দেশে কেতিয়া লাভ কৰিব প্ৰথমখন বুলেট ট্ৰেইন ? ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনালে তাৰিখ

দেশে কেতিয়া লাভ কৰিব প্ৰথমখন বুলেট ট্ৰেইন ? ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনালে তাৰিখ

দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আটাইতকৈ ডাঙৰ প্ৰকল্প, দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা

দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আটাইতকৈ ডাঙৰ প্ৰকল্প, দেশৰ ৰে’ল ব্যৱস্থাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে ট্ৰেকত চলিব লগা বুলেট ট্ৰেইন মুকলিৰ কথা নৱবৰ্ষৰ প্ৰথমটো দিনতে ঘোষণা কৰা হৈছে । দেশে কেতিয়া বুলেট ৰে’ল লাভ কৰিব সেই সন্দৰ্ভত ৰে’ল মন্ত্ৰীগৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে ।

১ জানুৱাৰী দিনাই ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ ১৫ আগষ্টত দেশে প্ৰথমখন বুলেট ট্ৰেইন লাভ কৰিব । তেওঁ কয়, “বুলেট ট্ৰেইনৰ টিকট কিনি লওক । অহা বছৰ বুলেট ট্ৰেইনো আহিব ।”

২০২৫ চনৰ ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাটৰ নিৰ্মাণাধীন বুলেট ৰেল ষ্টেচন পৰিদৰ্শন কৰিছিল । এই ভ্ৰমণৰ সময়ত তেওঁ মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেল কৰিডৰৰ পৰ্যালোচনা কৰে । লগতে বুলেট ট্ৰেইন ষ্টেচন নিৰ্মাণৰ লগত জড়িত কৰ্মীসকলকো সাক্ষাৎ কৰে ।

তেওঁ কৰ্মচাৰীসকলক কয় যে বুলেট ৰে’ল আমাৰ পৰিচয় । এই কৃতিত্ব আমাৰ, আপোনাৰ আৰু চৰকাৰৰ । প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীসকলে সন্মুখীন হোৱা কোনো অসুবিধা আৰু নিৰ্ধাৰিত সময়মতে নিৰ্মাণৰ কাম আগবাঢ়িছে নাই সেয়াও প্ৰশ্ন কৰে ।

বুলেট ৰে’লৰ বাবে নিৰ্মাণ কৰা মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰ প্ৰায় ৫০৮ কিলোমিটাৰ দীঘল । ইয়াৰ ভিতৰত গুজৰাট আৰু দাদৰা আৰু নগৰ হাভেলীৰ ৩৫২ কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰৰ ১৫৬ কিলোমিটাৰ আছে ।

এই কৰিডৰে সবৰমতী, আহমেদাবাদ, আনন্দ, বদোদৰা, ভাৰুচ, চুৰাট, বিলিমোৰা, ভাপি, বয়ছাৰ, বিৰাৰ, থানে আৰু মুম্বাইকে ধৰি প্ৰধান চহৰসমূহক সংযোগ কৰিব ।

বুলেট ৰে’ল কৰিডৰ ৮৫ শতাংশ দলঙৰ ওপৰত কৰা হৈছে । এই পৰ্যন্ত ৩২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে । ইতিমধ্যে ২৫খন দলঙৰ ভিতৰত ১৭খন দলং নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : দেশবাসীলৈ নৱবৰ্ষৰ উপহাৰ… গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’ল

শেহতীয়া প্ৰৱন্ধসমূহ