টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰিছে ভাৰতে । শনিবাৰে চেন্নাইত অনুষ্ঠিত হোৱা খেলখনত টিম ইণ্ডিয়াই এক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে । মেচখনত তিলক বাৰ্মাই বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰে । ভাৰতৰ আৰম্ভণি দুৰ্বল আছিল । কিন্তু তিলকে দায়িত্বশীল বেটিঙেৰে দলক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰে । ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে শক্তিশালী বলিং প্ৰদৰ্শন কৰে । এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
প্ৰথমে বেটিং কৰি ইংলেণ্ডে ভাৰতক জয়ী হ’বলৈ ১৬৬ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে তিলকৰ বিস্ফোৰক বেটিঙেৰে ১৯.২ অভাৰত বিজয় লক্ষ্যত উপনীত হয় । কলকাতাত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচতো ভাৰতে জয়লাভ কৰিছিল । এতিয়া দলটোৱে দ্বিতীয়খন মেচতো জয়ী হৈ পাঁচখনীয়া খেলৰ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
Tilak Varma's lone-warrior knock seals the deal as India pull off a heist in Chennai 🔥#INDvENG 📝: https://t.co/TJhpIpkNYJ pic.twitter.com/rFzNZySrpV
— ICC (@ICC) January 25, 2025
তিলকৰ বিস্ফোৰক ইনিংছে ভাৰতক দিলে জয়-
এটা সময়ত ভাৰতীয় দলৰ উইকেট এটা এটাকৈ পতন ঘটিছিল । কিন্তু তিলকে দায়িত্বশীল বেটিঙেৰে দলক বিজয়ৰ দিশে লৈ যায় । তেওঁ ৫৫টা বলৰ সন্মুখীন হৈ অপৰাজিত ৭২ ৰান সংগ্ৰহ কৰে । তিলকে ৪ চাৰি আৰু ৫টা ছয় কোবাই । ৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৰবি বিষ্ণোই ।
টিম ইণ্ডিয়াৰ দুৰ্বল আৰম্ভণি-
নিজৰ ইনিংছ আৰম্ভ কৰি দ্বিতীয় অভাৰত প্ৰথমটো উইকেট হেৰুৱাই ভাৰতে । ৬টা বলত ১২ ৰান সংগ্ৰহ কৰি আউট হয় অভিষেক শৰ্মা । তেওঁ ৩টা চাৰি কোবাই । ইয়াৰ পিছত সঞ্জু চেমচনৰ উইকেট পতন ঘটে । ৭ টা বলত ৫ ৰান সংগ্ৰহ কৰি আউট হয় চেমছন । অধিনায়ক সূৰ্য্যকুমাৰ যাদৱেও বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলে । ১২ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় অধিনায়কজন । ইয়াৰ পিছতে হাৰ্দিক পাণ্ডিয়াৰ উইকেটৰো কম সময়ৰ ভিতৰতে পতন ঘটে । ৭ ৰান সংগ্ৰহ কৰি আউট হয় পাণ্ডিয়া ।
ইংলেণ্ডৰ হৈ বাটলাৰে খেলিলে বিস্ফোৰক ইনিংছ-
ইংলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল । কিন্তু জোছ বাটলাৰে দলটোক প্ৰত্যাৱৰ্তন কৰোৱাই । ইংলেণ্ডে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰিছিল । বাটলাৰে ৩০টা বলৰ সন্মুখীন হৈ ৪৫ ৰান সংগ্ৰহ কৰে । তেওঁ ৩টা ছয় আৰু ২টা চাৰিটা কোবাই । ব্ৰেডেন কাৰ্ছে ৩১ ৰানৰ ইনিংছ খেলে । জেমী স্মিথে ২২ ৰান অৰিহণা যোগায় । তেওঁলোকৰ বাহিৰে দলটোৰ আন কোনো বেটছমেনে বিশেষ ৰান সংগ্ৰহ কৰিব পৰা নাছিল ।
ভাৰতে সাতজন বলাৰ ব্যৱহাৰ কৰিছিল-
ইংলেণ্ডৰ ইনিংছত টিম ইণ্ডিয়াই মুঠ ৭ জন বলাৰ ব্যৱহাৰ কৰিছিল । বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে । অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ আৰু অভিষেক শৰ্মাই ১টাকৈ উইকেট লাভ কৰে ।