, ইউ আৰ চেটেলাইট চেণ্টাৰৰ ডিজাইন আৰু বিকশিত এন ভি এছ-০২ উপগ্ৰহটোৰ ওজন প্ৰায় ২২৫০ কিলোগ্ৰাম । ই L1, L5 আৰু S বেণ্ডত নেভিগেচন পেলোডৰ লগতে C-বেণ্ডত ৰেঞ্জিং পেলোড কঢ়িয়াই লৈ ফুৰে, যেনে ইয়াৰ প্ৰথম প্ৰজন্মৰ উপগ্ৰহ NVS-01 ।
এন ভি এছ-০২ হৈছে এন ভি এছ ছিৰিজৰ দ্বিতীয়টো উপগ্ৰহ-
উল্লেখ্য যে, দ্বিতীয় প্ৰজন্মৰ প্ৰথম উপগ্ৰহ NVS-01 ২০২৩ চনৰ ২৯ মে’ত GSLV-F12 ৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল । আনহাতে, এন ভি এছ-০২ হৈছে এন ভি এছ ছিৰিজৰ দ্বিতীয়টো উপগ্ৰহ । ই L1, L5 আৰু S বেণ্ডত নেভিগেচন পেলোডৰ লগতে C-বেণ্ডত ৰেঞ্জিং পেলোড কঢ়িয়াই লৈ ফুৰে, যেনে ইয়াৰ প্ৰথম প্ৰজন্মৰ উপগ্ৰহ NVS-01 ।