বতাহৰ দিশৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে আমেৰিকাৰ চিন্তা ! লছ এঞ্জেলছত আৰু অধিক বিয়পি পৰিছে বনজুই...

বতাহৰ দিশৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে আমেৰিকাৰ চিন্তা ! লছ এঞ্জেলছত আৰু অধিক বিয়পি পৰিছে বনজুই…

কেলিফৰ্ণিয়াৰ বনজুইত এতিয়ালৈকে লছ এঞ্জেলছত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ হাজাৰৰো অধিক অট্টালিকা জ্বলি গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম কৰি আছে । যদিও ইটন আৰু পেলিছাডছৰ জুই নিয়ন্ত্ৰণত কিছু সফলতা লাভ কৰা হৈছে, তথাপিও প্ৰচণ্ড বতাহে জুই নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ

কেলিফৰ্ণিয়াৰ বনজুইত এতিয়ালৈকে লছ এঞ্জেলছত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ হাজাৰৰো অধিক অট্টালিকা জ্বলি গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম কৰি আছে । যদিও ইটন আৰু পেলিছাডছৰ জুই নিয়ন্ত্ৰণত কিছু সফলতা লাভ কৰা হৈছে, তথাপিও প্ৰচণ্ড বতাহে জুই নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে ।

প্ৰচণ্ড বতাহৰ ফলত এই জুই ছান ফ্ৰান্সিস্কো চহৰতকৈও ডাঙৰ, ৩৯ হাজাৰ একৰতকৈও অধিক মাটিত বিয়পি পৰিছে । পেলিছাডেছ অগ্নিকাণ্ডত ২২,৬৬০ একৰ ভূমি জ্বলি যায় । আনহাতে ৫৩০০ৰো অধিক অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে । প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে । শুকান গছ-গছনিয়ে জুইৰ ইন্ধনৰ কাম কৰি আছে । ১ লাখ ৫৩ হাজাৰৰো অধিক লোকক খালী কৰা হৈছে । তাৎক্ষণিকভাৱে বিপদত পৰিছে ৫৭ হাজাৰ নিৰ্মাণ ।

প্ৰধান প্ৰভাৱিত অঞ্চল-

পেচিফিক পেলিছাডছত ২২ হাজাৰ একৰ মাটিত জুই জ্বলি উঠিছে । ৫ হাজাৰৰো অধিক নিৰ্মাণ ধ্বংস হোৱাৰ বিপৰীতে ৪২৬টা ঘৰ জ্বলি যায় । মাত্ৰ ১১% জুই নিয়ন্ত্ৰণ কৰা হৈছে । পেলিছাডছৰ বনজুইৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে জুইৰ ধ্বংসলীলা । ছান ফাৰ্নাণ্ডো ভেলী আৰু ব্ৰেণ্টউডৰ দৰে আড়ম্বৰপূৰ্ণ অঞ্চল এতিয়াও বিপদত আছে । ৪০৫ ফ্ৰীৱে’ৰ কাষ চাপিছে বনজুই ।

সন্ধানহীন হোৱা লোকৰ সংখ্যা-

এতিয়াও সন্ধানহীন হৈ আছে ১৩জন লোক । ডগ স্কোয়াডৰ সৈতে চাৰ্চ অপাৰেচন অব্যাহত আছে । লছ এঞ্জেলছৰ বনজুইৰ ফলত হোৱা আনুমানিক ক্ষতিৰ পৰিমাণ ১৩৫–১৫০ বিলিয়ন ডলাৰ হোৱাৰ অনুমান কৰা হৈছে । মেক্সিকোৱেও কেলিফৰ্ণিয়াত সাহায্য আৰু উদ্ধাৰ অভিযানত কানাডাৰ সৈতে যোগ দিছে । মেক্সিকোৰ পৰা অহা ১৪ হাজাৰতকৈ অধিক অগ্নিনিৰ্বাপক বাহিনী পেলিছাডছৰ অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ ৰাজ্যখনত আছে ।

ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতিক্ৰিয়া-

ৰাষ্ট্ৰপতি জো বাইডেনে বনজুইত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ফেমা (ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সী)ৰ জৰিয়তে সহায়ৰ নিৰ্দেশ দিছে । এই বনজুইক তেওঁলোকে দুৰ্যোগ ঘোষণা কৰিছে । চৰকাৰী সাহায্যৰ সমন্বয়ৰ বাবে ৰাজ্য আৰু স্থানীয় বিষয়াসকলৰ সৈতে কথা পাতে বাইডেনে ।

ট্ৰাম্পৰ সঁহাৰি-

ট্ৰাম্পে এই অগ্নিকাণ্ডৰ বাবে লছ এঞ্জেলছৰ বিষয়াসকলক লক্ষ্য কৰি লৈছে । তেওঁ ট্ৰুথ ছ’চিয়েলত ৰাজনীতিবিদসকলক অযোগ্য বুলি অভিহিত কৰে । তেওঁ আৰু কয়, “তেওঁলোকে জুই নুমুৱাব নোৱাৰে । তেওঁলোকৰ কি হৈছে ?”

লছ এঞ্জেলছৰ বনজুইৰ ১০টা ডাঙৰ আপডেট-

১. পেলিছাডছৰ অগ্নিকাণ্ডৰ ফলত ২২ হাজাৰ একৰতকৈও অধিক ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

২. জুইৰ ধুমুহাই আশংকা আৰু উদ্বেগ বৃদ্ধি কৰিছে ।

৩. ১৩ জন লোক এতিয়াও নিৰুদ্দেশ, অব্যাহত আছে অনুসন্ধান অভিযান ।

৪. অৰ্থনৈতিক লোকচান ১৩৫–১৫০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে ।

৫. ফেমাৰ জৰিয়তে দুৰ্যোগ সাহায্য ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ ।

৬. প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো প্ৰত্যাহ্বানজনক ।

৭. ব্ৰেণ্টউড আৰু ৪০৫ ফ্ৰীৱেৰ দৰে মূল অঞ্চলৰ প্ৰতি ভাবুকি ।

৮. ৩৯,০০০ একৰতকৈ অধিক অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ।

৯. আন্তঃৰাষ্ট্ৰীয় সাহায্য, অগ্নিনিৰ্বাপক আৰু সঁজুলিৰ সহায় ।

১০. যোৱা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড এসপ্তাহৰ পাছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

শেহতীয়া প্ৰৱন্ধসমূহ