CEO মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰিলে মেটাই । জুকাৰবাৰ্গে যোৱা বছৰ অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ বিষয়ে এটা ব্যক্তিগত চেনেলৰ সৈতে কৰা পডকাষ্টত ভুল তথ্য দিছিল।
এই সন্দৰ্ভত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল।
অৱশেষত মেটাই মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে।ইয়াক ‘অনিচ্ছাকৃত ভুল’ বুলি অভিহিত কৰিছে মেটাই।

অশ্বিনী বৈষ্ণৱৰ পোষ্টত মেটা ইণ্ডিয়াৰ মুৰব্বী শিৱনাথ থুকৰালে ক্ষমা বিচাৰি কয় যে “মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্য সেই সকলো শাসকীয় দলৰ বাবে আছিল, যি ২০২৪ চনত পুনৰ ক্ষমতালৈ ঘূৰি অহা নাছিল।এইটো ভাৰতৰ বাবে নাছিল।
এই অনিচ্ছাকৃত ভুলৰ বাবে আমি ক্ষমা বিচাৰোঁ। মেটাৰ বাবে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ দেশ আৰু আমি ইয়াৰ উদ্ভাৱনী ভৱিষ্যতৰ কেন্দ্ৰত থাকিব বিচাৰো”।
দৰাচলতে এটা পডকাষ্টত মাৰ্ক জুকাৰবাৰ্গে মন্তব্য কৰিছিল যে বৰ্তমানৰ মোডী চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ ত পৰাজিত হৈছিল কাৰণ তেওঁলোকৰ কভিড-১৯ ৰ সময়ত দুৰ্বল ব্যৱস্থাপনা আছিল।
এই মন্তব্যৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতিক্ৰিয়াৰ পিছত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।
অশ্বিনী বৈষ্ণৱে মাৰ্ক জুকাৰবাৰ্গক ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ফেচবুক দুয়োটাতে টেগ কৰিছিল। এই পডকাষ্টত, জুকাৰবাৰ্গে কৰোনা যুগৰ পৰিচালনাক ভাৰত চৰকাৰৰ লগতে বিশ্বৰ অন্যান্য দেশৰ নিৰ্বাচনত পৰাজিত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ টুইটত কয় যে কোভিডৰ সময়ত চৰকাৰে ৮০০ নিযুত লোকক বিনামূলীয়া ৰেচন আৰু ২.২ বিলিয়ন বিনামূলীয়া ভেকছিন দিয়াৰ বাবে কাম কৰিছিল, যিটো বিশ্বৰ বাবে এক উদাহৰণ।
এইকাৰণেই কোভিডৰ দৰে মহামাৰীৰ পাছতো ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি, যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে।