মন কি বাতৰ ১৩২ সংখ্যক খণ্ডত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

তেওঁ মন কি বাতৰ জৰিয়তে ৰাইজক আবেদন জনাই কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দিয়াটো গুৰুত্বপূৰ্ণ

মন কি বাতৰ ১৩২ সংখ্যক খণ্ডত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ বাবে বিশ্বই ইতিমধ্যে বহু দীৰ্ঘম্যাদী সমস্যাৰ সন্মুখীন হৈছে । আশা কৰা হৈছিল যে মহামাৰীৰ পিছত বিশ্বৰ পৰিস্থিতি উন্নত হ’ব আৰু বিশ্বই দ্ৰুত বিকাশৰ পথত আগবাঢ়ি যাব ।

তেওঁ কয় যে ইয়াৰ বিপৰীতে বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সংঘাত তীব্ৰতৰ হৈ আহিছে । তেওঁ বিশেষভাৱে বিগত এমাহ ধৰি চুবুৰীয়া অঞ্চলটোত চলি থকা তীব্ৰ যুদ্ধৰ কথা উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে লাখ লাখ ভাৰতীয় পৰিয়াল আৰু আত্মীয়-স্বজন এই অঞ্চলসমূহত বাস কৰে, বিশেষকৈ উপসাগৰীয় দেশসমূহত কৰ্মৰত লোকসকল । তেওঁ উপসাগৰীয় দেশসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁলোকে তাত বসবাস কৰা এক কোটিৰো অধিক ভাৰতীয়ক সহায় কৰি আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান যুদ্ধ চলি থকা অঞ্চলটো ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ এক প্ৰধান কেন্দ্ৰ । ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ বিশ্বব্যাপী সংকটৰ সৃষ্টি হৈছে । তেওঁ কয় যে ভাৰতৰ বিশ্বব্যাপী সংযোগ আৰু বিগত দশকত গঢ় লৈ উঠা শক্তিৰ বাবে ভাৰতে শক্তিৰে এই পৰিস্থিতিৰ সন্মুখীন হৈছে ।

দেশবাসীলৈ আহ্বান-

এই সময়ক প্ৰত্যাহ্বানমূলক আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সংকট দূৰ কৰিবলৈ সকলো নাগৰিক একত্ৰিত হ’ব লাগিব । তেওঁ “মন কি বাত“ৰ জৰিয়তে ৰাইজক আবেদন জনাই কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দিয়াটো গুৰুত্বপূৰ্ণ ।

ৰাজনীতি আৰু উৰাবাতৰিক লৈ সতৰ্কবাণী-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিষয়টোক ৰাজনীতিকৰণ কৰা উচিত নহয়, কিয়নো ই ১৪০ কোটি নাগৰিকৰ স্বাৰ্থ । তেওঁ কয় যে উৰাবাতৰি প্ৰচাৰ কৰা সকলে দেশৰ ক্ষতি কৰিছে আৰু জনসাধাৰণ সজাগ হোৱাটো প্ৰয়োজন । তেওঁ নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু কোনো ধৰণৰ উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আহ্বান জনায় ।

তেওঁ আস্থা প্ৰকাশ কৰে যে দেশখনে যেনেকৈ ১৪ কোটি নাগৰিকৰ শক্তিৰে বিগত সময়ত বৃহৎ সংকটৰ সন্মুখীন হৈছে, এইবাৰো দেশখন একত্ৰিত হৈ এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব । তেওঁ কয় যে ভাৰতৰ প্ৰকৃত শক্তি ইয়াৰ লাখ লাখ নাগৰিকৰ মাজত নিহিত হৈ আছে ।

লগতে পঢ়ক : ছৌদিৰ ক্ৰাউন প্ৰিন্সৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, বিদ্যুৎ কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা

আমি সন্ত্ৰাসবাদৰ নিঃশেষ কৰিবই লাগিব… ‘মন কি বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

মন কি বাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১২২ সংখ্যক খণ্ডত সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱা দেশবাসীক প্ৰশংসা কৰে । তেওঁ আৰু কয় যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব সেয়া আমাৰ সংকল্প ।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত, ক্ষোভেৰে ভৰা আৰু দৃঢ়প্ৰতিজ্ঞ । আজি প্ৰতিজন ভাৰতীয়ৰ সংকল্প আছে যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাবই লাগিব । বন্ধুসকল, ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আমাৰ বাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে । যি বিশুদ্ধতা, যি সঠিকতাৰে আমাৰ বাহিনীয়ে সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰিছে সেয়া আচৰিত ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “‘অপাৰেচন সিন্দুৰ’এ সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে । ‘অপাৰেচন সিন্দুৰ’ কেৱল সামৰিক অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তনশীল ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশখনকে দেশপ্ৰেমমূলক অনুভূতিৰে ভৰাই তুলিছে ।”

ত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

‘মন কি বাত’তত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকে নিশ্চয় দেখিছে যে দেশৰ বহু চহৰ, গাঁও আৰু সৰু চহৰত ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হৈছিল । হাতত ত্ৰিৰংগা লৈ হাজাৰ হাজাৰ লোক ওলাই আহি দেশৰ সেনাবাহিনীক প্ৰণাম, অভিনন্দন জনাইছিল । বহু চহৰত বৃহৎ সংখ্যক যুৱক-যুৱতী একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হ’ল আৰু আমি দেখিলোঁ যে চণ্ডীগড়ৰ ভিডিঅ’বোৰ ভাইৰেল হৈ পৰিল । ছ’চিয়েল মিডিয়াত কবিতা লিখা হৈছিল, সংকল্প গীত গোৱা হৈছিল । সৰু ল’ৰা-ছোৱালীয়ে এনেকুৱা ছবি আঁকিছিল য’ত ডাঙৰ ডাঙৰ বাৰ্তা লুকুই আছিল ।”

‘অপাৰেচন সিন্দুৰ’এ মানুহক গভীৰভাৱে প্ৰভাৱিত কৰিছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে বিকানেৰ ভ্ৰমণৰ সময়ত শিশুৰ সৈতে হোৱা সাক্ষাৎৰ কথাও উল্লেখ কৰে । তেওঁ কয়, “মই মাত্ৰ তিনিদিন পূৰ্বে বিকানেৰলৈ গৈছিলো । তাত শিশুসকলে মোক উপহাৰ দিছিল একেধৰণৰ এখন ছবি । ‘অপাৰেচন সিন্দুৰ’এ দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে । বিহাৰৰ কাটিহাৰ, উত্তৰ প্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ছোৱাত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।”

লগতে পঢ়ক : ‘কোনো লক্ষ্য অসম্ভৱ নহয়…’ নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

ইছৰো, মহিলাৰ শক্তিৰ পৰা এআইলৈ; প্ৰধানমন্ত্ৰীৰ মন কি বাটত গুৰুত্বপূৰ্ণ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। আজি’মন কি বাত’ৰ ১১৯ তম খণ্ড সম্প্ৰচাৰ কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীয়ে এই মাহেকীয়া ৰেডিঅ’ অনুষ্ঠানৰ জৰিয়তে দেশৰ বাবে বিভিন্ন বিষয় আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁৰ মতামত ভাগ বতৰা কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে ইছৰোৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁৰ ভাষণ আৰম্ভ কৰিছিল। তেওঁ কৈছিল যে যোৱা মাহত দেশখনে ইছৰোৰ ১০০ তম উৎক্ষেপণৰ সাক্ষী আছিল।

তেওঁ কৈছিল যে ইছৰোৰ সফলতাৰ পৰিসৰ যথেষ্ট ডাঙৰ আছিল। কেৱল যোৱা ১০ বছৰত, প্ৰায় ৪৬০ টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে, যাৰ ভিতৰত আছে আন দেশৰ বহুতো উপগ্ৰহ।

শেহতীয়া বছৰবোৰত, মহাকাশ বিজ্ঞানত আমাৰ দলত মহিলা শক্তিৰ অংশগ্ৰহণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

‘মন কি বাত’ কাৰ্যসূচীৰ ১১৯ সংখ্যক সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আহিবলগীয়া কেইদিনমানৰ ভিতৰত আমি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদযাপন কৰিবলৈ গৈ আছো।

আমাৰ সন্তান, আমাৰ যুৱপ্ৰজন্মৰ বাবে বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু আবেগ থকাটো অতি গুৰুত্বপূৰ্ণ।এই সন্দৰ্ভত মোৰ এটা ধাৰণা আছে, যাক আপুনি ‘এজন বিজ্ঞানী হিচাপে এটা দিন’ বুলি ক’ব পাৰে, অৰ্থাৎ, এজন বিজ্ঞানী হিচাপে এটা দিন অতিবাহিত কৰিবলৈ চেষ্টা কৰক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “শেহতীয়াকৈ মই এআইৰ এখন গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পেৰিছলৈ গৈছিলো। তাত বিশ্বই এই ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে।”আমাৰ দেশৰ মানুহে আজি কেনেদৰে বিভিন্ন ধৰণে এআই ব্যৱহাৰ কৰি আছে তাৰ উদাহৰণো আমি দেখিছোঁ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এইবাৰ মহিলা দিৱসত মই আমাৰ মহিলা শক্তিৰ প্ৰতি সমৰ্পিত এক অভিযান আৰম্ভ কৰিবলৈ গৈ আছো।

এই বিশেষ অনুষ্ঠানত, মই মোৰ সামাজিক মাধ্যমৰ একাউণ্টটো এদিনৰ বাবে তেওঁলোকক হস্তান্তৰ কৰিম।বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে, আৰু ৮ মাৰ্চত তেওঁলোকে নিজৰ কাম আৰু অভিজ্ঞতা দেশৰ নাগৰিকসকলৰ সৈতে ভাগ বতৰা কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত…কি কি প্ৰসংগই পালে স্থান

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰে । এয়া আছিল ‘মন কি বাত’ৰ বছৰৰ প্ৰথমটো আৰু এই ৰেডিঅ’ অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ড । প্ৰকৃততে ‘মন কি বাত’ অনুষ্ঠানটো মাহৰ শেষৰ দেওবাৰে সম্প্ৰচাৰিত হয়, কিন্তু এইবাৰ শেষৰ দেওবাৰে ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস, গতিকে আজি অৰ্থাৎ ১৯ জানুৱাৰীত এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কি বাত’ৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়-

-‘মন কি বাত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই এইবাৰৰ ‘গণৰাজ্য দিৱস’ অতি বিশেষ বুলি কয় । তেওঁ কয় যে, এইবাৰ দেশে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিব । এই বছৰ সংবিধান বলবৎ হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল । আমাক পবিত্ৰ সংবিধান প্ৰদান কৰা সংবিধান সভাৰ সকলো মহান ব্যক্তিক প্ৰণাম জনাইছো ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহাকুম্ভ উদযাপন বৈচিত্ৰ্যত ঐক্যৰ উদযাপন । কুম্ভৰ পৰম্পৰাই ভাৰতক একেলগে বান্ধি ৰাখে । মহাকুম্ভত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে গংগাসাগৰ মেলাৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে গংগাসাগৰ মেলাই সম্প্ৰীতি আৰু ঐক্যৰ প্ৰসাৰ ঘটাই ।

-প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বাৰ্ষিকী সন্দৰ্ভতো আলোচনা কৰে । তেওঁ কয় যে প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি অতি আড়ম্বৰেৰে উদযাপন কৰা হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি ঐতিহ্য সংৰক্ষণ কৰিব লাগিব আৰু প্ৰেৰণা ল’ব লাগিব ।

-প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাতত লগতে কয় যে দেশখনে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন উচ্চতা লাভ কৰিছে । PIXXEL ব্যক্তিগত উপগ্ৰহ এটা ডাঙৰ কৃতিত্ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইছৰোক মহাকাশ ডকিঙৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনায় । তেওঁ কয় যে মহাকাশত ডকিং কৰা ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । এই দিনটো গুৰুত্বপূৰ্ণ কাৰণ এই দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল । আমাৰ সংবিধান নিৰ্মাতাসকলে আমাৰ নিৰ্বাচন আয়োগক আৰু গণতন্ত্ৰত জনসাধাৰণৰ অংশগ্ৰহণক সংবিধানত অতি গুৰুত্বপূৰ্ণ স্থান দিছে । নিৰ্বাচন আয়োগে আমাৰ ভোটদান প্ৰক্ৰিয়াক আধুনিকীকৰণ আৰু শক্তিশালী কৰি তুলিছে ।

বছৰৰ শেষৰটো ‘মন কি বাত’, প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক জনালে এই আহ্বান…

মন কি বাতৰ ১১৭ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক তেওঁৰ চৰকাৰৰ পথ প্ৰদৰ্শক শক্তি বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আগন্তুক জানুৱাৰীত ভাৰতীয় সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব, এই বৃহৎ অনুষ্ঠানটোক সন্মান জনাই চৰকাৰে দেশজোৰা অভিযান আৰম্ভ কৰিছে, নাগৰিকসকলক সংবিধানৰ প্ৰস্তাৱনা পঢ়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সংবিধানৰ উত্তৰাধিকাৰৰ সৈতে দেশৰ নাগৰিকক সংযোগ কৰিবলৈ এটা বিশেষ ৱেবছাইট http://Constitution75.com প্ৰস্তুত কৰা হৈছে । আপুনি ইয়াত নিজ নিজ ভাষাত সংবিধান পঢ়িব পাৰে আৰু ইয়াৰ লগত জড়িত প্ৰশ্ন সুধিব পাৰে ।‘ ইফালে ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া মহাকুম্ভ অনুষ্ঠান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কুম্ভৰ সৈতে জড়িত তথ্য লাভ কৰিব পৰাকৈ ব্যৱহাৰকাৰীৰ বাবে ১১টা ভাৰতীয় ভাষাত এ আই চেটব’ট উপলব্ধ ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কয়, ‘ডিজিটেল নেভিগেচনৰ সহায়ত আপুনি ২০২৫ চনৰ মহাকুম্ভত সাধুসকলৰ বিভিন্ন ঘাট, মন্দিৰ আৰু আখাড়াত উপনীত হ’ব পাৰিব । একেটা নেভিগেচন ব্যৱস্থাই আপোনাক পাৰ্কিং স্থানত উপনীত হোৱাতো সহায় কৰিব । ‘মহাকুম্ভ’ক ঐক্যৰ মহাকুম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভক্তসকলক সমাজৰ পৰা ঘৃণা আৰু বিভাজন দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে ইয়াত যোগদান কৰিবলৈ আহ্বান জনায় । ছবিৰ জৰিয়তে ভাৰতৰ শক্তিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া WAVES সন্মিলন ভাৰতক বিশ্বব্যাপী বিষয়বস্তু সৃষ্টিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যেতিয়া আমি ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশে আগবাঢ়িছো, আমাৰ সৃষ্টিশীল অৰ্থনীতিয়ে এক নতুন শক্তি আনিছে । মই ভাৰতৰ মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগক ৱেভছ ছামিটৰ অংশ হ’বলৈ আহ্বান জনাম ।