নতুন দিল্লীৰ পৰা কেজৰিৱাল..কলকাজীৰ পৰা আতিশী, আপৰ ৩৮ গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিছে চতুৰ্থ আৰু চূড়ান্ত তালিকা, য’ত ৩৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অৰবিন্দ কেজৰিৱাল । কলকাজীৰ পৰা অতিশী আৰু বৃহত্তৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ হব প্ৰাৰ্থী । কস্তুৰবা

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিছে চতুৰ্থ আৰু চূড়ান্ত তালিকা, য’ত ৩৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অৰবিন্দ কেজৰিৱাল । কলকাজীৰ পৰা অতিশী আৰু বৃহত্তৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ হব প্ৰাৰ্থী । কস্তুৰবা নগৰৰ আসনত বৰ্তমানৰ বিধায়ক মদন লালৰ টিকট বাতিল কৰি দলটোৱে সুযোগ দিছে ৰমেশ পেহলৱানক, যিয়ে নিজৰ কাউন্সিলাৰ পত্নী কুসুম লতাৰ সৈতে বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছে ।

ইফালে দিল্লী বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । আম আদমী পাৰ্টিয়ে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ পূৰ্বে দলটোৱে তিনিখন তালিকা প্ৰকাশ কৰিছিল য’ত ৩২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল । নতুন তালিকাৰ জৰিয়তে আপে নিৰ্বাচনী ক্ষেত্ৰখনত নিজৰ দলটো সম্পূৰ্ণ কৰিছে ।

তালিকা প্ৰকাশৰ লগে লগে বিজেপিক লক্ষ্য কৰি ল’লে কেজৰিৱালে-

চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ টুইটাৰত লিখিছে যে আজি আম আদমী পাৰ্টিয়ে আটাইকেইখন (৭০খন) আসনত প্ৰাৰ্থী ঘোষণা কৰে । সম্পূৰ্ণ আস্থা আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দলটোৱে । বিজেপি সন্ধানহীন হৈ আছে । তেওঁলোকৰ কোনো মুখ্যমন্ত্ৰীৰ মুখ নাই, কোনো দল নাই, কোনো পৰিকল্পনা নাই আৰু দিল্লীৰ বাবে কোনো দৃষ্টিভঙ্গী নাই । তেওঁলোকৰ মাত্ৰ এটা শ্লোগান আছে, কেৱল এটা নীতি আৰু কেৱল এটা মিছন – কেজৰিৱালক আঁতৰাওক”।

আমাৰ দৃষ্টিভংগী আছে…পৰিকল্পনা আছে-

কেৱল এয়াই নহয় কেজৰিৱালে লিখিছে যে আমাৰ দলৰ দৃষ্টিভংগী আছে, দিল্লীৰ জনসাধাৰণৰ উন্নয়নৰ পৰিকল্পনা আছে আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ শিক্ষিত লোকৰ এটা ভাল দল আছে । যোৱা দহ বছৰত কৰা কামৰ এখন দীঘলীয়া তালিকা আছে । দিল্লীৰ ৰাইজে কাম কৰা সকলক ভোট দিব, গালি-গালাজ কৰা সকলক নহয় ।

শেহতীয়া প্ৰৱন্ধসমূহ