নাইজেৰিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন গেছ ভৰ্তি টেংকাৰত হোৱা এক প্ৰচণ্ড বিস্ফোৰণত কেইবাজনো লোক নিহত হৈছে।
জানিব পৰা মতে শনিবাৰে পুৱতি নিশা নাইজাৰ প্ৰদেশৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়। কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন বাহনলৈ গেছ স্থানান্তৰ কৰাৰ চেষ্টা কৰি আছিল।
সেই সময়তে প্ৰচণ্ড শব্দ কৰি জ্বলি উঠিল টেংকাৰখন। বিস্ফোৰণটোস ইমানেই ভয়ংকৰ আছিল যে কেইবা মিটাৰ উচ্চতালৈ উঠিছিল জুই।সমগ্ৰ অঞ্চলৰ আকাশ ক’লা ধোঁৱাই আৱৰি ধৰিছিল।
বিস্ফোৰণটোত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে। সন্দেহ কৰা হৈছে যে গেছ স্থানান্তৰৰ সময়ত লিকেজ হোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।