বুধবাৰে হায়দৰাবাদত আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য’ত ব্যাপক ভিৰ পৰিলক্ষিত হয় । সন্ধ্যা থিয়েটাৰৰ বাহিৰত পদপিষ্ট হৈ এগৰাকী মহিলা নিহত হয় আৰু আন দুজন আহত হয় । আহতসকলক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । স্ক্ৰীণিংৰ সময়ত অভিনেতাজনক চাবলৈ ব্যাপক ভিৰ হোৱাৰ লগতে বিশৃংখলতাৰ সৃষ্টি হয় ।
আল্লু অৰ্জুনৰ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ পুষ্পা ২: দ্য ৰুল আজি, ৫ ডিচেম্বৰ ২০২৪ তাৰিখে ছবিগৃহত মুক্তি দিয়া হৈছে । ইয়াৰ এদিন পূৰ্বে, বুধবাৰে নিশা, আৰ টি চি স্কোৱেৰত অৱস্থিত সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈছিল, য’ত এগৰাকী ৩৯ বছৰীয়া মহিলাই প্ৰাণ হেৰুৱাই । লগতে এটি শিশু আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে । আহত শিশুটি মহিলাগৰাকীৰ সৰু পুত্ৰ বুলি জানিব পৰা গৈছে ।
স্বামী আৰু সন্তানৰ সৈতে চিনেমা চাবলৈ আহিছিল মহিলাগৰাকী-
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দিলসুখনগৰৰ ৰেৱতী নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী ভাস্কৰ আৰু দুই সন্তানৰ সৈতে ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত আছিল । নিশা প্ৰায় ১০:৩০ বজাত ছবিখনৰ অভিনেতা আল্লু অৰ্জুনক চাবলৈ অনুৰাগীৰ ব্যাপক ভিৰ সমবেত হয়, যিসকল স্ক্ৰীণিংত উপস্থিত আছিল ।
এই ভাইৰেল ভিডিঅ’টোত, আৰক্ষী আৰু চাৰিওফালৰ লোকসকলক ভুক্তভোগীক সহায় কৰিবলৈ দৌৰা-দৌৰি কৰি থকা দেখা গৈছে । তেওঁলোকে ৰেৱতীক চিকিৎসালয়লৈ নিয়াৰ আগতে চি পি আৰ দিবলৈ চেষ্টা কৰিছিল । পুত্ৰৰ অৱস্থা সংকটজনক হৈ আছে, আনহাতে মহিলাগৰাকীয়ে ঘটনাস্থলীতে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ।
আল্লু অৰ্জুনক চাবলৈ নিয়ন্ত্ৰণহীন ভিৰ-
এক প্ৰতিবেদন অনুসৰি, যেতিয়া আল্লু অৰ্জুনৰ উপস্থিতিৰ খবৰ বিয়পি পৰিছিল, তেতিয়া ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰে । অভিনেতাজনৰ কাষৰ পৰা চাবলৈ হেতা-উপৰা লগায় অনুৰাগীসকলে । অভিনেতাজনৰ সুৰক্ষাৰ বাবে, তেওঁক আৰক্ষী আৰু সুৰক্ষা কৰ্মীয়ে আগুৰি ধৰিছিল ।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত, আৰক্ষীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ লাঠী চাৰ্জ কৰাও দেখা গৈছে । এক প্ৰতিবেদন অনুসৰি, থিয়েটাৰৰ বাহিৰত হোৱা ভিৰৰ মাজতে থিয়েটাৰৰ মূল গেটো খহি পৰে ।