অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছত বি চি চি আই (বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া)লৈছে এটা ডাঙৰ সিদ্ধান্ত । এতিয়া ক্ৰিকেটাৰৰ পত্নীৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়া হৈছে । নতুন নিয়ম অনুসৰি যদি কোনো প্ৰতিযোগিতা ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বাবে হয়, তেন্তে পত্নীক খেলুৱৈগৰাকীৰ লগত মাত্ৰ ১৪ দিনৰ বাবেহে থাকিবলৈ দিয়া হ’ব আৰু যদি ভ্ৰমণ কম দিনৰ হয় তেন্তে সেয়া ৭ দিনৰ বাবে হ’ব পাৰে ।
নতুন নিয়ম অনুসৰি সমগ্ৰ প্ৰতিযোগিতাখনৰ সময়ছোৱাত পত্নীসকল খেলুৱৈৰ সৈতে থাকিব নোৱাৰিব । পত্নী মাত্ৰ ২ সপ্তাহ একেলগে থাকিব পাৰিব । লগতে সকলো খেলুৱৈ দলৰ বাছত যাত্ৰা কৰিব লাগিব ।
গৌতম গম্ভীৰৰ ব্যক্তিগত মেনেজাৰকো ভি আই পি বক্স বা টিম বাছত বহিবলৈ দিয়া নহ’ব । তেওঁ আন কোনো হোটেলত থাকিব লাগিব । যদি খেলুৱৈসকলৰ লাগেজ ১৫০ কিলোগ্ৰামতকৈ অধিক হয় তেন্তে বি চি চি আইয়ে খেলুৱৈসকলক অতিৰিক্ত লাগেজৰ চাৰ্জ নিদিয়ে ।
অলপতে বি চি চি আইয়ে অষ্ট্ৰেলিয়া ছিৰিজৰ পিছত ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । এই সময়ছোৱাত বি চি চি আইয়ে দলৰ সংমিশ্ৰণ সন্দৰ্ভত কোনো ধৰণৰ খৰখেদাকৈ প্ৰতিক্ৰিয়া নিদিবলৈ সিদ্ধান্ত লয় । বুজা গৈছে যে অহা ছয় সপ্তাহত চেম্পিয়নছ ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ এদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া হোৱাৰ বাবে তাৎক্ষণিক যিকোনো প্ৰতিক্ৰিয়াই দলটোৰ লগতে সহায়ক কৰ্মচাৰীৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব ।
অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ পিছত ভাৰতে প্ৰথমে টি-২০ আৰু তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব । ইয়াৰ পিছত দলটোৱে ফেব্ৰুৱাৰী মাহত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব ।
অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ শোচনীয় প্ৰদৰ্শন-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত পাঁচখনীয়া খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । ইয়াৰ বাবে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । এই কাৰণেই ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তিনিটা ছিজনত প্ৰথমবাৰৰ বাবে ডব্লিউ টি চি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ।
ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আত্মসমৰ্পণ কৰে । ইয়াৰ পূৰ্বে ঘৰুৱা খেলপথাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । এই দুটা বিপৰ্যয়ৰ বাবে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ পৰা বঞ্চিত হয় ।