শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ নদী ? চীনৰ কুটীল ষড়যন্ত্ৰ…

বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ দিশে আগবাঢ়িছে চীন । তীব্বতত ব্ৰহ্মপুত্ৰক ভেদিব চীনে। তীব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসতেই এই বান্ধ নিৰ্মাণ কৰিব চীনে। য়াৰলুং চাংপো নামেৰে ব্ৰহ্মপুত্ৰক জনা যায় তীব্বতত। এই নদীবান্ধ নিৰ্মাণৰ ফলত ভাবুকি আহিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে। অৰুণাচল-অসমৰ বাবে ই হৈ পৰিব অশনি সংকেট। ১৩৭ বিলিয়ন

বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ দিশে আগবাঢ়িছে চীন । তীব্বতত ব্ৰহ্মপুত্ৰক ভেদিব চীনে। তীব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসতেই এই বান্ধ নিৰ্মাণ কৰিব চীনে। য়াৰলুং চাংপো নামেৰে ব্ৰহ্মপুত্ৰক জনা যায় তীব্বতত। এই নদীবান্ধ নিৰ্মাণৰ ফলত ভাবুকি আহিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে। অৰুণাচল-অসমৰ বাবে ই হৈ পৰিব অশনি সংকেট। ১৩৭ বিলিয়ন US ডলাৰ চীনে খৰচ কৰিব এই বান্ধ নিৰ্মাণত ।

অৰুণাচলত প্ৰৱেশ কৰাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰই বৃহৎ হু-TERত্ত্ব লয়। এই অঞ্চলটোতেই বান্ধ নিৰ্মাণ কৰিব চীনে। এই বান্ধৰ ফলত অৰুণাচল আৰু অসমত সৃষ্টি হ’ব পাৰে ভয়াৱহ বানৰ। তীব্বতৰ সেই অঞ্চলটো ভূমিকম্প প্ৰৱণ। এই অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে চীনে। ব্ৰহ্মপুত্ৰৰ পানী উৎসতে নিয়ন্ত্ৰণত ৰাখি চীনে চাপত ৰাখিব পাৰিব ভাৰতক।

বিশেষজ্ঞৰ দাবী- খৰালি কালত চীনে উৎসত আৱদ্ধ কৰি ৰাখিব পানী। যাৰফলত সৃষ্টি হ’ব ভয়াৱহ খৰাঙৰ। এই নদীবান্ধৰ ফলত কেৱল ভাৰতৰে নহয়, বাংলাদেশৰ প্ৰতিও আহিব ভাবুকি। সমগ্ৰ উত্তৰ-পূবৰ বাবে এতিয়া চিন্তনীয় বিষয়, শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ নদী?

শেহতীয়া প্ৰৱন্ধসমূহ