চুডানৰ আল ফাছাৰ চহৰৰ এখন চিকিৎসালয়ত এক ভয়ংকৰ ড্ৰোণ আক্ৰমণ সংঘটিত হৈছে। জানিব পৰা মতে এই আক্ৰমণত কমেও ৭০ জন লোক নিহত হৈছে।
উত্তৰ দাৰফুৰ প্ৰদেশৰ চিকিৎসালয়খনত আক্ৰমণত প্ৰথমে ৩০ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল যদিও পাছত মৃত্যুৰ সংখ্যা ৭০ লৈ বৃদ্ধি পায়। আক্ৰমণৰ সময়ত চিকিৎসালয়খনত যথেষ্ট ৰোগী আছিল।
২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা চুডানৰ সেনাই অৰ্ধসামৰিক দ্ৰুত সমৰ্থন বাহিনীৰ সৈতে যুদ্ধ কৰি আহিছে। বিদ্ৰোহীসকলে দাৰফুৰৰ সমগ্ৰ পশ্চিম অঞ্চল দখল কৰিছে।
তেওঁলোকে মে মাহৰ পৰা উত্তৰ দাৰফুৰৰ ৰাজধানী এল-ফাছাৰকো ঘেৰাও কৰি আহিছে, কিন্তু চহৰখন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই কিয়নো চুডানৰ সেনা-বাহিনীয়ে তেওঁলোকক বাৰে বাৰে পিছুৱাই যাবলৈ বাধ্য কৰাইছে।
এনে পৰিস্থিতিত এল-ফাশ্বাৰত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ ব্যাপক হৈ পৰিছে। চিকিৎসা প্ৰদান কৰা চেৰিটি চিকিৎসকসকলে এই মাহত কয় যে তাত থকা চৌদি চিকিৎসালয়খনেই হৈছে “এতিয়াও অস্ত্ৰোপচাৰৰ ক্ষমতা থকা একমাত্ৰ চৰকাৰী চিকিৎসালয়”।