WhatsApp ত বিপদঘণ্টা; ৩.৫ বিলিয়ন ব্যৱহাৰকাৰীৰ ফোন নম্বৰ ফাদিল
WhatsApp ত বিপদঘণ্টা
WhatsAppত উদ্ধাৰ হোৱা এক গুৰুতৰ নিৰাপত্তাজনিত ত্ৰুটিয়ে সমগ্ৰ বিশ্বতে ৩.৫ বিলিয়ন ব্যৱহাৰকাৰীৰ ফোন নম্বৰ উদঙাই দিছে।
এইটো এতিয়ালৈকে লিপিবদ্ধ হোৱা অন্যতম বৃহৎ ডাটা লিক কেছ বুলি বিবেচিত হৈছে।চিন্তনীয়ভাৱে মেটা (ফেচবুক)ক এই দুৰ্বলতাৰ বিষয়ে ২০১৭, ২০২০ চনৰ পৰা সকীয়াই দিছিল,কিন্তু ঠিক কৰিবলৈ আঠ বছৰ লাগিল।
এই দোষ WhatsApp ৰ কন্টাক্ট ডিচকভাৰী ফিচাৰত আছিল। যেতিয়া কোনোবাই এপটোত যিকোনো ফোন নম্বৰ চাৰ্চ কৰে, তেতিয়া হোৱাটছএপে কৈ দিয়ে যে সেই নম্বৰটো সেৱাত উপলব্ধ হয় নহয়,আৰু ইয়াত প্ৰফাইল ফটো, ষ্টেটাছ টেক্সট আদি ৰাজহুৱা তথ্যও দেখুওৱা হয়।
অষ্ট্ৰিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ নিৰাপত্তা গৱেষকসকলে এই ফিচাৰ ব্যৱহাৰ কৰি বৃহৎ সংখ্যক ফোন নম্বৰ স্কেন কৰিছিল।
তেওঁলোকে মাত্ৰ ৫টা হোৱাটছএপ একাউণ্ট আৰু এটা চাৰ্ভাৰ ব্যৱহাৰ কৰি ৬৩ বিলিয়ন সম্ভাৱ্য নম্বৰ পৰীক্ষা কৰিছিল,য’ত ৩.৫ বিলিয়ন সক্ৰিয় হোৱাটছএপ নম্বৰ বিচাৰি উলিয়াইছিল,সেইটোও প্ৰতি ঘণ্টাত ১০ কোটি সংখ্যাৰ গতিৰে।
গৱেষণাৰ বাবে তেওঁলোকে ‘libphonegen’ নামৰ এটা সঁজুলি ব্যৱহাৰ কৰি ২৪৫খন দেশৰ প্ৰকৃত ফোন নম্বৰ সৃষ্টি কৰিছিল আৰু WhatsApp ৰ XMPP প্ৰট’কল ব্যৱহাৰ কৰিছিল।
গৱেষকসকলৰ মতে, তেওঁলোকে ৫৬.৭% একাউণ্টৰ পৰা বিভিন্ন তথ্য লাভ কৰিছিল, য’ত ফোন নম্বৰ,প্ৰ’ফাইল ফটো, লিখনীৰ বিষয়ে, এনক্ৰিপচন কি’, টাইমষ্টেম্প, আৰু কিছুমান ক্ষেত্ৰত, সংযুক্ত সামাজিক প্ৰ’ফাইল।
আটাইতকৈ আচৰিত কথাটো হ’ল ২৯.৩% ব্যৱহাৰকাৰীৰ ‘বিষয়’ শিতানত ধৰ্মীয়, ৰাজনৈতিক বা ব্যক্তিগত তথ্য লিখা থকা দেখা গৈছিল।
লগতে পঢ়ক: ১৫ মাহত ২৫ কিলোমিটাৰ… এন্টাৰ্কটিকাৰ হেক্টৰিয়া গ্লেছিয়াৰৰ আশ্চৰ্য