দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লক মহাভিযোগৰ পিছত বুধবাৰে (১৫ জানুৱাৰী) আইন প্ৰয়োগকাৰী বিষয়াই গ্ৰেপ্তাৰ কৰে । দেশখনৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হৈছে যে এজন বৰ্তমানৰ ৰাষ্ট্ৰপতিক জিম্মাত লোৱা হৈছে । তেওঁৰ গ্ৰেপ্তাৰ দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক অভূতপূৰ্ব ঘটনা আৰু ই দেশখনৰ ৰাজনৈতিক দৃশ্যপটত গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।
ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু অন্যান্য অনিয়মকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছিল । সংসদত মহাভিযোগ প্রস্তাৱ গৃহীত হোৱাৰ পাছত আইন-শৃংখলা বাহিনীৰ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক জিম্মাত লোৱাৰ সিদ্ধান্ত লয় । এই পদক্ষেপে দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে ।
সামৰিক আইন জাপি দিয়াৰ চেষ্টা-
দক্ষিণ কোৰিয়াৰ মহাভিযোগ দাখিল হোৱা ৰাষ্ট্ৰপতি ইউন চুক ইয়লে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু সামৰিক আইন জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চোকা সমালোচনাৰ সন্মুখীন হৈছিল । মহাভিযোগৰ পিছত দেশখনত অস্থিৰতাৰ পৰিবেশ সৃষ্টি হৈছিল, যিটো এতিয়া তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে ।
নাটকীয় গ্ৰেপ্তাৰৰ ঘটনা-
বুধবাৰে পুৱা এহাজাৰৰো অধিক দুৰ্নীতি বিৰোধী তদন্তকাৰী আৰু আৰক্ষী বিষয়া ইউন চুক ইয়লৰ ঘৰত উপস্থিত হয় । এই সময়ছোৱাত তেওঁৰ ঘৰৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হৈছিল যাতে আইন প্ৰয়োগকাৰী বিষয়াসকলে ভিতৰলৈ সোমাব নোৱাৰে । অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক । এই ঘটনাক দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক নাটকীয় টাৰ্নিং পইণ্ট হিচাপে দেখা গৈছে ।
আন্তঃৰাষ্ট্ৰীয় সঁহাৰি আৰু ৰাজনৈতিক স্থিতিশীলতা-
ইউন চুক ইয়লক গ্ৰেপ্তাৰ কৰা ঘটনাই আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে । বহু দেশে এই ঘটনাক দক্ষিণ কোৰিয়াৰ গণতন্ত্ৰৰ পৰীক্ষা হিচাপে দেখিছে । এই গ্ৰেপ্তাৰৰ ফলত দেশৰ ৰাজনৈতিক স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন হৈছে, আৰু ভৱিষ্যতে ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ’ব ।