আমেৰিকাই যিকোনো সময়তে ইৰাণক আক্ৰমণ কৰিব পাৰে বুলি অহৰহ চৰ্চা চলি থকাৰ মাজতে ড’নাল্ড ট্ৰাম্পে ইৰাণক কিয় ক’লে ধন্যবাদ?
এফালে আমেৰিকাই যিকোনো সময়তে ইৰাণক আক্ৰমণ কৰিব পাৰে বুলি অহৰহ চৰ্চা চলি আছে, আনফালে আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা বিশেষ কাৰণৰ বাবে ইৰাণক ধন্যবাদ জনাইছে।
দৰাচলতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে এক অস্বাভাৱিক পদক্ষেপ গ্ৰহণ কৰি ইৰাণ চৰকাৰক শ শ ৰাজনৈতিক বন্দীক ফাঁচী নিদিয়াৰ বাবে ধন্যবাদ জনায়।

হোয়াইট হাউছত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে, “ইৰানে ৮০০ৰো অধিক লোকৰ ফাঁচী বাতিল কৰিলে।তেওঁলোকে লোৱা এই সিদ্ধান্তক মই সন্মান কৰিছো।”
ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কয় যে, ইৰাণে ৮০০ৰো অধিক লোকক ফাঁচী দিব লগা আছিল,কিন্তু তেওঁলোকে এতিয়া এনে নহ’ব বুলি কৈছে।যাৰ বাবে ট্ৰাম্পে এতিয়া “ধন্যবাদ” বুলি কৈছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ এই আচৰণ সেই সময়ত সলনি হৈছে যেতিয়া তেওঁ কিছু দিন আগলৈকে ইংগিত দিছিল যে যদিহে ইৰাণ চৰকাৰে ব্যাপক প্ৰতিবাদৰ সময়ত গণহত্যা কৰে তেন্তে আমেৰিকাই ইৰাণৰ ওপৰত সামৰিক আক্ৰমণ চলাব পাৰে।অৱশ্যে এই প্ৰতিবাদ এতিয়াৰ বাবে শান্ত হৈছে।
লগতে পঢ়ক: ইৰাণত প্ৰতিবাদ দমন কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ; আমেৰিকাৰ নতুন নিষেধাজ্ঞা









