অৰ্থনৈতিক সাহায্যৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰ

সলনি হ’ল সুৰ…অৰ্থনৈতিক সাহায্যৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰ

মহম্মদ মুইজু ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমে চীনৰ সৈতে ঘনিষ্ঠতা প্ৰদৰ্শন কৰি ভাৰতৰ বিৰুদ্ধে ষঢ়যন্ত্ৰ কৰাৰ পিছত এতিয়া মালদ্বীপে ইউ টাৰ্ণ লৈছে । মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা খলিলে শনিবাৰে কয় যে তেওঁৰ দেশে ভাৰতৰ নিৰাপত্তাক নিজৰ নিৰাপত্তা বুলি গণ্য কৰে । তেওঁ লগতে কয় যে আমি

মহম্মদ মুইজু ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমে চীনৰ সৈতে ঘনিষ্ঠতা প্ৰদৰ্শন কৰি ভাৰতৰ বিৰুদ্ধে ষঢ়যন্ত্ৰ কৰাৰ পিছত এতিয়া মালদ্বীপে ইউ টাৰ্ণ লৈছে । মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা খলিলে শনিবাৰে কয় যে তেওঁৰ দেশে ভাৰতৰ নিৰাপত্তাক নিজৰ নিৰাপত্তা বুলি গণ্য কৰে । তেওঁ লগতে কয় যে আমি ভাৰত মহাসাগৰৰ নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ ।

বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ ভাৰতত উপস্থিত হৈছে খলিল । তেওঁ কয়, আমি সদায় ভাৰতৰ সৈতে সম্পৰ্কক প্ৰথম স্থানত ৰাখোঁ । খলিলে সংকটৰ সময়ত মালদ্বীপক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে । আব্দুল্লাৰ এই বক্তব্যই দুয়োখন দেশৰ ইতিবাচক সম্পৰ্কক প্ৰতিফলিত কৰিছে । খলিল ২০২৫ চনত ভাৰত ভ্ৰমণ কৰা যিকোনো দেশৰ প্ৰথমজন বৈদেশিক মন্ত্ৰী । মালদ্বীপত উন্নয়নমূলক প্ৰকল্পত ভাৰতীয় সহায়ৰ কথা উল্লেখ কৰি খলিলে কয় যে ভাৰতে নেতৃত্ব দিলেহে অঞ্চলটোৰ উন্নয়ন সম্ভৱপৰ ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণত সুখী হম-

আব্দুল্লা খলিলে কয় যে, আমি বিচাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপ ভ্ৰমণ কৰক । আমি তেওঁক আদৰণি জনাই অতি আনন্দিত হম । আচলতে আমি ভাৰতক আমাৰ হৃদয়ৰ খুব ওচৰত ধৰি ৰাখোঁ  আৰু আমি নিশ্চিত যে ভাৰতেও আমাক একেদৰেই দেখে । আমাৰ সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । আমাৰ নীতি সদায় ইণ্ডিয়া ফাৰ্ষ্ট আৰু আমি ইয়াৰ প্ৰতি দায়বদ্ধ ।

ভাৰতৰ মূল্যত চীনৰ সৈতে কোনো সম্পৰ্ক নাই –

চীনৰ সৈতে মালদ্বীপৰ সম্পৰ্ক আৰু চীনৰ জাহাজ বন্ধ কৰাৰ সন্দৰ্ভত খলিলে কয় যে ভাৰতৰ সৈতে আমাৰ ঐতিহাসিক সম্পৰ্ক আছে । সংকটৰ সময়ত ভাৰতে প্ৰথমে মালদ্বীপক সহায় কৰিছিল । গতিকে চীন বা আন কোনো দেশৰ সৈতে আমাৰ সম্পৰ্ক ভাৰতৰ সৈতে আমাৰ সম্পৰ্কৰ কোনো মূল্যত নহ’ব । ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো ।

ইণ্ডিয়া আউট আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই-

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য বহিষ্কাৰৰ আন্দোলন সন্দৰ্ভত খলিলে কয় যে বৰ্তমান চৰকাৰৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই ।

শেহতীয়া প্ৰৱন্ধসমূহ