কেন্দ্ৰীয় কেবিনেটে আগন্তুক পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা এন এইছ এমৰ ম্যাদ বৃদ্ধিত অনুমোদন জনাইছে । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এই তথ্য প্ৰদান কৰে ।
কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত সাংবাদিকক অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই অভিযানে বিগত ১০ বছৰত ঐতিহাসিক লক্ষ্যত উপনীত হৈছে । গোৱেলে জনোৱা মতে, ২০২১ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ১২ লাখ স্বাস্থ্যকৰ্মীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত যোগদান কৰিছিল আৰু এই অভিযানৰ অধীনত ভাৰতে Covid-19 মহামাৰীৰ বিৰুদ্ধে যুঁজিছিল ।
২০০৫ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এন আৰ এইচ এম) হিচাপে আৰম্ভ কৰা এই আঁচনিখনৰ ম্যাদ একাধিকবাৰ বৃদ্ধি কৰা হৈছে, শেহতীয়াকৈ ২০২১ চনত ২০২৬ চনলৈকে চলিবলৈ অনুমতি দিয়া হৈছিল ।
গোৱেলে আৰু কয় যে এন এইচ এমৰ চলি থকা প্ৰচেষ্টাই ভাৰতৰ স্বাস্থ্যৰ পৰিৱেশ ৰূপান্তৰিত কৰিছে, যাৰ ফলত দেশখনে ২০৩০ চনৰ সময়সীমাৰ বহু আগতেই নিজৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডি জি) স্বাস্থ্য লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে ।