বহু জল্পনা কল্পানৰ অন্তত নতুন চাৰি মন্ত্ৰীক দিয়া হ’ল দপ্তৰ। প্ৰশান্ত ফুকনক দিয়া হ’ল শক্তি,নিয়োগ-দক্ষতা বিকাশ,মেডিকেল শিক্ষা।
কৃষ্ণেন্দু পালক দিয়া হ’ল পশুপালন,মীন,PWD, ৰূপেশ গোৱালাক শ্ৰমিক কল্যান বিভাগ ,গৃহ (কাৰাগাৰ,হোমগাৰ্ড) আৰু কৌশিক ৰায়ক বৰাক উপত্যকা উন্নয়ণ বিভাগ, খাদ্য আৰু ৰাহুৱা বিতৰণ বিভাগৰ দায়িত্ব দিয়া হৈছে।
আনহাতে জয়ন্ত মল্ল বৰুৱাৰ পৰিৱৰ্তে ৰঞ্জিত দাসক পৰ্যটনৰ দায়িত্ব , অশোক সিংঘালক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ , ৰঞ্জিত দাসক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ দায়িত্ব ,
অতুল বৰাৰ হাততে আছে কৃষি আৰু আবকাৰী বিভাগৰ দায়িত্ব। কেশৱ মহন্ত ৰাজ্যৰ নতুন ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে।