দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰে । এয়া আছিল ‘মন কি বাত’ৰ বছৰৰ প্ৰথমটো আৰু এই ৰেডিঅ’ অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ড । প্ৰকৃততে ‘মন কি বাত’ অনুষ্ঠানটো মাহৰ শেষৰ দেওবাৰে সম্প্ৰচাৰিত হয়, কিন্তু এইবাৰ শেষৰ দেওবাৰে ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস, গতিকে আজি অৰ্থাৎ ১৯ জানুৱাৰীত এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে ।
প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কি বাত’ৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়-
-‘মন কি বাত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই এইবাৰৰ ‘গণৰাজ্য দিৱস’ অতি বিশেষ বুলি কয় । তেওঁ কয় যে, এইবাৰ দেশে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিব । এই বছৰ সংবিধান বলবৎ হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল । আমাক পবিত্ৰ সংবিধান প্ৰদান কৰা সংবিধান সভাৰ সকলো মহান ব্যক্তিক প্ৰণাম জনাইছো ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহাকুম্ভ উদযাপন বৈচিত্ৰ্যত ঐক্যৰ উদযাপন । কুম্ভৰ পৰম্পৰাই ভাৰতক একেলগে বান্ধি ৰাখে । মহাকুম্ভত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে গংগাসাগৰ মেলাৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে গংগাসাগৰ মেলাই সম্প্ৰীতি আৰু ঐক্যৰ প্ৰসাৰ ঘটাই ।
-প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বাৰ্ষিকী সন্দৰ্ভতো আলোচনা কৰে । তেওঁ কয় যে প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি অতি আড়ম্বৰেৰে উদযাপন কৰা হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি ঐতিহ্য সংৰক্ষণ কৰিব লাগিব আৰু প্ৰেৰণা ল’ব লাগিব ।
-প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাতত লগতে কয় যে দেশখনে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন উচ্চতা লাভ কৰিছে । PIXXEL ব্যক্তিগত উপগ্ৰহ এটা ডাঙৰ কৃতিত্ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইছৰোক মহাকাশ ডকিঙৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনায় । তেওঁ কয় যে মহাকাশত ডকিং কৰা ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । এই দিনটো গুৰুত্বপূৰ্ণ কাৰণ এই দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল । আমাৰ সংবিধান নিৰ্মাতাসকলে আমাৰ নিৰ্বাচন আয়োগক আৰু গণতন্ত্ৰত জনসাধাৰণৰ অংশগ্ৰহণক সংবিধানত অতি গুৰুত্বপূৰ্ণ স্থান দিছে । নিৰ্বাচন আয়োগে আমাৰ ভোটদান প্ৰক্ৰিয়াক আধুনিকীকৰণ আৰু শক্তিশালী কৰি তুলিছে ।