হাতী সৰবৰাহৰ ভুৱা বাতৰিক লৈ সৰৱ হৈ উঠিছে অসম চৰকাৰ। সামাজিক মাধ্যমত শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা নাই বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক স্পষ্টিকৰণ দিছে।
দৰাচলতে দেওবাৰে গুজৰাটৰ কেইবাখনো এনিমেল এম্বুলেন্সত কেইবাটাও হাতী অসমৰ মাজেৰে লৈ যোৱা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
বহু লোকে দাবী কৰিছিল যে অসমৰ হাতী সমূহ গুজৰাটলৈ লৈ যোৱা হৈছে।সৰ্বত্ৰে চৰ্চাৰ অন্তত সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে।

অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহৰ বাতৰিক অযুক্তিকৰ আৰু মিছা আখ্যা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ।তেওঁলোকে জানিবলৈ দিয়া মতে একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে ভুৱা বাতৰি।
শেহতীয়াকৈ প্ৰকাশ হোৱা কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা, Assam Policeক টেগ কৰি CMO ASSAMৰ স্পষ্টীকৰণৰ পোষ্ট।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে পোষ্ট কৰে যে-ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই।
অসমক এনে কাৰ্যকলাপৰ সৈতে যুক্ত কৰি প্ৰকাশিত কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা।