আমেৰিকাই ইৰাণৰ শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। বিষয়াসকলৰ সৈতে জড়িত বিত্তীয় নেটৱৰ্কৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ শান্তিপূৰ্ণ প্ৰতিবাদ দমনৰ অভিযোগত ইৰাণৰ নিৰাপত্তা বিষয়া আৰু তেওঁলোকৰ সৈতে জড়িত বিত্তীয় নেটৱৰ্কৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে।
বৃহস্পতিবাৰে আমেৰিকাৰ কোষাগাৰ বিভাগে এই কথা ঘোষণা কৰে। এই পদক্ষেপ এনে সময়তে গ্ৰহণ কৰা হৈছে যেতিয়া ইৰাণত ইছলামিক ৰিপাব্লিকৰ ইতিহাসত সৰ্বাধিক চৰকাৰ বিৰোধী প্ৰতিবাদৰ পিছত পৰিস্থিতি উত্তেজিত হৈ পৰিছে।
আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্টে কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশ অনুসৰি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তেওঁ বিবৃতিটোত কয় যে স্বাধীনতা আৰু ন্যায়ৰ দাবীত ইৰাণৰ জনসাধাৰণৰ সৈতে আমেৰিকা দৃঢ়তাৰে থিয় হৈ আছে।কোষাগাৰ বিভাগৰ মতে,যিসকল বিষয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে,তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক ব্যৱস্থা গ্ৰহণ কৰে আৰু কোটি কোটি টকাৰ তেলৰ ৰাজহ গোপনে ডাইভাৰ্ট কৰা হৈছিল।
ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উচ্চতম পৰিষদৰ সম্পাদক আলী লাৰিজানীৰ নামো এই নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
লগতে পঢ়ক: ‘বৰ্তমানৰ পৰিস্থিতিৰ বাবে দায়ী বহিঃ শক্তি’; ট্ৰাম্পক মাছুদ পেজেস্কিয়ানৰ প্ৰত্যুত্তৰ









