মাত্ৰ ১৫ বছৰ বয়সতে এজন ছাত্ৰই ভংগ কৰিলে সৌৰভ গাংগুলীৰ অভিলেখ । গাংগুলীৰ অভিলেখ ভংগ কৰি ৰঞ্জী ট্ৰফীত ৰচিলে নতুন ইতিহাস।
দশম শ্ৰেণীৰ অংকিত চেটাৰ্জীয়ে ভংগ কৰিলে পূৰ্বৰ সকলো ৰেকৰ্ড। ৰঞ্জী ট্ৰফীত অংকিত চেটাৰ্জীয়ে ৰচিলে নতুন ইতিহাস। বংগৰ হৈ অংকিত চেটাৰ্জীয়ে ৰচিলে এই ইতিহাস।
ৰঞ্জী ট্ৰফীত আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে নতুন ইতিহাস ৰচিলে অংকিতে। বেংগলৰ মূল ১১ত অভিমন্যু ইশ্বৰনৰ অনুপস্থিতিত অংকিতক স্থান দিয়া হৈছিল।
তাৰ পিছতেই কিংবদন্তি ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰে অংকিতে। ১৯৮৯-৯০ চনৰ ৰঞ্জি ট্ৰফীৰ ফাইনেলৰ সময়ত মাত্ৰ ১৭ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ অভিষেক ঘটোৱা কিংবদন্তি ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰে অংকিতে।
এই খেলখনৰ বিষয়ে ক’বলৈ গ’লে, বেংগলৰ দলে টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়, যিটো তেওঁলোকৰ বলাৰসকলে সম্পূৰ্ণ শুদ্ধ প্ৰমাণিত কৰে আৰু হাৰিয়ানা দলৰ প্ৰথম ইনিংছটো ১৫৭ ৰাণত সামৰণি পৰে।
অংকিত এজন বাওঁহাতৰ বেটছমেন আৰু লগতে এজন সোঁ-হাতৰ অফ-স্পিন বলাৰ।২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় ৰাউণ্ডৰ খেলখনত এলিট গ্ৰুপ-চিৰ বেংগল দলে ঘৰুৱা খেলত হাৰিয়ানা দলৰ বিৰুদ্ধে খেলি আছে।
অংকিত চেটাৰ্জীৰ বিষয়ে ক’বলৈ গ’লে, এতিয়া তেওঁ বেংগল দলৰ পৰা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হৈ পৰিছে।