লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ বাগৰি ৬ জনৰ মৃত্যু

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আগ্ৰা অভিমুখে যোৱা এখন ডাবল ডেকাৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত পথতে বাগৰি পৰা যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাটো সক্ৰাৱা আৰক্ষী থানাৰ অন্তৰ্গত উৰিয়া সীমান্তত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত বহুতো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আগ্ৰা অভিমুখে যোৱা এখন ডাবল ডেকাৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত পথতে বাগৰি পৰা যাত্ৰীবাহী বাছখন।

দুৰ্ঘটনাটো সক্ৰাৱা আৰক্ষী থানাৰ অন্তৰ্গত উৰিয়া সীমান্তত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত বহুতো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।অৱশ্যে এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি, ৬ জন যাত্ৰীৰ মৃত্যু নিশ্চিত কৰা হৈছে।

আনহাতে ৪০ জনৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ সময়ত, জলশক্তি মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিঙে ৰাস্তাৰে গৈ আছিল। বাছখন দুৰ্ঘটনাত হোৱা দেখাৰ লগে লগে তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।

মন্ত্ৰীজনে মানুহৰ সহায়ত বাছখনত আৱদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

শেহতীয়া প্ৰৱন্ধসমূহ