এতিয়াও অব্যাহত আছে ইজৰাইল যুদ্ধ।এইবাৰ য়েমেনে পুনৰ আক্ৰমণ কৰিলে ইজৰাইলক।বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ সংঘটিত কৰে য়েমেনে। য়েমেনৰ হুটী বিদ্ৰোহীয়ে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পিছতে মধ্য ইজৰাইলৰ বহু কেইখন চহৰত চাইৰেণৰ শব্দ শুনিবলৈ পোৱা যায় আৰু হাই এলাৰ্ট জাৰি কৰে।
লেবাননৰ বিদ্ৰোহী সংগঠন হিজবুল্লাৰ সৈতে ইজৰাইলৰ যুদ্ধবিৰতি অব্যাহত আছে যদিও এই যুদ্ধ দুটা ভাগত বৰ্তমানেও অব্যাহত আছে। এবছৰতকৈ অধিক সময় ধৰি ইজৰাইলে হামাছৰ লগতে হিজবুল্লাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্তু হৈছে। যাৰ পৰিণতিত য়েমেনে পুনৰ বেলিষ্টিক মিছাইলেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।
এই কাণ্ড সংঘটিত কৰাৰ পিছতে ইজৰাইলৰ কেইবাখনো চহৰত ছাইৰেণ বাজি উঠে। জেৰুজালেমৰ সমীপৰ জুৰ হাদাছাহ সম্প্ৰদায়ৰ কিণ্ডাৰগাৰ্টেনৰ খেলপথাৰত মিছাইল বা ইন্টাৰচেপ্টৰ পৰি বহু অংশ ক্ষতি কৰে। এই ক্ষেপণাস্ত্ৰৰ কিছু খণ্ড পশ্চিম পাৰৰ হেব্ৰন চহৰৰ সমীপৰ হালহুলতও পৰে। অৱশ্যে এতিয়ালৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
ইজৰাইলৰ ওপৰত য়েমেনৰ ভয়ংকৰ মিছাইল আক্ৰমণ, মধ্য ইজৰাইলত হাই এলাৰ্ট জাৰি!
এতিয়াও অব্যাহত আছে ইজৰাইল যুদ্ধ।এইবাৰ য়েমেনে পুনৰ আক্ৰমণ কৰিলে ইজৰাইলক।বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ সংঘটিত কৰে য়েমেনে। য়েমেনৰ হুটী বিদ্ৰোহীয়ে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পিছতে মধ্য ইজৰাইলৰ বহু কেইখন চহৰত চাইৰেণৰ শব্দ শুনিবলৈ পোৱা যায় আৰু হাই এলাৰ্ট জাৰি কৰে। লেবাননৰ বিদ্ৰোহী সংগঠন হিজবুল্লাৰ সৈতে
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





