টিম ইণ্ডিয়াৰ জাৰ্চিত নাম লিখাৰ বাবে কিমান টকা লয় বি চি চি আই-এ ? এখন খেলতে কোটি কোটি টকা উপাৰ্জন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অথবা বি চি চি আই হৈছে বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড, যাৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ কোটিতকৈও অধিক । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আয়ৰ বহু উৎস আছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংবাদ মাধ্যমৰ অধিকাৰ আৰু টাইটেল স্পনছৰশ্বিপ ইয়াৰ আয়ৰ কিছুমান মূল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অথবা বি চি চি আই হৈছে বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড, যাৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ কোটিতকৈও অধিক । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আয়ৰ বহু উৎস আছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংবাদ মাধ্যমৰ অধিকাৰ আৰু টাইটেল স্পনছৰশ্বিপ ইয়াৰ আয়ৰ কিছুমান মূল উৎস । ইয়াত বিশেষকৈ যদি আমি টাইটেল স্পনছৰশ্বিপৰ কথা কওঁ, তেন্তে আমি সকলোৱে যোৱা এবছৰ ধৰি টিম ইণ্ডিয়াৰ জাৰ্চিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা ‘DREAM 11’ দেখি আহিছো । কিন্তু প্ৰশ্ন হয়, জাৰ্চিৰ সন্মুখত নাম লিখাৰ বাবে এটা কোম্পানীয়ে বি চি চি আইক কিমান টকা দিব লাগে ?

ড্ৰিম ১১ (DREAM 11’) হৈছে এটা ফেণ্টাচি স্প’ৰ্টছ ব্ৰেণ্ড, যাৰ নেট ৱৰ্থ কোটি টকা । তেওঁলোকে ৩৫৮ কোটি টকাত টিম ইণ্ডিয়াৰ লিড স্পনছৰশ্বিপ ৰাইট ক্ৰয় কৰিছিল । বি চি চি আইৰ সৈতে ৩৫৮ কোটি টকাৰ এই চুক্তি ২০২৩ চনৰ জুলাইৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে চলিব । বি চি চি আইয়ে দ্বিপাক্ষিক শৃংখলাত টাইটেল স্পনছৰশ্বিপৰ ভিত্তি মূল্য প্ৰতিখন মেচত ৩ কোটি টকা ৰাখিছিল । পূৰ্বে ভাৰতীয় দলৰ জাৰ্চিত এটা এডুকেচন ব্ৰেণ্ড (Byju’s) লিখা আছিল, য’ত প্ৰতিখন মেচত ৫.৫ কোটি টকাৰ ধন দিয়া হৈছিল । এতিয়া ভাৰতৰ পুৰুষ, মহিলা আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ৰ দলৰ জাৰ্চিত ডাঙৰ ডাঙৰ ইংৰাজী আখৰেৰে লিখা দেখা গৈছে ‘DREAM11’  ।

সংবাদ মাধ্যমৰ অধিকাৰ এতিয়া কাৰ ?

ভাৰতত ভাৰতীয় ক্ৰিকেট দল আৰু ক্ৰিকেটৰ জনপ্ৰিয়তা বিবেচনা কৰিলে সংবাদ মাধ্যমৰ অধিকাৰো প্ৰতিবাৰেই হাজাৰ কোটি টকাত বিক্ৰী হৈছে । টিম ইণ্ডিয়াৰ বৰ্তমানৰ সংবাদ মাধ্যমৰ অধিকাৰ ভায়াকম নেটৱৰ্কৰ হাতত আছে, যিয়ে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৮ চনৰ মাৰ্চলৈকে ভাৰতৰ মেচ সম্প্ৰচাৰৰ বাবে ৫,৯৬৩ কোটি টকাৰ ধন দিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ