ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

অসমৰ ৰে’ল সংযোগ ব্যৱস্থা সুদৃঢ় কৰা আৰু আন্তঃগাঁথনিমূলক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শনিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই বৈঠকত সমগ্ৰ অসমতে ৰে’ল যাতায়াত ব্যৱস্থাৰ সংযোগ বৃদ্ধি কৰা আৰু যাত্ৰীসকলৰ সা-সুবিধাসমূহ উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।

সামাজিক মাধ্যম এক্স (X)-ত এই বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীক উচ্চ প্ৰশংসা কৰে । তেওঁ কয় যে, “আমাৰ বিদগ্ধ আৰু অতি জ্ঞানপ্ৰদ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক সাক্ষাৎ কৰাটো সদায় এক আনন্দৰ বিষয় ।”

অসমত চলি আছে বৃহৎ ৰে’ল প্ৰকল্পৰ কাম-

বৈঠকত দুয়োগৰাকী নেতাই অসমৰ ৰে’ল নেটৱৰ্কৰ চলি থকা অভূতপূৰ্ব পৰিৱৰ্তনৰ খতিয়ান পৰ্যালোচনা কৰে । বৰ্তমান ৰাজ্যখনত চলি থকা মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে :

-১৩০০ কিলোমিটাতকৈও অধিক ৰে’ল পথৰ সম্প্ৰসাৰণ আৰু ডবলিং কাৰ্যসূচী ।

-‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অধীনত ৰাজ্যৰ ৫০টাতকৈও অধিক ৰে’লৱে ষ্টেচনৰ বিশ্বমানৰ পুনৰ উন্নয়ন ।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পোষ্টত উল্লেখ কৰে, “আমি অসমত সামগ্ৰিক ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰোঁ, যাৰ ভিতৰত চলি থকা ১৩০০+ কিলোমিটাৰ ৰে’ল পথৰ সম্প্ৰসাৰণ আৰু ৫০+ অমৃত ভাৰত ষ্টেচনৰ কাম অন্তৰ্ভুক্ত আছে ।”

অৰ্থনৈতিক বিকাশ আৰু উত্তৰ-পূবৰ উন্নয়ন

এই আলোচনাসমূহ অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৰে’ল সংযোগ সুদৃঢ় কৰা, পৰিবহন আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা আৰু অৰ্থনৈতিক বৃদ্ধিত সহায় কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰয়াসৰ অংশ আছিল । চলি থকা এই প্ৰকল্পসমূহে সাধাৰণ যাত্ৰীসকলৰ সুবিধা বৃদ্ধি কৰাৰ লগতে মালবাহী বাহনৰ চলাচল অধিক দ্ৰুত কৰিব । ইয়াৰ ফলত আঞ্চলিক ব্যৱসায়-বাণিজ্যই এক গুৰুত্বপূৰ্ণ গতি লাভ কৰিব আৰু অসমক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে আৰু অধিক দৃঢ়ভাৱে সংলগ্ন কৰা হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ-

ৰে’ল মন্ত্ৰীৰ উপৰিও শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এই বৈঠকৰ এক ছবি শ্বেয়াৰ কৰি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে যে, “অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa-ই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে ।” বৈঠকত ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক দিশৰ সন্দৰ্ভত চৰ্চা হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশে কেতিয়া লাভ কৰিব প্ৰথমখন বুলেট ট্ৰেইন ? ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনালে তাৰিখ

দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আটাইতকৈ ডাঙৰ প্ৰকল্প, দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে । দেশে কেতিয়া বুলেট ৰে’ল লাভ কৰিব সেই সন্দৰ্ভত ৰে’ল মন্ত্ৰীগৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে ।

১ জানুৱাৰী দিনাই ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ ১৫ আগষ্টত দেশে প্ৰথমখন বুলেট ট্ৰেইন লাভ কৰিব । তেওঁ কয়, “বুলেট ট্ৰেইনৰ টিকট কিনি লওক । অহা বছৰ বুলেট ট্ৰেইনো আহিব ।”

২০২৫ চনৰ ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাটৰ নিৰ্মাণাধীন বুলেট ৰেল ষ্টেচন পৰিদৰ্শন কৰিছিল । এই ভ্ৰমণৰ সময়ত তেওঁ মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেল কৰিডৰৰ পৰ্যালোচনা কৰে । লগতে বুলেট ট্ৰেইন ষ্টেচন নিৰ্মাণৰ লগত জড়িত কৰ্মীসকলকো সাক্ষাৎ কৰে ।

তেওঁ কৰ্মচাৰীসকলক কয় যে বুলেট ৰে’ল আমাৰ পৰিচয় । এই কৃতিত্ব আমাৰ, আপোনাৰ আৰু চৰকাৰৰ । প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীসকলে সন্মুখীন হোৱা কোনো অসুবিধা আৰু নিৰ্ধাৰিত সময়মতে নিৰ্মাণৰ কাম আগবাঢ়িছে নাই সেয়াও প্ৰশ্ন কৰে ।

বুলেট ৰে’লৰ বাবে নিৰ্মাণ কৰা মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰ প্ৰায় ৫০৮ কিলোমিটাৰ দীঘল । ইয়াৰ ভিতৰত গুজৰাট আৰু দাদৰা আৰু নগৰ হাভেলীৰ ৩৫২ কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰৰ ১৫৬ কিলোমিটাৰ আছে ।

এই কৰিডৰে সবৰমতী, আহমেদাবাদ, আনন্দ, বদোদৰা, ভাৰুচ, চুৰাট, বিলিমোৰা, ভাপি, বয়ছাৰ, বিৰাৰ, থানে আৰু মুম্বাইকে ধৰি প্ৰধান চহৰসমূহক সংযোগ কৰিব ।

বুলেট ৰে’ল কৰিডৰ ৮৫ শতাংশ দলঙৰ ওপৰত কৰা হৈছে । এই পৰ্যন্ত ৩২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে । ইতিমধ্যে ২৫খন দলঙৰ ভিতৰত ১৭খন দলং নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : দেশবাসীলৈ নৱবৰ্ষৰ উপহাৰ… গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’ল

ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজত নাথাকিব কোনো ধৰণৰ জৰিমনা; কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।ৰে’ল সেৱাত বিমান যাত্ৰীৰ দৰে অতিৰিক্ত লাগেজৰ বাবে অধিক ভাড়া লোৱাৰ খবৰ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তেওঁ স্পষ্টকৈ কৈছিল যে দশক দশক ধৰি এজন যাত্ৰীয়ে লগত কিমান ওজন লাগেজ কঢ়িয়াব পাৰে সেই সম্পৰ্কে এটা নিয়ম আছে,কোনো নতুন নিয়ম প্ৰণয়ন কৰা হোৱা নাই।তেওঁ কয় যে ইয়াৰ অৰ্থ এইটো নহয় যে লাগেজৰ ওজন বেছি হ’লে অধিক ভাড়া লোৱা হয়।

ইয়াৰ পূৰ্বে খবৰ আহিছিল যে ভাৰতীয় ৰে’লৱে এতিয়া বিমান যাত্ৰাৰ দৰে লাগেজ সম্পৰ্কীয় নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে, ইয়াৰ অধীনত যাত্ৰাৰ সময়ত অধিক লাগেজ কঢ়িয়াই নিলে লাগেজ অনুসৰি অতিৰিক্ত ভাড়া লোৱা হ’ব।

এই নিয়ম ইতিমধ্যে আছে, কিন্তু এতিয়া ইয়াক সম্পূৰ্ণ কঠোৰতাৰে কাৰ্যকৰী কৰা হ’ব।এই নিয়মৰ অধীনত যাত্ৰাৰ সময়ত নিৰ্ধাৰিত ওজনলৈকে লাগেজ বিনামূলীয়াকৈ কঢ়িয়াই নিব পাৰিব,কিন্তু তাতকৈ বেছি লাগেজ কঢ়িয়াই নিলে অতিৰিক্ত ভাড়া দিব লাগিব।

প্ৰতিবেদনত কোৱা হৈছে যে এই নিয়ম অনুসৰি ভ্ৰমণৰ বিভিন্ন বগী শ্ৰেণী অনুসৰি কোনো অতিৰিক্ত ভাড়া নোহোৱাকৈ লাগেজ কঢ়িয়াই নিয়াৰ অনুমতি দিয়া হৈছে।

উদাহৰণস্বৰূপে, প্ৰথম শ্ৰেণীৰ এচি ডবাত যাত্ৰা কৰাসকলে ৭০ কিলোগ্ৰাম পৰ্যন্ত লাগেজ কঢ়িয়াই নিব পাৰিব।এই সীমা এচি দ্বিতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে ৫০ কেজি আৰু তৃতীয় এচি আৰু শ্লীপাৰ শ্ৰেণীৰ যাত্ৰীৰ বাবে ৪০ কেজি পৰ্যন্ত হ’ব।

একেদৰে সাধাৰণ টিকটত যাত্ৰা কৰা যাত্ৰীসকলে মাত্ৰ ৩৫ কেজিৰ লাগেজহে লগত কঢ়িয়াই নিব পাৰিব।অৱশ্যে এতিয়া এই খবৰসমূহ পোনপটীয়াকৈ অস্বীকাৰ কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

লগতে পঢ়ক: আই চি চি এদিনীয়া ৰেংকিং প্ৰকাশ… শীৰ্ষ ১০ত কেৱল দুজন ভাৰতীয়

মেড ইন ইণ্ডিয়া চিপৰ পৰা 6Gলৈ,সম্পূৰ্ণৰূপে সলনি হ’ব প্ৰযুক্তি খণ্ড; প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা

মেড ইন ইণ্ডিয়া চিপৰ পৰা 6Gলৈ…

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে উন্নত ভাৰতৰ সংকল্প পুনৰাবৃত্তি কৰাৰ লগতে প্ৰযুক্তি খণ্ডত স্বাৱলম্বী হোৱাৰ সন্দৰ্ভত কেইবাটাও ঘোষণা কৰিছে।

মেড ইন ইণ্ডিয়া ছেমিকণ্ডাক্টৰ চিপৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তি 6G লৈকে ভাৰতত নিৰ্মাণ কৰা হ’ব।শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত চাৰিটা নতুন অৰ্ধপৰিবাহী প্ৰকল্পতো অনুমোদন জনোৱা হৈছে, যাৰ ব্যয় ৪৫৯৪ কোটি টকা পৰ্যন্ত।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ৪টা প্ৰকল্পৰ ভিতৰত দুটা প্ৰকল্প ওড়িশাত, এটা পঞ্জাৱত আৰু এটা অন্ধ্ৰপ্ৰদেশত স্থাপন কৰা হ’ব।

লালকিল্লাৰ ঐতিহাসিক প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মিছন মোডত 6G প্ৰযুক্তি বিকশিত কৰা হৈছে।একে সময়তে গেমিং খণ্ডও দ্ৰুতগতিত বৃদ্ধি পাইছে, এই বিদেশী গেমিং কোম্পানীসমূহৰ অধিকাংশই লাভৱান হৈছে।

ভাৰতৰ এক বিশাল ঐতিহ্য আছে আৰু আমি গেমিং জগতলৈ নতুন প্ৰতিভা আনিব পাৰো।আমাৰ দেশত নিৰ্মিত খেলৰ প্ৰতি আমি সমগ্ৰ বিশ্বৰ শিশুসকলক আকৰ্ষণ কৰিব পাৰো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতী, শিশু আৰু আই টি পেছাদাৰীসকলৰ লগতে ভাৰতৰ AI পেছাদাৰীসকলেও গেমিংৰ জগতখনত শাসন কৰাটো বিচাৰে।

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে বছৰৰ শেষৰ ফালে ভাৰতত নিৰ্মিত চিপছ উপলব্ধ হ’ব।এই চিপসমূহ নয়ডা আৰু বেংগালুৰুৰ ডিজাইন ফেচিলিটিত নিৰ্মাণ কৰা হ’ব।

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নয়ডা আৰু বেংগালুৰুত চিপ ডিজাইনৰ সুবিধা উদ্বোধন কৰিছে।এই দুয়োটা অত্যাধুনিক ডিজাইন সুবিধাই আধুনিক ৩ নেন’মিটাৰ আৰ্কিটেকচাৰৰ সৈতে চিপ ডিজাইন কৰিব।

ভাৰতৰ প্ৰথমটো ডিজাইন চেণ্টাৰত অত্যাধুনিক ৩ এন এম চিপ নিৰ্মাণ কৰা হ’ব।বিশ্বৰ অৰ্ধপৰিবাহী উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া এক ডাঙৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

ইয়াৰ পূৰ্বে ভাৰতত 7nm আৰু 5nm চিপ ডিজাইন কৰা হৈছিল।3nm চিপৰ সহায়ত ভাৰতে সেই দেশসমূহৰ তালিকাত যোগদান কৰিব,শেহতীয়া প্ৰযুক্তিৰে অৰ্ধপৰিবাহীৰ বাবে কোনে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব।

প্ৰধানমন্ত্ৰী মোডীৰ ৫টা ডাঙৰ ঘোষণা

মেড ইন ইণ্ডিয়া চিপছ– অৰ্ধপৰিবাহী খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতা

6G – পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত মিছন মোডত লাগি আছে

গেমিং– ভাৰতত গেমিং খণ্ডক উন্নীত কৰা

ডিজাইনিং– ভাৰতত ডিজাইন কৰা আৰু বিশ্বৰ বাবে ডিজাইন কৰা

AI– AI খণ্ডত ভাৰত বিশ্বৰ নেতা হিচাপে পৰিগণিত হয়

লগতে পঢ়ক: ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন

“এইটো এটা অনিচ্ছাকৃত ভূল আছিল”; মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে মেটাই

CEO মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰিলে মেটাই । জুকাৰবাৰ্গে যোৱা বছৰ অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ বিষয়ে এটা ব্যক্তিগত চেনেলৰ সৈতে কৰা পডকাষ্টত ভুল তথ্য দিছিল।

এই সন্দৰ্ভত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল।

অৱশেষত মেটাই মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে।ইয়াক ‘অনিচ্ছাকৃত ভুল’ বুলি অভিহিত কৰিছে মেটাই।

অশ্বিনী বৈষ্ণৱৰ পোষ্টত মেটা ইণ্ডিয়াৰ মুৰব্বী শিৱনাথ থুকৰালে ক্ষমা বিচাৰি কয় যে “মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্য সেই সকলো শাসকীয় দলৰ বাবে আছিল, যি ২০২৪ চনত পুনৰ ক্ষমতালৈ ঘূৰি অহা নাছিল।এইটো ভাৰতৰ বাবে নাছিল।

এই অনিচ্ছাকৃত ভুলৰ বাবে আমি ক্ষমা বিচাৰোঁ। মেটাৰ বাবে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ দেশ আৰু আমি ইয়াৰ উদ্ভাৱনী ভৱিষ্যতৰ কেন্দ্ৰত থাকিব বিচাৰো”।

দৰাচলতে এটা পডকাষ্টত মাৰ্ক জুকাৰবাৰ্গে মন্তব্য কৰিছিল যে বৰ্তমানৰ মোডী চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ ত পৰাজিত হৈছিল কাৰণ তেওঁলোকৰ কভিড-১৯ ৰ সময়ত দুৰ্বল ব্যৱস্থাপনা আছিল।

এই মন্তব্যৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতিক্ৰিয়াৰ পিছত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।

অশ্বিনী বৈষ্ণৱে মাৰ্ক জুকাৰবাৰ্গক ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ফেচবুক দুয়োটাতে টেগ কৰিছিল। এই পডকাষ্টত, জুকাৰবাৰ্গে কৰোনা যুগৰ পৰিচালনাক ভাৰত চৰকাৰৰ লগতে বিশ্বৰ অন্যান্য দেশৰ নিৰ্বাচনত পৰাজিত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ টুইটত কয় যে কোভিডৰ সময়ত চৰকাৰে ৮০০ নিযুত লোকক বিনামূলীয়া ৰেচন আৰু ২.২ বিলিয়ন বিনামূলীয়া ভেকছিন দিয়াৰ বাবে কাম কৰিছিল, যিটো বিশ্বৰ বাবে এক উদাহৰণ।

এইকাৰণেই কোভিডৰ দৰে মহামাৰীৰ পাছতো ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি, যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে।