দাউ দাউ জ্বলি উঠিল ৪০ খনকৈ বাহন;  হাস্পতালত ৰোগীৰ চিৎকাৰ, ৬ জনৰ মৃত্যু

জয়পুৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজমেৰ ৰোডত হঠাতে এখন চিএনজি গেছ ভৰ্তি টেংকাৰে প্ৰচণ্ড খুন্দা মাৰে এলপিজি গেছ ভৰ্তি টেংকাৰ। যাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। অগ্নিকাণ্ডটো এটা পেট্ৰ’ল পাম্পৰ ওচৰত সংঘটিত হৈছিল।ৰাজপথতেই বাহনখন দাউ দাউকৈ জ্বলি যোৱাৰ ফলত আন ৪০

জয়পুৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজমেৰ ৰোডত হঠাতে এখন চিএনজি গেছ ভৰ্তি টেংকাৰে প্ৰচণ্ড খুন্দা মাৰে এলপিজি গেছ ভৰ্তি টেংকাৰ। যাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল।

অগ্নিকাণ্ডটো এটা পেট্ৰ’ল পাম্পৰ ওচৰত সংঘটিত হৈছিল।ৰাজপথতেই বাহনখন দাউ দাউকৈ জ্বলি যোৱাৰ ফলত আন ৪০ খনকৈ বাহনলৈ জুই বিয়পি পৰে।

অগ্নিকাণ্ডটোৰ লগে লগে বাহন সমূহত থকা যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। এই অগ্নিকাণ্ডৰ ফলত ৬ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হোৱাৰ লগতে ৩৭ জনকৈ লোক গুৰুত্বৰ ভাৱে আহত হৈছে।আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ