বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ বিৰুদ্ধে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ । কলকাতা, কান্তি, কাকদ্বীপ, সন্দেশখালী আৰু পুৰুলিয়াত হিন্দুত্ববাদী সংগঠনৰ উদ্যোগত আয়োজিত ৰেলীত শতাধিক লোকে অংশগ্ৰহণ কৰে । এই বিক্ষোভত ৰাইজে হিন্দু পুৰোহিত চিন্ময় কৃষ্ণ দাসকো শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰে ।
কলকাতাৰ ছল্ট লেক আন্তঃৰাষ্ট্ৰীয় বাছ টাৰ্মিনাছৰ সমীপত বাংলাদেশৰ জমদানী শাৰী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে বাংলাদেশী সামগ্ৰী বৰ্জনৰ আহ্বান জনাই ত্ৰিৰংগক অপমান আৰু হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে ভাৰতৰ জনসাধাৰণ মনে মনে নাথাকিব বুলি সকীয়াই দিয়ে ।
বাংলাদেশী সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান-
প্ৰতিবাদকাৰীসকলে কয়, বাংলাদেশত হিন্দুসকলক অহৰহ লক্ষ্য কৰি লোৱা আৰু ভাৰত বিৰোধী ঘৃণা বিয়পাই থকাক তীব্ৰ গৰিহণা দিছো । আমি মনে মনে বহি নাথাকো । গতিকে এই শাৰীবোৰ জ্বলাই আমি বাংলাদেশী সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছো । আন এজন প্ৰতিবাদকাৰীয়ে কয়, এইখন কেনেকুৱা বাংলাদেশ ? যিসকলে ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামত যুঁজিছিল তেওঁলোকে এতিয়া তেওঁলোকৰ ঐতিহাসিক ঐতিহ্য মচি পেলাবলৈ চেষ্টা কৰি আছে ।
কান্তীত সুবেন্দু অধিকাৰীৰ নেতৃত্বত প্ৰতিবাদী সমাৱেশ
কান্তীত অনুষ্ঠিত প্ৰতিবাদী সমদলৰ নেতৃত্বত ৰাজ্যিক বিৰোধী দলপতি সুবেন্দু অধিকাৰী-
তেওঁ কয়, বাংলাদেশৰ মৌলবাদী শক্তিৰ বিৰুদ্ধে সকলো সনাতনী একত্ৰিত । তেওঁ কয়, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ৩০ হাজাৰৰো অধিক ভাৰতীয়ৰ শ্বহীদ হোৱাৰ কথা তাত থকা চৰমপন্থীয়ে এতিয়া পাহৰি গৈছে । আজিৰ এই সমাৱেশ সীমান্তৰ সিপাৰৰ উপাদানসমূহক এনে ঘৃণামূলক ভাষণ বন্ধ কৰিবলৈ সতৰ্কবাণী । লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰট’কল আৰু ৰাষ্ট্ৰসংঘৰ নীতি-নিৰ্দেশনা মানি নৰেন্দ্ৰ মোদী চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনায় তেওঁ ।