অভিনেতা ছেইফ আলী খানক বান্দ্ৰাস্থিত তেওঁৰ ঘৰতে চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ । জানিব পৰা মতে তেওঁৰ ঘৰত প্ৰৱেশ কৰা এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰে । ঘটনাৰ পিছতে ছেইফক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তথ্য অনুসৰি গভীৰ নিশা ছেইফৰ ঘৰত এজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰিছিল । তেওঁ অভিনেতাজনক ছুৰীৰে আক্ৰমণ কৰে । এই আক্ৰমণত আহত হয় ছেইফ আলী খান । বৰ্তমান তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
আৰক্ষীৰ তথ্য অনুসৰি বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত চোৰ সোমাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে তেওঁক । মুম্বাইৰ এখন চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে অভিনেতাজন ।
বান্দ্ৰা ডি চি পিয়ে কয়, নিশা ২.৩০ বজাত এজন অচিনাকি ব্যক্তিয়ে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল । এই সময়তে চোৰে ছেইফ আলী খানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াৰ পিছতে তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি ডি চি পিয়ে জানিবলৈ দিয়ে । অৱশ্যে এই আঘাত ইমান গুৰুতৰ নহয় । লগতে এই ঘটনাত তেওঁ ছুৰীৰে আঘাত কৰাৰ ফলত নে হতাহতিত আহত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।