টিম ইণ্ডিয়াৰ যুৱ বেটছমেন তিলক বৰ্মাৰ প্ৰেমৰ খবৰ সামাজিক মাধ্যমত বতাহৰ দৰে বিয়পি পৰিছে।
মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু টিম ইণ্ডিয়াৰ যুৱ বেটছমেন তিলক বৰ্মা পুনৰবাৰ নিজৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে। এইবাৰ ইয়াৰ কাৰণ হৈছে এটা ভাইৰেল ভিডিঅ’, য’ত সূৰ্য্যকুমাৰ যাদৱে ধেমালিতে তিলক বৰ্মা ‘প্ৰেমত পৰা’ বুলি উল্লেখ কৰিছে। ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে অনুৰাগীয়ে তেলেগু অভিনেত্ৰী শ্ৰীলীলাৰ সৈতে সংযোগ কৰে। ইয়াৰ লগে লগে দুয়োৰে ডেটিঙৰ উৰাবাতৰি পুনৰবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভাইৰেল ক্লিপটোত তিলক বৰ্মাক হেডফোন পিন্ধি হোটেলৰ লবীৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে।ইফালে পিছফালৰ পৰা সূৰ্য্যকুমাৰ যাদৱে তেওঁক “প্ৰেমত পৰা” বুলি জোকাই থকা দেখা যায়।যদিও সূৰ্যকুমাৰে কাৰো নাম উল্লেখ নকৰিলেও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লগে লগে শ্ৰীলীলাৰ সৈতে লিংক কৰে।
তিলক বৰ্মা আৰু শ্ৰীলীলাৰ মাজত প্ৰেম সম্পৰ্কীয় জল্পনা-কল্পনা তেতিয়া তীব্ৰতৰ হৈ পৰে যেতিয়া শ্ৰীলীলাই মাতৃ ডাঃ স্বৰ্ণলথাৰ সৈতে তিৰুমালা মন্দিৰ পৰিদৰ্শন কৰে। প্ৰায় একে সময়তে তিলক বৰ্মাকো পৰিয়ালৰ সৈতে মন্দিৰত দেখা পোৱা গৈছিল। কেৱল সেয়াই নহয়, ২০২৬ চনৰ ১৪ মে’ত ধৰ্মশালাত পঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) খেলখনটো অভিনেত্ৰীগৰাকীৰ মাতৃ ডাঃ স্বৰ্ণলতাক দেখা গৈছিল।
লগতে পঢ়ক: বিৰাট কোহলীৰ নতুন ইতিহাস; ডেভিদ ৱাৰ্নাৰক চেৰ পেলাই শীৰ্ষত স্থান লাভ









