পহলগাম আক্ৰমণৰ পিছত বন্ধ হৈ পৰা ৭টা পৰ্যটনস্থলী পুনৰ মুকলি…

পহলগাম আক্ৰমণৰ পিছত বন্ধ হৈ পৰা ৭টা পৰ্যটনস্থলী পুনৰ মুকলি…

পহলগাম আক্ৰমণৰ পিছত বন্ধ হৈ পৰা ৭টা পৰ্যটনস্থলী পুনৰ মুকলি বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ হৈ থকা কাশ্মীৰ উপত্যকাৰ ৭টা ডাঙৰ পৰ্যটনস্থলী সোমবাৰে মুকলি কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে । শুকুৰবাৰে উপ-ৰাজ্যপাল মনোজ সিনহাৰ অধ্যক্ষতাত ইউনিফাইড হেডকোৱাৰ্টাৰৰ বৈঠকৰ অন্তত এই

পহলগাম আক্ৰমণৰ পিছত বন্ধ হৈ পৰা ৭টা পৰ্যটনস্থলী পুনৰ মুকলি

বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ হৈ থকা কাশ্মীৰ উপত্যকাৰ ৭টা ডাঙৰ পৰ্যটনস্থলী সোমবাৰে মুকলি কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে ।

শুকুৰবাৰে উপ-ৰাজ্যপাল মনোজ সিনহাৰ অধ্যক্ষতাত ইউনিফাইড হেডকোৱাৰ্টাৰৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আজি ইউ এইচ কিউৰ বৈঠকত নিৰাপত্তাৰ বিশদ পৰ্যালোচনা আৰু আলোচনাৰ অন্তত জম্মু-কাশ্মীৰ সংমণ্ডলত সাময়িকভাৱে বন্ধ হৈ থকা কেইবাটাও পৰ্যটনস্থলী পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হয় ।

২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ অঞ্চলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল, ইয়াৰে অধিকাংশই আছিল পৰ্যটক । পহলগাম আক্ৰমণৰ পিছতে প্ৰশাসনে উপত্যকা আৰু জম্মু অঞ্চলৰ প্ৰায় ৫০টা পৰ্যটনস্থলী বন্ধ কৰি দিয়ে ।

কাশ্মীৰত এতিয়া পুনৰ মুকলি হোৱা সাতটা পৰ্যটনস্থলীৰ ভিতৰত আছে-

-আডু উপত্যকা

-য়ানাৰ ৰাফটিং পইণ্ট

-আক্কাদ পাৰ্ক

-পদশাহি পাৰ্ক

-কামন পোষ্ট

ইয়াৰ উপৰিও জম্মু সংমণ্ডলত পাঁচটা পৰ্যটনস্থলী পুনৰ মুকলি কৰা হৈছে, য’ত আছে-

-ডাগান টপ (ৰামবান)

-ধগ্গড় (কঠুৱা)

-শিৱ গুহা (ছালাল, ৰিয়াছি)

ইয়াৰ পূৰ্বে জুন মাহত প্ৰশাসনে পহলগামৰ কিছু অংশকে ধৰি আন ১৬টা পৰ্যটনস্থলী পুনৰ মুকলি কৰিছিল ।

লগতে পঢ়ক : হিমালয়ত অৱস্থিত ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা…