দ্বৈত নাগৰিকত্বৰ অভিযোগক লৈ বিপদত ৰাহুল গান্ধী, এফআইআৰ ৰুজুৰ নিৰ্দেশ

আবেদনকাৰীৰ দাবী অনুসৰি, তেওঁৰ হাতত ব্ৰটিছ চৰকাৰৰ কিছু নথি-পত্ৰ আৰু ইমেইল আছে যিয়ে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন ব্ৰটিছ নাগৰিক

দ্বি-নাগৰিকত্বৰ অভিযোগক লৈ পুনৰ বিপদত পৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী । বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে দ্বৈত নাগৰিকত্ব গ্ৰহণ কৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেই সন্দৰ্ভত এক তদন্তৰ প্ৰয়োজন আছে বুলি আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে মন্তব্য কৰে । উত্তৰ প্ৰদেশ চৰকাৰক এই তদন্ত নিজেই চলাবলৈ অথবা কোনো কেন্দ্ৰীয় সংস্থাক এই বিষয়টো হস্তান্তৰ কৰি তদন্ত সম্পন্ন কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে ।

বিজেপি কৰ্মী এছ ভিগ্নেশ শিৱিৰে দাখিল কৰা এক আবেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰা হৈছে । উল্লেখযোগ্য যে লক্ষ্ণৌৰ এখন বিশেষ সাংসদ/বিধায়ক (MP/MLA) আদালতে যোৱা ২৮ জানুৱাৰীত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ আবেদন নাকচ কৰি যি নিৰ্দেশ দিছিল, তাক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰা হৈছিল । নিম্ন আদালতে পূৰ্বে মত পোষণ কৰিছিল যে নাগৰিকত্ব সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আদালতখনৰ কোনো এক্তিয়াৰ নাই ।

কৰ্ণাটকৰ বাসিন্দা আবেদনকাৰীজনে ভাৰতীয় ন্যায় সংহিতা (BNS), চৰকাৰী গোপনীয়তা আইন (Official Secrets Act), বিদেশী আইন আৰু পাছপৰ্ট আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযোগ উত্থাপন কৰি এক বিতং তদন্ত তথা এজাহাৰ পঞ্জীয়নৰ দাবী জনাইছে ।

আবেদনকাৰীৰ দাবী অনুসৰি, তেওঁৰ হাতত ব্ৰটিছ চৰকাৰৰ কিছু নথি-পত্ৰ আৰু ইমেইল আছে যিয়ে প্ৰমাণ কৰে যে ৰাহুল গান্ধী এজন ব্ৰটিছ নাগৰিক । তেওঁৰ মতে, এই কাৰণেই ৰাহুল গান্ধীয়ে ভাৰতত নিৰ্বাচন খেলিবলৈ অযোগ্য আৰু তেওঁ লোকসভাৰ সদস্য হিচাপেও বাহাল থাকিব নোৱাৰে । প্ৰথম অৱস্থাত এই অভিযোগ ৰায়বেৰেলীৰ বিশেষ সাংসদ/বিধায়ক আদালতত দাখিল কৰা হৈছিল । ইয়াৰ পিছত ২০২৫ চনৰ ১৭ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে এই গোচৰটো লক্ষ্ণৌলৈ স্থানান্তৰ কৰে । লক্ষ্ণৌৰ আদালতে আবেদনখন নাকচ কৰাৰ পাছতে আবেদনকাৰীয়ে পুনৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

লগতে পঢ়ক : “সংবেদনশীলতাৰে সিদ্ধান্ত লওক”; ভোটদানৰ পূৰ্বে সকলো দললৈ আবেদন প্ৰধানমন্ত্ৰী মোদীৰ

ভয়ংকৰ; দুখনকৈ বাহনত খুন্দা তীব্ৰ বেগত অহা ট্ৰাকৰ , ৪ জনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইন্দিৰা খালৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষত চাৰিজন লোক নিহত হয়। ঘটনাটোত সাতজন লোক আহত হৈছিল।

ঘটনাটো বিবিডি আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল।জানিব পৰা মতে এখন দ্ৰুতবেগী ট্ৰাকে প্ৰথমে এখন ভান আৰু তাৰ পিছত SUV বাহনখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

সংঘৰ্ষৰ প্ৰভাৱ ইমানেই গুৰুতৰ আছিল যে দুয়োখন গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোত ভেনখনত থকা তিনিজন লোক আৰু এছইউভিখনত থকা এজন ব্যক্তিসহ চাৰিজন লোক নিহত হয় আৰু আন সাতজন আহত হয়।

আহতসকলক ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে, আৰক্ষীয়ে জনায়। বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এই ঘটনাৰ তদন্ত চলি আছে। ট্ৰাকখনক ইতিমধ্যে জব্দ কৰা হৈছে।

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ বাগৰি ৬ জনৰ মৃত্যু

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আগ্ৰা অভিমুখে যোৱা এখন ডাবল ডেকাৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত পথতে বাগৰি পৰা যাত্ৰীবাহী বাছখন।

দুৰ্ঘটনাটো সক্ৰাৱা আৰক্ষী থানাৰ অন্তৰ্গত উৰিয়া সীমান্তত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত বহুতো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।অৱশ্যে এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি, ৬ জন যাত্ৰীৰ মৃত্যু নিশ্চিত কৰা হৈছে।

আনহাতে ৪০ জনৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ সময়ত, জলশক্তি মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিঙে ৰাস্তাৰে গৈ আছিল। বাছখন দুৰ্ঘটনাত হোৱা দেখাৰ লগে লগে তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।

মন্ত্ৰীজনে মানুহৰ সহায়ত বাছখনত আৱদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।