উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহা মহা কুম্ভৰ আয়োজন কৰা হৈছে। ইতিমধ্যে কোটি কোটি লোক প্ৰয়াগৰাজত উপস্থিত হৈছে।
তথ্য অনুসৰি, এতিয়ালৈকে ১৩ কোটিৰো অধিক লোকে মহাকুম্ভত অংশগ্ৰহণ কৰিছে আৰু ত্ৰিবেণী সংগমত গা ধুইছে।
একে সময়তে, এতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মহাকুম্ভত অংশ লবলৈ গৈ আছে।অমিত শ্বাহে সোমবাৰে প্ৰয়াগৰাজত উপস্থিত হ’ব আৰু গংগা, যমুনা ,সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত স্নান কৰিব।
গৃহমন্ত্ৰী অমিত শ্বাহে মহাকুম্ভলৈ যোৱা কথাটো সামাজিক মাধ্যমত জানিবলৈ দিছে।গৃহমন্ত্ৰী গৰাকীয়ে লিখিছে যে ” সমগ্ৰ বিশ্বক সমতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰা সনাতন ধৰ্মৰ মহাকুম্ভ, মহাকুম্ভ কেৱল তীৰ্থস্থান নহয় দেশৰ বৈচিত্ৰ্য, বিশ্বাস আৰু জ্ঞান পৰম্পৰাৰ এক সংগম। কাইলৈ প্ৰয়াগৰাজৰ মহাকুম্ভত গা ধুবলৈ আৰু উপাসনা কৰিবলৈ আৰু শ্ৰদ্ধেয় সাধুসকলক লগ কৰিবলৈ উৎসাহিত হৈছোঁ। “
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সোমবাৰে প্ৰয়াগৰাজ ভ্ৰমণ কৰিব।মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে মৌনী অমাৱস্যাৰ পূৰ্বে এখন প্ৰয়োজনীয় বৈঠকো অনুষ্ঠিত কৰিব।
মুখ্যমন্ত্ৰী যোগীয়ে গ্ৰাউণ্ড জিৰোৰ পৰিস্থিতিৰ বুজ ল’ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী যোগীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই কাৰ্যসূচীত উপস্থিত থাকিব।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভে প্ৰয়াগৰাজত বিশাল জনসমাগম কৰিছে। ২৬ জানুৱাৰী, তাৰিখলৈকে, মহা কুম্ভত প্ৰায় ১৩ কোটিৰো অধিক লোকে স্নান কৰিছে।
ইয়াৰ উপৰিও, ২৯ জানুৱাৰীত ৭ ৰ পৰা ৮ কোটি লোক প্ৰয়াগৰাজ মহাকুম্ভলৈ যাব পাৰে। মহাকুম্ভ ২০২৫ ত প্ৰায় ৪০ কোটিতকৈও অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে।









