প্ৰকৃতিৰ ক্ৰোধে দেশত ধাৰণ কৰিলে বিধ্বংসী ৰূপ; ক’ৰবাত ধুমুহা আৰু ক’ৰবাত বানে ল’লে পৰীক্ষা

আৰু মাত্ৰ এটা দিনৰ পিছতে আমাৰ মাজৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ইতিমধ্যে সকলোৱে নতুন আশা-প্ৰত্যাশাৰে আদৰিবলৈ সাজু হৈছে নতুন এটা বছৰ । নানান ঘটনা প্ৰৱাহৰ মাজতে ২০২৪ বৰ্ষৰ যদি কিবা মনলৈ আহে তেন্তে ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ, ৱায়ানাড ভূমিস্খলন, ফেংগাল ঘূৰ্ণীবতাহ, ৰামেল আৰু

আৰু মাত্ৰ এটা দিনৰ পিছতে আমাৰ মাজৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ইতিমধ্যে সকলোৱে নতুন আশা-প্ৰত্যাশাৰে আদৰিবলৈ সাজু হৈছে নতুন এটা বছৰ । নানান ঘটনা প্ৰৱাহৰ মাজতে ২০২৪ বৰ্ষৰ যদি কিবা মনলৈ আহে তেন্তে ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ, ৱায়ানাড ভূমিস্খলন, ফেংগাল ঘূৰ্ণীবতাহ, ৰামেল আৰু কেইবাখনো ৰাজ্যৰ বিধ্বংসী বানো অন্তৰ্ভূক্ত হ’ব । যদি এই বছৰটো ভাৰতৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ বছৰ আছিল বুলি ক’লেও মিছা কোৱা নহ’ব । এই বছৰটোত বিপজ্জনক দুৰ্যোগৰ ঘটনাই বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ লোকক গৃহহীন কৰে আৰু বহু ঠাইত স্তব্ধ হৈ পৰে জনজীৱন । জানক ২০২৪ চনত সমগ্ৰ দেশ কঁপাই তোলা আটাইতকৈ ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ বিধ্বংসী ৰূপৰ বিষয়ে ।

বানত বিধ্বস্ত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া-

অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া চহৰত ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা নদীৰ বাবে সৃষ্টি হোৱা বানত চলিত বৰ্ষত ৪০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হয় । কেৱল এয়াই নহয়, প্ৰায় তিনি লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বান ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰলৈকে আছিল ।  বুদামেৰু নদী আৰু উফন্দি উঠা কৃষ্ণা নদীৰ বাবে নিম্নভূমি অঞ্চলবোৰ পানীত বুৰ গৈছিল । ইয়াৰ পিছতে সাহায্য দল উপস্থিত হৈ ৪৪ হাজাৰৰো অধিক স্থানচ্যুত বাসিন্দাক আশ্ৰয় প্ৰদান কৰে ।

বিধ্বংসী ৰূপ ধাৰণ কৰিলে  ঘূৰ্ণীবতাহ ‘ৰেমল’এ-

২০২৪ চনৰ উত্তৰ ভাৰত মহাসাগৰীয় ঘূৰ্ণীৰ বতৰৰ প্ৰথমটো ধুমুহা আছিল ৰেমল । যিয়ে ২৬ মে’ত পশ্চিম বংগ আৰু বাংলাদেশৰ সুন্দৰবন বদ্বীপ অঞ্চলত আঘাত হানে । এই ধুমুহাত বংগ, মিজোৰাম, অসম আৰু মেঘালয়ত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে চৌদিশে ধ্বংসলীলাৰ সৃষ্টি কৰিছিল ।

ৱায়ানাড ভূমিস্খলন: ধ্বংসাৱশেষৰ পৰা ভাঁহি আহিছিল সহায় বিচৰা মাতবোৰ-

কেৰালাৰ ৱায়ানাড জিলাৰ জনসাধাৰণে এই বছৰৰ ৩০ জুলাই কেতিয়াও পাহৰিব নোৱাৰে । ৱায়ানাডৰ মেপ্পাডিৰ ওচৰৰ বিভিন্ন পাহাৰীয়া অঞ্চলত ভূমিস্খলনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত তিনিশৰো অধিক লোকৰ মৃত্যু হয় । ৱায়ানাড জিলাৰ চৌৰলামাল্লাৰ মুণ্ডাক্কাই আৰু মালাপ্পুৰম জিলাৰ নীলাম্বুৰ বনাঞ্চলত ভূমিস্খলন সংঘটিত হয় । ভূমিস্খলনৰ পিছত ধ্বংসপ্ৰাপ্ত ঘৰ আৰু ধ্বংসাৱশেষৰ স্তূপত আবদ্ধ হৈ থকা লোকসকলে ফোন কৰি সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছিল । বছৰৰ আটাইতকৈ মাৰাত্মক ভূমিস্খলনত ১৫০০ৰো অধিক ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে ।

দুমাহৰ ভিতৰতে হিমাচল প্ৰদেশত ৫১ বাৰকৈ ডাৱৰ বিস্ফোৰণ-

জুনৰ পৰা আগষ্টলৈকে হিমাচল প্ৰদেশত ৫১টা ডাৱৰ বিস্ফোৰণ আৰু বানৰ ঘটনা সংঘটিত হয় । দুৰ্যোগত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ পৰে । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল লাহাউল আৰু স্পিটি । এই সময়ছোৱাত ১২১টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩৫টা ভূমিস্খলন সংঘটিত হয় । এই দুৰ্যোগৰ বাবে ৰাজ্যখনৰ লোকচান হয় প্ৰায় ১১৪০ কোটি টকা ।

ঘূৰ্ণীবতাহ ফেংগালঃ ভূমিস্খলন…অভিলেখ ভংগকাৰী বৰষুণ-

৩০ নৱেম্বৰত পুডুচেৰীৰ সমীপত ফেংগাল ঘূৰ্ণীবতাহ স্থলপথত প্ৰৱেশ কৰাত কমেও ১৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক প্ৰভাৱিত হয় । ধুমুহাৰ ফলত পুডুচেৰীত ৪৬ চে.মি. বৰষুণৰ ফলত তামিলনাডুৰ বহু জিলাত শস্যৰ ব্যাপক ক্ষতি হয় । ফেংগাল ঘূৰ্ণীবতাহে পুডুচেৰীত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰতো ইয়াৰ প্ৰভাৱ অনুভৱ হৈছিল ।

অসমত জলপ্ৰলয়-

ধাৰাসাৰ বৰষুণ আৰু বানৰ বাবে এইবাৰ উত্তৰ-পূব ভাৰতৰ পৰিস্থিতিও শোচনীয় হৈ পৰিছিল । দূৰ-দূৰণিৰ… চকুৱে দেখা পোৱালৈকে আছিল কেৱল পানী আৰু পানী । এই প্ৰলয়ত নদীৰ আনটো পাৰ ক’ত আৰু গাঁৱৰ সীমা ক’ত আছে তাৰ পাৰ্থক্য নিৰ্ণয় কৰাটো কঠিন হৈ পৰিছিল । বাট-পথ, ঘৰ-বাৰী সকলোবোৰ বানত ডুব গৈছিল । অসমত চলিত বৰ্ষত ভয়ংকৰ বানত ১১৭ জন লোকৰ মৃত্যু হয় । আনকি ২১ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছিল । প্ৰতি বছৰৰ দৰে এইবাৰো এই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন ব্ৰহ্মপুত্ৰ নদীৰ ক্ৰোধৰ সন্মুখীন হৈছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ