নতুন বছৰৰ প্ৰথম দিনটোতে দেশবাসীয়ে লাভ কৰিছে এক ডাঙৰ উপহাৰ । শীঘ্ৰেই গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’ল…
নৱবৰ্ষৰ প্ৰথম দিনটোতে দেশবাসীয়ে লাভ কৰিছে এক ডাঙৰ উপহাৰ । বিশেষকৈ অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক উল্লেখযোগ্য উপহাৰ আবঢ়াইছে । শীঘ্ৰেই গুৱাহাটী আৰু কলকাতাৰ মাজত চলিব ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল । নৱবৰ্ষ উপলক্ষে ৰে’ল মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই উচ্চ প্ৰযুক্তিৰ ৰে’ল পথৰ কথা ঘোষণা কৰে । ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটী আৰু কলকাতাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন চলিব । বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন মুকলিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু পশ্চিম বংগ যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে । ইয়াৰ ফলত দুয়োটা অঞ্চলৰ মাজত ৰে’ল সংযোগ শক্তিশালী হ’ব আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰা সহজ আৰু আৰামদায়ক হৈ উঠিব । নিৰ্বাচনী দৃষ্টিকোণৰ পৰা এই ৰে’লখন পশ্চিমবংগ আৰু অসমৰ বাবে এক গুৰুত্বপূৰ্ণ উপহাৰ হিচাপেও বিবেচিত হৈছে ।
এই ৰে’লখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১৭ বা ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰে’লখনৰ ফ্লেগ অফ কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে ইয়া৪ৰ বাবে ৰেলৱেৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । ৰে’লখন মুকলিৰ তাৰিখ চূড়ান্ত হোৱাৰ লগে লগে আৰম্ভ হ’ব টিকট বুকিং । বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত হ’ব । যাত্ৰীৰ আৰাম আৰু সুবিধাৰ বিষয়ে ভালদৰে বিবেচনা কৰা হৈছে । সাধাৰণ যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি ৰে’লখন বৃদ্ধি কৰি অধিক থাৰ্ড-এচি ডবা অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত অধিক লোকে সুলভ ভাড়াত যাত্ৰা কৰিব পাৰিব ।
ৰে’ল মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনখনে শেহতীয়াকৈ চূড়ান্ত তীব্ৰবেগী পৰীক্ষা সফলতাৰে সমাপ্ত কৰিছে । এই পৰীক্ষাটো কোটা-নাগদা অংশত কৰা হৈছিল, য’ত ৰে’লখনে প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ বেগেৰে গতি কৰিছিল । এই তীব্ৰবেগী পৰীক্ষাটো ৰেলৱে সুৰক্ষা আয়ুক্তৰ তত্বাৱধানত কৰা হৈছিল । সফল পৰীক্ষাই এই ৰে’লখনৰ বাণিজ্যিক পৰিচালনাৰ পথ মুকলি কৰে ।
উল্লেখ্য যে, বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনত যাত্ৰীসকলৰ বাবে বিশেষ আঞ্চলিক আতিথ্যৰো ব্যৱস্থা কৰা হ’ব । গুৱাহাটীৰ পৰা যাত্ৰা কৰা ৰে’লত পৰম্পৰাগত অসমীয়া খাদ্য পৰিবেশন কৰা হ’ব । কলকাতাৰ পৰা যাত্ৰা কৰা ৰে’লত পশ্চিম বংগৰ পৰাম্পৰাগত খাদ্য পৰিৱেশন কৰা হ’ব । ৰে’লৱেৰ বিশ্বাস যে ইয়াৰ দ্বাৰা কেৱল আৰামদায়ক যাত্ৰাই নহয়, সাংস্কৃতিক অভিজ্ঞতাও নিশ্চিত হ’ব, যাৰ ফলত যাত্ৰীসকলে বাটত দুখন বিভিন্ন ৰাজ্যৰ আভাস পাব ।
এই ট্ৰেইনত ১৬টা ডবা থাকিব, য’ত বিভিন্ন শ্ৰেণীৰ কোচ থাকিব । ইয়াত ১১টা থাৰ্ড এচি, চাৰিটা ছেকেণ্ড এচি আৰু এটা ফাৰ্ষ্ট এচি কোচ থাকিব । একে সময়তে মুঠ ৮২৩ জন যাত্ৰীয়ে ৰে’লত যাত্ৰা কৰিব পাৰিব । এই অৰ্ধ-উচ্চবেগী ৰেলৰ গতিবেগ প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ । যাত্ৰীসকলৰ বাবে ইয়াত আৰামদায়ক আৰু কোমল বাৰ্থ থাকিব । ডবাৰ মাজত স্বয়ংক্ৰিয় দুৱাৰ আৰু ভেষ্টিবুল, উন্নত চাচপেনশ্যন আৰু শব্দৰ মাত্ৰা হ্ৰাসে অধিক আৰামদায়ক যাত্ৰা নিশ্চিত কৰিব ।
গুৱাহাটী-কলকাতা বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ আংশিক ভাড়াও পোহৰলৈ আহিছে । থাৰ্ড এচিৰ ভাড়া প্ৰায় ২,৩০০, ছেকেণ্ড এচিৰ ভাড়া প্ৰায় ৩,০০০ আৰু ফাৰ্ষ্ট এচিৰ ভাড়া প্ৰায় ৩,৬০০ হ’ব বুলি আশা কৰা হৈছে । ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰে’লৰ ভাড়া বিমান ভাড়াতকৈ যথেষ্ট কম । গুৱাহাটীৰ পৰা হাওৰালৈ বিমান ভাড়া সাধাৰণতে ৬,০০০ৰ পৰা ৮,০০০ৰ ভিতৰত হয় । সাধাৰণ মানুহৰ কথা মনত ৰাখি এই ভাড়া নিৰ্ধাৰণ কৰা হৈছে ।









