দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে । নিৰ্বাচনী পৰিৱেশৰ মাজতে বিজেপি আৰু আম আদমী পাৰ্টিয়ে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে । সোমবাৰে দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ‘অভিযোগ পত্ৰ’ প্ৰকাশ কৰে । এই অনুষ্ঠানত বিজেপি নেতা অনুৰাগ ঠাকুৰে পুনৰবাৰ অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি লয় । তেওঁ কেজৰিৱালক বহু বিষয়ত সমালোচনা কৰি প্ৰশ্ন কৰে ।
অভিযোগ পত্ৰ প্ৰকাশৰ পিছত দিল্লীত বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কয় যে আম আদমি পাৰ্টিৰ চৰকাৰে যমুনা নদীক ইমানেই প্ৰদূষিত কৰিছে যে ই দুৰ্গন্ধময়, ফেনযুক্ত আৰু বিষাক্ত হৈ পৰিছে । তেওঁ আৰু কয় যে মোৰ মনত আছে, ২০২২ চনত এখন সংবাদমেলৰ সময়ত কেজৰিৱালে কৈছিল যে পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাইজৰ সৈতে যমুনা নদীত ডুব মাৰিব, অৰ্থাৎ ২০২৫ চনৰ নিৰ্বাচনৰ পূৰ্বে । কেজৰিৱালক তেওঁৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি অনুৰাগ ঠাকুৰে কয় যে ১০ বছৰ পাৰ হৈ গ’ল আৰু ২০২৫ চনত উপনীত হ’বলৈ মাত্ৰ ১০ দিন বাকী আছে । যমুনা পৰিস্কাৰ কৰা হৈছিল নেকি ? যমুনা পৰিষ্কাৰ হৈ পৰিছে নেকি ?
তেওঁ কয় যে অৰবিন্দ কেজৰিৱালকে ধৰি দিল্লী চৰকাৰৰ বহু মন্ত্ৰী আৰু কেইবা ডজন বিধায়ক জেললৈ গৈছে । আগতে ছোনিয়া গান্ধী আৰু শীলা দীক্ষিতক জেলত ভৰোৱাৰ কথা কোৱা একেজন কেজৰিৱালে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো পদ এৰিবলৈ সাজু নাছিল ।
সুৰা কেলেংকাৰীৰ আঁৰত আছিল কেজৰিৱালঃ বীৰেন্দ্ৰ সচদেৱ-
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কেজৰিৱালৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাইজক শিক্ষা আৰু স্বাস্থ্যৰ সপোন দেখুওৱা কেজৰিৱালে সুৰা কেলেংকাৰী সংঘটিত কৰিছে । উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ দাগ এতিয়াও ৰাইজৰ স্মৃতিৰ পৰা নাইকিয়া হোৱা নাই বুলিও তেওঁ কয় । অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী সংঘৰ্ষৰ উচটনি দিয়াৰ এক অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । তেওঁ কয় যে এই সংঘৰ্ষত আই বি বিষয়া অংকিত শৰ্মা নিহত হৈছিল । অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত তাহিৰ হুছেইন আম আদমি পাৰ্টিৰ কাউন্সিলাৰ আছিল ।
বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে-
দিল্লীৰ নিৰ্বাচনৰ মাজতে আম আদমী পাৰ্টিৰ বিৰুদ্ধে বিজেপিয়ে জাৰি কৰিলে অভিযোগ পত্ৰ । এই অভিযোগ পত্ৰত বিজেপিয়ে বহু অভিযোগ উত্থাপন কৰিছে । য’ত দুই লাখ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত । দিল্লী চৰকাৰে নিজৰ বিদ্যালয়ৰ উন্নত অভিলেখ দেখুৱাবলৈ ১.৫ লাখ ছাত্ৰ-ছাত্ৰীক ব্যৰ্থ কৰে । হাজাৰ হাজাৰ পৰিয়ালে পানীৰ টেংকাৰৰ পৰা পানী খায় । দহ বছৰত দিল্লীবাসীৰ এখনো ৰেচন কাৰ্ড বনোৱা হোৱা নাই । দিল্লীত কাৰ্যকৰী নহ’ল প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা । যাৰ বাবে ৰাইজে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব নোৱাৰিলে । ইত্যাদি অভিযোগ উত্থাপন কৰা হৈছে ।