বৰুণ চক্ৰৱৰ্তী এতিয়া টি-২০ ক্ৰিকেটত ২০০ উইকেট দখল কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হৈছে।
বৰুণ চক্ৰৱৰ্তীয়ে শক্তিশালী কামবেক কৰি দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এক ভয়ংকৰ স্পেল দিয়ে আৰু তেওঁলোকে ৰাজস্থান ৰয়েলছক ১৫৫/৯ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে।কলকাতাৰ ইডেন গাৰ্ডেনত খেলা মেচখনত তেওঁ ইতিহাসৰ সৃষ্টি কৰে। বৰুণ চক্ৰৱৰ্তী এতিয়া টি-২০ ক্ৰিকেটত ২০০ উইকেট দখল কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হৈছে।মাত্ৰ ১৫৫ ইনিংছত তেওঁ এই মাইলৰ খুঁটি অৰ্জন কৰে,ইয়াৰ লগে লগে তেওঁ কুলদীপ যাদৱৰ অভিলেখ (১৬০ ইনিংছ) ভংগ কৰে।
বৈভৱ সূৰ্যবংশীক আউট কৰি ২০০ সংখ্যক উইকেট দখল কৰে চক্ৰৱৰ্তীয়ে। টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ৰাজস্থানে তীব্ৰ আৰম্ভণি কৰে।কিন্তু যি মুহূৰ্তত বৈভৱ সূৰ্যবংশীৰ উইকেট পৰিল,কে কে আৰৰ বলাৰসকলে নিজৰ গ্ৰিপ কটকটীয়া কৰি সমগ্ৰ দলটোক মাত্ৰ ১৫৫ ৰানত সীমাবদ্ধ কৰি ৰাখে।
বৰুণে এক উজ্জ্বল বলিং প্ৰদৰ্শন আগবঢ়ায়।তেওঁৰ বাবে এই স্পেল বিশেষ আছিল কাৰণ যথেষ্ট দিনৰ পৰা বৰুণক ফৰ্মত থকা যেন দেখা পোৱা নাছিল।
লগতে পঢ়ক: ৰিংকু সিঙৰ ধুমুহাই কেকেআৰক দিলে প্ৰথম জয়ৰ সোৱাদ; ৪ উইকেটত পৰাস্ত ৰাজস্থান









