পাকিস্তানক ধূলিসাৎ কৰি ছেমি ফাইনেলত ভাৰত, অধিনায়ক আয়ুষৰ অলৰাউণ্ড প্ৰদৰ্শন

পাকিস্তানক ধূলিসাৎ কৰি ছেমি ফাইনেলত ভাৰত, অধিনায়ক আয়ুষৰ অলৰাউণ্ড প্ৰদৰ্শন

দেওবাৰে অনুষ্ঠিত হোৱা এখন হাই ভল্টেজ মেচত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান । লগে লগে টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দেওবাৰে অনুষ্ঠিত হোৱা এখন হাই ভল্টেজ মেচত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান ।

দেওবাৰে অনুষ্ঠিত হোৱা এখন হাই ভল্টেজ মেচত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান । লগে লগে টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দেওবাৰে অনুষ্ঠিত হোৱা এখন হাই ভল্টেজ মেচত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় পাকিস্তান । এই মেচখনত ভাৰতে পাকিস্তানক ৫৮ ৰাণত পৰাস্ত কৰে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ভাৰতে সম্পূৰ্ণ ৫০ অভাৰ সম্পূৰ্ণ খেলাত ব্যৰ্থ হয় আৰু ২৫২ ৰানত অল আউট হয় । ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে মাত্ৰ ১৯৪ ৰানহে কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে ইংলেণ্ড, অষ্ট্ৰেলিয়া, আফগানিস্তানে বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । সেয়েহে সকলোৰে দৃষ্টি ভাৰত বনাম পাকিস্তানৰ মেচখনৰ ওপৰত আছিল, কিয়নো ইয়াৰ ফলাফলে ছেমি ফাইনেললৈ যোৱা চতুৰ্থ দলটোক নিৰ্ধাৰণ কৰে ।

ছেমি ফাইনেলত ভাৰত-

ভাৰতীয় দলটোৱে পাকিস্তানক ২৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । নেট ৰান ৰেটত পাকিস্তান বহু পিছ পৰি আছিল আৰু ছেমি ফাইনেলত  প্ৰৱেশৰ বাবে এই মেচখনত ৩৩.৩ অভাৰতে লক্ষ্যত উপনীত হ’ব লাগিছিল । উছমান খান, অধিনায়ক ফাৰহান ইউছুফ আৰু অ’পেনাৰ হামজা জাহুৰে প্ৰথমে ভাৰতক চাপত ৰাখিছিল যদিও পাকিস্তানৰ মিডল অৰ্ডাৰ আৰু টেইল এণ্ডাৰ বেটছমেনসকলে ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিত নোৱাৰি আত্মসমৰ্পণ কৰে ।

অধিনায়ক আয়ুষৰ মেচ বিজয়ী প্ৰদৰ্শন-

পাকিস্তানে মাত্ৰ দুটা উইকেট হেৰুৱাই ৩০ অভাৰতে ১৫১ ৰান সংগ্ৰহ কৰিছিল । স্ক’ৰব’ৰ্ড ৫তকৈ অধিক ৰান ৰেটত আগবাঢ়িছিল । পাকিস্তানী দলটো সহজ জয়ৰ কাষ চাপিছিল যেন লাগিছিল যদিও তাৰ পিছত আৰ এছ আম্ব্ৰিছে অধিনায়ক ফাৰহান ইউছুফক ৩৮ ৰানত আউট কৰে । ইয়াৰ পৰাই মেচখনৰ ফলাফল ভাৰতৰ পক্ষলৈ যায় ।

ইফালে, অধিনায়ক আয়ুষ মাহাত্ৰেই দুৰ্দান্ত বলিং আক্ৰমণ আৰম্ভ কৰে ।  তেওঁ বল হাতত তুলি লোৱাৰ কিছু সময়ৰ পিছতে আহমেদ হুছেইনক আউট কৰি পাকিস্তানক শলঠেকত পেলাই । উছমান খান তেতিয়াও ক্ৰীজত থাকি ভাৰতক চাপত ৰখাৰ প্ৰসায় কৰিছিল যদিও আয়ুষে তেওঁক ৬৬ ৰানত আউট কৰে । মাহাত্ৰেই একেৰাহে দুজন বেটছমেনক আউট কৰাত মেচখন ভাৰতৰ পক্ষলৈ ঘূৰি আহে । পাকিস্তানৰ অন্তিম ছটা উইকেট মাত্ৰ ৪৩ ৰানতে পতন ঘটে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ নতুন নাটক : ভাৰতৰ বিৰুদ্ধে মেচ নেখেলাৰ সিদ্ধান্ত