ভাৰতীয় প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত নাম ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ৰবিচন্দ্ৰন অশ্বিনে । অৱশ্যে এতিয়া এইগৰাকী অফ স্পীনাৰক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব । ক্ৰিকেট ইতিহাসৰ সফল বলাৰৰ ভিতৰত গণ্য কৰা হয় ৰবিচন্দ্ৰন অশ্বিনক । বিশেষকৈ এই বলাৰগৰাকীৰ টেষ্ট অভিলেখ আছিল উৎকৃষ্ট ।
টেষ্ট মেচৰ উপৰিও এইগৰাকী খেলুৱৈয়ে এদিনীয়া আৰু টি-২০ ফৰ্মেটতো টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল । চেন্নাই ছুপাৰ কিংছৰ উপৰিও ৰবি অশ্বিনে আই পি এলত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ, পঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছিল ।
ৰবি অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-
১০৬খন টেষ্ট মেচৰ উপৰিও ৰবি অশ্বিনে ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ মেচত অংশ লৈছিল । টেষ্ট মেচত ৰবি অশ্বিনে ২৪.০১ গড়ে অভিলেখ সৃষ্টিকাৰী ৫৩৭ বেটছমেনৰ উইকেট দখল কৰে । এই ফৰ্মেটত তেওঁ ৩৭ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । আনহাতে, এদিনীয়া ফৰ্মেটত ৰবি অশ্বিনে গড়ে ৩৩.২১ আৰু ইকনমি ৪.৯৩ ৰে ১৫৬টা উইকেট দখল কৰে । আনহাতে ভাৰতৰ হৈ টি-২০ মেচত তেওঁ ৬.৯১ ইকনমি আৰু গড়ে ২৩.২২ ৰে ৭২টা উইকেট দখল কৰে ।
ইয়াৰ উপৰিও আই পি এলত ২১১ খন খেলত ১৮০ টা উইকেট দখল কৰিছে ৰবি অশ্বিনে । এই প্ৰতিযোগিতাত ৰবি অশ্বিনে ৭.১২ ইকনমি আৰু গড়ে ২৯.৮৩ ৰে বলিং কৰিছে । একে সময়তে ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত ৰবি অশ্বিনে ক্ৰমে ৩৫০৩, ৭০৭ আৰু ১৮৪ ৰান সংগ্ৰহ কৰিছে । টেষ্ট ফৰ্মেটত ৬টা শতক অৰ্জন কৰিছে ৰবি অশ্বিনে । লগতে ১৪ বাৰ পঞ্চাশ ৰানৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।