অভিনেতা আল্লু অৰ্জুনৰ ছবি পুষ্পা ২ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি দিয়া হৈছিল।চলচ্চিত্ৰখনে দৰ্শকৰ পৰা ও ভাল সঁহাৰি লাভ কৰিছে। ইফালে, পুষ্পা ২ ৰ প্ৰিমিয়াৰৰ সময়ত পদপৃষ্ট হৈ এগৰাকী মহিলাৰ নিহত হয়।
এই ক্ষেত্ৰত আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। এই গোটেই ঘটনাটোৰ পিছত, অভিনেতা আল্লু অৰ্জুনে এটা ভিডিঅ’ মুকলি কৰিছে আৰু ঘটনাটোত শোক প্ৰকাশ কৰিছে। তাৰ পিছতেই আল্লু অৰ্জুনে দেখুৱালে মহানুভৱতা । মহিলা গৰাকীৰ পৰিয়াললৈ আগবঢ়ালে ২৫ লাখ টকা।
আল্লু অৰ্জুনে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয়, “কালি আমি পুষ্পা ২ চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ চাবলৈ আৰটিচি এক্স ৰোডছৰ সন্ধ্যা থিয়েটাৰলৈ গৈছিলো। অপ্ৰত্যাশিতভাৱে, তাত যথেষ্ট ভিৰ হৈছিল। পিছদিনা ৰাতিপুৱা আমি গম পালোঁ যে ভিৰৰ মাজত এটা পৰিয়াল আছিল”।
“সেই ভিৰত ৰেৱতী নামৰ এগৰাকী মহিলা, যি দুটা সন্তানৰ মাতৃ আছিল, তেওঁ পদপৃষ্ট হৈ মৃত্যু মুখত পৰে। যেতিয়া মই সেই কথাটো জানিব পাৰিছিলো ,মই সুকুমাৰ গাৰু, পুষ্পাৰ গোটেই দলটো, আমি সকলোৱে দুখিত হৈছিলোঁ।আমি এইটো একেবাৰে আশা কৰা নাছিলো কাৰণ মই প্ৰায় ২০ বছৰ ধৰি থিয়েটাৰলৈ গৈ চিনেমা চাইছো”।
“কিন্তু এনেধৰণৰ ঘটনা কেতিয়াও হোৱা নাছিল। এই বাতৰিটো জানি আমি আৰু আমাৰ গোটেই দলটোৱে পুষ্পা অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ”।
আল্লু অৰ্জুনে কৈছিল যে, “আমি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁ। মানুহে থিয়েটাৰলৈ আহে আৰু উপভোগ কৰে। মই আনকি এনে ধৰণৰ থিয়েটাৰত সংঘটিত এনে ঘটনাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাব লাগে নাজানো”।
“এইটো শব্দত ক’বও নোৱাৰি। মোৰ হৈ আৰু পুষ্পাৰ দলৰ হৈ সমগ্ৰ ৰেৱতী পৰিয়াললৈ মোৰ সমবেদনা।আমি এতিয়া যিয়েই নকৰোঁ, আমি সেই ক্ষতিটো পূৰণ কৰিব নোৱাৰো”।
“কিন্তু, পৰিয়ালটোৱে আমাৰ সামৰ্থ্য অনুসৰণ কৰাৰ বাবে যি প্ৰয়োজন সেয়া কৰিবলৈ আমি সাজু। মই আপোনালোকৰ বাবে আছোঁ, মই ভুক্তভোগীৰ পৰিয়ালক ২৫ লাখ টকাৰ সাহায্য প্ৰদান কৰিছো। মই যিকোনো সময়তে তেওঁলোকৰ সন্তানক যিকোনো সমৰ্থন প্ৰদান কৰিবলৈ সাজু। আমি এতিয়ালৈকে হোৱা চিকিৎসা ব্যয়ৰ যত্নও লম। ‘