গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে (২৫ জানুৱাৰী ২০২৫) পদ্ম বঁটা ২০২৫ৰ বিজয়ীসকলৰ নাম কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়- পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী । ভীম সিং ভৱেশ, ডাঃ নীৰজা ভাটলা, খেলুৱৈ হৰবিন্দৰ সিঙে লাভ কৰিছে পদ্ম বঁটা ।
এই বঁটা শিল্প, সমাজ সেৱা, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত মহান কাম কৰা সকলক প্ৰদান কৰা হয় । গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কুৱেইটৰ যোগ সাধক শ্বেখা এ জে আল চাবাহ, উত্তৰাখণ্ডৰ ট্ৰেভেল ব্লগাৰ দম্পতী হিউ আৰু কলিন গেণ্টজাৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব ।
এই মহান ব্যক্তিসকলক জনোৱা হ’ব সন্মান-
ভক্তি গায়ক ভেৰু সিং চৌহান, সাংবাদিক ভীম সিং ভৱেশ, ঔপন্যাসিক জগদীশ যোশিলা, ছাৰ্ভাইকেল কেন্সাৰৰ অধিবক্তা নীৰজা ভাটলা আৰু কুৱেইটৰ যোগ থেৰাপিষ্ট শ্বেখা এ জে আল ছাবাহো পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকাত আছে । নাগালেণ্ডৰ ফলমূলৰ খেতিয়ক এল হেংথিং, পুডুচেৰীৰ বাদ্যযন্ত্ৰবাদক পি ডাটচানামূৰ্তি, মধ্যপ্ৰদেশৰ সামাজিক উদ্যোগী চেলি হোলকাৰ, মাৰাঠী সাহিত্যিক মাৰুতি ভূজাংগৰাও চিতাম্পল্লী আদিৰ নাম পদ্ম বঁটা বিজয়ী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।
বিলাস ডাংৰে, ভেংকপ্পা আম্বাজী সুগেটকাৰ, হৰিমন শৰ্মা, জুমডে যোমগাম গামলিন, নৰেণ গুৰুং আৰু জগদীশ যোশিলা, বতুল বেগম, পণ্ডিত ৰাম মাণ্ডৱী, নিৰ্মলা দেৱী আন বিশিষ্ট ব্যক্তিসকলক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হ’ব ।
জগদীশ যোশিলাঃ সাহিত্য আৰু শিক্ষা (নিমাৰী) মধ্যপ্ৰদেশ ।
জোনাছ মাছেট্টি: আধ্যাত্মিকতা, ব্ৰাজিলৰ বেদান্ত গুৰু ।
পি ডাটচানামূৰ্তি: কলা (সংগীত), থাভিল, পুডুচেৰী ।
নীৰজা ভাটলা: চিকিৎসা (স্ত্ৰীৰোগ), দিল্লী ।
শ্বেইখা এ জে আল চাবাহ: চিকিৎসা (যোগ) কুৱেইট ।
হিউ আৰু কলিন গেণ্টজাৰ: সাহিত্য আৰু শিক্ষা, ভ্ৰমণ, উত্তৰাখণ্ড ।
হৰিমন শৰ্মাঃ কৃষি, আপেল, হিমাচল প্ৰদেশ ।
নৰেণ গুৰুং: কলা-গায়ন (লোক-নেপালী), ছিকিম ।
হৰবিন্দৰ সিং: ক্ৰীড়া (অক্ষম), আৰ্চাৰী, হাৰিয়ানা ।
বিলাস ডাংৰে: চিকিৎসা, হোমিঅ’পেথী, মহাৰাষ্ট্ৰ ।
ভেৰু সিং চৌহান: কলা (গায়ন) নিৰ্গুন, মধ্যপ্ৰদেশ ।
জুমদে যোমগাম গামলিমঃ সমাজ সেৱা, অৰুণাচল প্ৰদেশ ।
এল হেংথিং:(কৃষি) ফল, নাগালেণ্ড ।
ভেংকপ্পা আম্বাজী সুগেটকাৰ: কলা (কণ্ঠ)গোন্ধালী, কৰ্ণাটক ।
ভীম সিং ভৱেশঃ সমাজ সেৱা, দলিত, বিহাৰ ।
তালিকাত থকা এই নামবোৰৰ বাহিৰেও গকুল চন্দ্ৰ দাস (পৰম্পৰাগত সংগীত), ভেলু আসানা (পৰম্পৰাগত সংগীত), ভীমৱ দোদ্দাবালপ্পা (ফটোগ্ৰাফী), পাৰমাৰ লাভজীভাই নাগজীভাই (বয়ন শিল্প), বিজয়লক্ষ্মী দেশমানে (কেন্সাৰৰ বিৰুদ্ধে যুঁজ), চেত্ৰাম দেৱচন্দ পাৱাৰ (গছ ৰোপণ), পাণ্ডী ৰাম মাণ্ডৱী (বাদ্যযন্ত্ৰ নিৰ্মাতা), ৰাধা ভাভি ভট্ট (মহিলা সৱলীকৰণ), সুৰেশ সোণী (কৰ’না ৰোগীৰ সেৱা)ও অন্তৰ্ভুক্ত কৰা হৈছে । এই বঁটাসমূহ সাধাৰণতে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হয় ।