হোৱাটছএপত বন্ধ হ’ব ChatGPT
১৫ জানুৱাৰীৰ পৰা কোটি কোটি হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লাভ কৰিব নোৱাৰিব ChatGPT ফিচাৰ।মেটাৰ নতুন নীতিৰ বাবে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এই সুবিধা লাভ কৰিব নোৱাৰিব।
আচলতে মেটাই নিজৰ নীতি আপডেট কৰিছে, য’ত হোৱাটছএপত কোনো তৃতীয় পক্ষৰ এআই চেটবট ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।
হোৱাটছএপৰ বিজনেছ API নিয়মত এই বৃহৎ পৰিৱৰ্তনটো কৰা হৈছে।বিশেষকৈ ব্যৱসায়িক ব্যৱহাৰকাৰীসকলে হোৱাটছএপত তৃতীয় পক্ষৰ চেটবট ব্যৱহাৰ কৰে, যেনে ChatGPT, Perplexity AI।
হোৱাটছএপৰ নতুন নীতি অনুসৰি সাধাৰণ AI ব্যৱহাৰ তৎক্ষণাত বাৰ্তা প্ৰেৰণৰ প্লেটফৰ্মত কৰিব নোৱাৰিব।ChatGPT নিৰ্মাণ কৰা কোম্পানী OpenAI এ সেই কথা নিশ্চিত কৰিছে যে,২০২৬ চনৰ ১৫ জানুৱাৰীৰ পিছত হোৱাটছএপত উপলব্ধ নহ’ব চেটজিপিটি ।
কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। OpenAI এ ইয়াৰ ব্লগ পোষ্টৰ জৰিয়তে এই তথ্য দিছে।বৰ্তমান ৫ কোটিতকৈ অধিক ব্যৱহাৰকাৰী অৰ্থাৎ ৫ কোটি ব্যৱহাৰকাৰীয়ে হোৱাটছএপত চেটজিপিটি ব্যৱহাৰ কৰি আছে।এই সুবিধা বন্ধ হ’লে ইয়াৰ প্ৰভাৱ কোটি কোটি ব্যৱহাৰকাৰীৰ ওপৰত পৰিব।
Meta ৰ নতুন নীতি অনুসৰি ২০২৬ চনৰ ১৫ জানুৱাৰীৰ পৰা হোৱাটছএপ বিজনেছ এপিআইত সাধাৰণ এআই চেটবট ব্যৱহাৰ কৰিব নোৱাৰিব।
মেটাই চিস্টেমত বৃদ্ধি পোৱা লোড আৰু বাৰ্তাৰ সংখ্যা বৃদ্ধিক এই পৰিবৰ্তনৰ কাৰণ হিচাপে উল্লেখ কৰে। মেটাৰ নীতি সন্দৰ্ভত OpenAI-এ কয় যে তেওঁলোকে হোৱাটছএপত নিজৰ সেৱা অব্যাহত ৰাখিব বিচাৰে, কিন্তু কোম্পানীৰ নীতিৰ বাবে এয়া সম্ভৱ নহ’ব।
লগতে পঢ়ক: চীনে সাগৰত উৎক্ষেপণ কৰিলে নিজৰ ব্ৰহ্মাষ্ট্ৰ; অতি উন্নত বিমানবাহী জাহাজ বহৰত অন্তৰ্ভুক্ত









