এছ জয়শংকৰৰ সৈতে প্ৰথমখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ল আমেৰিকাৰ নতুন বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’

এছ জয়শংকৰৰ সৈতে প্ৰথমখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ল আমেৰিকাৰ নতুন বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । জয়শংকৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ সৈতেও বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছত ৱাশ্বিংটন ডিচিত কোৱাডৰ বৈদেশিক

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । জয়শংকৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ সৈতেও বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছত ৱাশ্বিংটন ডিচিত কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত জয়শংকৰে অংশগ্ৰহণ কৰে । এই বৈঠকত তেওঁৰ আমেৰিকান সমকক্ষৰ লগতে জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙো উপস্থিত আছিল ।

জয়শংকৰে এক্সৰ এটা পোষ্টত কয় যে মাৰ্কো ৰুবিঅ’ই বিদেশ সচিব হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠকৰ বাবে লগ পোৱাটো এক আনন্দৰ কথা । য’ত আমি আমাৰ ব্যাপক দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিলোঁ, যাৰ বাবে ৰুবিঅ’ এক শক্তিশালী সমৰ্থক হৈ আহিছে । লগতে তেওঁৰ পোষ্টত জয়শংকৰে কয় যে আমি বহুতো আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত মত বিনিময় কৰিলোঁ । আমাৰ কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী ।

ইয়াৰ পূৰ্বে ৰুবিঅ’ই নিজৰ কাৰ্যকালৰ প্ৰথম দিনাই কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাম আৰম্ভ কৰে । বৈঠকৰ পূৰ্বে কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলে নিজৰ দেশৰ পতাকাৰ সন্মুখত ৰুবিঅ’ৰ সৈতে ফটো উঠিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ