গুজৰাটক পৰাস্ত কৰাৰ পিছত চৰ্চাত ৰিয়ান পৰাগৰ বিজয় উদযাপন

গুজৰাট টাইটানছক ২১১ ৰানৰ লক্ষ্য দি ৰয়েলছে ৰিয়ান পৰাগৰ পৰিপক্ক অধিনায়কত্বৰ বাবে মেচখনত ৰোমাঞ্চকৰ জয় লাভ কৰে

নতুন পূৰ্ণকালীন অধিনায়কৰ অধীনত ৰাজস্থান ৰয়েলছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত ব্যতিক্ৰমীভাৱে আগ্ৰাসী প্ৰদৰ্শন আগবঢ়াইছে । একেৰাহে দুখন খেলত জয়লাভ কৰি পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰিছে দলটোৱে । গুজৰাট টাইটানছৰ বিৰুদ্ধে অন্তিম কেইটামান অভাৰত অধিনায়ক ৰিয়ান পৰাগৰ বলিঙৰ পৰিৱৰ্তনে খেলখনৰ গতি পৰিৱৰ্তন কৰে । বিজয়ৰ পিছত তেওঁৰ চেলিব্ৰেশ্যনৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । এই উদযাপন আগ্ৰাসী যদিও ইয়াত পৰাগক সন্তুলিত দেখা গৈছে । ইয়াৰ পৰা দেখা যায় যে প্ৰতিভাৱান এই খেলুৱৈগৰাকী পৰিপক্ক হৈ উঠিছে ।

আহমেদাবাদত গুজৰাট টাইটানছক ২১১ ৰানৰ লক্ষ্য দি ৰয়েলছে ৰিয়ান পৰাগৰ পৰিপক্ক অধিনায়কত্বৰ বাবে মেচখনত ৰোমাঞ্চকৰ জয় লাভ কৰে । ৰছিদ খান আৰু কাগিছো ৰাবাদাই মেচখনৰ গতি প্ৰায় সলনি কৰিছিল । দুয়োজনে প্ৰায় ২০০ ষ্ট্ৰাইক ৰেটত বেটিং কৰি গুজৰাট টাইটানছক পুনৰ খেললৈ ঘূৰাই আনিছিল । ১২টা বলত মাত্ৰ ১৫ ৰানৰ প্ৰয়োজন হোৱাত ৰিয়ানৰ কৌশলে মেচখন ৰক্ষা কৰে । ১৯ নম্বৰ অভাৰটো জোফ্ৰা আৰ্চাৰক গতাই দি অন্তিম অভাৰটো দিবলৈ তুষাৰ দেশপাণ্ডেৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰে তেওঁ ।

আৰ্চাৰৰ অভাৰত মাত্ৰ চাৰি ৰানহে লাভ কৰিছিল গুজৰাটে । কিয়নো তেওঁ নিজৰ গতি আৰু সঠিক দৈৰ্ঘ ব্যৱহাৰ কৰি দুয়োজন বেটছমেনক শলঠেকত পেলায় । এই অভাৰত ৰছিদ আৰু ৰাবাদাই কেৱল ছিংগলহে ল’বলৈ সক্ষম হয় । ফাইনেল অভাৰত ১১ ৰান ৰক্ষা কৰিবলৈ হেঁচাত পৰা দেশপাণ্ডেয়ে চমৎকাৰ বলিং কৰে । তেওঁ একেৰাহে ইয়ৰ্কাৰ বলিং কৰিছিল । এই অভাৰত তেওঁ মাত্ৰ পাঁচ ৰানহে খৰছ কৰে লগতে ৰছিদকো আউট কৰে । মেচখন হাতৰ পৰা ওলাই যোৱা যেন লাগিছিল যদিও অৱশেষত ৰয়েলছে ছয় ৰানৰ জয় নিশ্চিত কৰে ।

এই ৰোমাঞ্চকৰ মেচত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক পৰাস্ত কৰাৰ পিছত অধিনায়ক ৰিয়ান পৰাগৰ উদযাপনৰ দৃশ্য আছিল ব্যতিক্ৰম । তেওঁ আগ্ৰাসীভাৱে বিজয় উদযাপন কৰিছিল যদিও সেয়া সীমাৰ ভিতৰত আছিল । ৰছিদ খানৰ উইকেটৰ পতনৰ লগে লগে তেওঁ টুপী খুলি ওপৰলৈ দলিয়াই । এই সময়ত তেওঁ এটাও শব্দ উচ্চাৰণ কৰা নাছিল আৰু টুপীটো মাটিতো পেলোৱা নাছিল । তেওঁৰ উৎসাহ প্ৰচুৰ আছিল যদিও তেওঁ স্থিৰতাও প্ৰদৰ্শন কৰিছিল । লগতে জয়ৰ পাছত শেষ অভাৰত বলিং কৰা তুষাৰক ৰিয়ান পৰাগে সাৱটি ধৰাও পৰিলক্ষিত হয় ।

লগতে পঢ়ক : আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ; বৰষুণে দিব নেকি বিধি-পথালি  

বিধানসভা নিৰ্বাচনৰ উত্তেজনাৰ মাজতে আজি বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচৰ বাবে সাজু হৈছে ক্ৰিকেট অনুৰাগী সকল। ঘৰুৱা খেলপথাৰত ধোনী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ।

বৰ্ষণমুখৰ পৰিৱেশত বৰ্ষাপাৰাত আজি আই পি এল ২০২৬ৰ তৃতীয়খন মেচ চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব।ঘৰুৱা খেলপথাৰত ধোনী বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ।

IPLৰ এই হাই-ভল্টেজ মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।প্ৰথমবাৰলৈ RR-ৰ পূৰ্ণাংগ অধিনায়কৰূপে খেলিব অসম সন্তান ৰিয়ান পৰাগে।মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব।

কিন্তু এই মেচত প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে খেলাৰ সম্ভাৱনা নাই। শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ তৰফৰ পৰা এটা পোষ্টত উল্লেখ কৰিছে যে ধোনীয়ে আই পি এল ২০২৬ৰ প্ৰথম দুসপ্তাহ খেলিব নোৱাৰিব।তেওঁ পেশীৰ ষ্ট্ৰেইনৰ বাবে চিকিৎসাধীন হৈ আছে। মহেন্দ্ৰ সিং ধোনীৰ অনুপস্থিতিক লৈ অনুৰাগী সকল হতাশ হৈছে।

ইফালে এই হাই-ভল্টেজ মেচখনত বৰষুণে বিধি-পথালি দিয়াৰো সম্ভাৱনা আছে।গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনৰ সময়ত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক: আই পি এল ২০২৬ৰ প্ৰথম দিনাই অলেখ অভিলেখ

ৰাজস্থান ৰয়েলছে ঘোষণা কৰিলে নতুন অধিনায়ক;  ৰিয়ান পৰাগৰ হাতলৈ কামাণ্ড

আইপিএল ২০২৬ৰ পূৰ্বে ৰাজস্থান ৰয়েলছে দলটোৰ নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে। অল ৰাউণ্ডাৰ ৰিয়ান পৰাগক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে।

২০২৬ ৰ আইপিএলৰ বাবে ৰাজস্থান ৰয়েলছে নিজৰ অধিনায়কৰ নাম ঘোষণা কৰিছে। আইপিএল ২০২৬ ৰ পূৰ্বে দলটোৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি অল ৰাউণ্ডাৰ ৰিয়ান পৰাগক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে।

এই পৰিৱৰ্তনটো তেতিয়া ঘটিছিল যেতিয়া দলটোৰ দীৰ্ঘদিন ধৰি অধিনায়কৰ দায়িত্ব লৈ থকা সঞ্জু চেমছনক ট্ৰেডৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)লৈ পঠিয়াই দিয়া হৈছিল।এই বাণিজ্যিক চুক্তিত ৰবীন্দ্ৰ জাডেজা আৰু ছেম কৰন ৰাজস্থানৰ দলত যোগদান কৰিছে।

আই পি এল ২০২৫ত সঞ্জু চেমছনৰ অনুপস্থিতিত কেইখনমান মেচত দলটোৰ অধিনায়কত্ব কৰিছিল ৰিয়ান পৰাগে।সেই সময়ছোৱাত ৰাজস্থান ৰয়েলছে আঠখন খেলৰ ভিতৰত দুখন খেলত জয়লাভ কৰিছিল।

ৰিয়ান পৰাগ ৰাজস্থানৰ অধিনায়কত্বৰ সপ্তমগৰাকী খেলুৱৈ।তেওঁৰ পূৰ্বে শ্বেন ৱাৰ্ণ, শ্বেন ৱাটছন, ৰাহুল দ্ৰাবিড়, ষ্টিভ স্মিথ, অজিংক্য ৰাহানে, সঞ্জু চেমছনে দলটোৰ অধিনায়ক হিচাপে কাম কৰিছে।

নতুন অধিনায়ক বাছনি কৰাৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ সাংগাকাৰাই বহু খেলুৱৈৰ সাক্ষাৎকাৰ লৈছিল, ইয়াৰ পিছত অৱশেষত ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হয়।

২০১৯ চনত আই পি এলত অভিষেক ঘটাৰ পিছৰে পৰা ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ ধাৰাবাহিক অংশ হিচাপে পৰিগণিত হৈছে।এতিয়ালৈকে তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ ৮৪খন মেচত ২৬.১০ গড়ে ১৫৬৬ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ২০২৬ত বৃহৎ অঘটন, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জিম্বাবুৱেই গঢ়িলে এই অভিলেখ

টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ বাবে ঘোষণা টিম ইণ্ডিয়া, দললৈ উভতিল তিলক বাৰ্মা

টি-২০ বিশ্বকাপৰ পূৰ্বে দুখনকৈ প্ৰস্তুতি মেচ খেলিব টিম ইণ্ডিয়াই । ইয়াৰ বাবে ঘোষণা কৰা হৈছে দল ।

টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে ঘোষণা কৰা হৈছে ইণ্ডিয়া এ দল, যিয়ে বিশ্বকাপৰ পূৰ্বে দুখন গুৰুত্বপূৰ্ণ ৱাৰ্ম আপ মেচ খেলিব । উল্লেখ্য যে, এই প্ৰথম অনুশীলন মেচখনত আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিব যুৱ বেটছমেন তিলক বাৰ্মা ।

আয়ুষ বাদোনীক অধিনায়কৰ দায়িত্ব-

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আয়ুষ বাদোনীক ইণ্ডিয়া এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । আজি দলটোৱে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন ৱাৰ্ম আপ মেচ খেলিব । দ্বিতীয়খন খেল নামিবিয়াৰ বিৰুদ্ধে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্স (CoE)ত অনুষ্ঠিত হ’ব । এই দুখন মেচত খেলুৱৈসকলে বিশ্বকাপৰ পূৰ্বে নিজৰ ফৰ্ম আৰু ফিটনেছ পৰীক্ষা কৰাৰ এক ভাল সুযোগ লাভ কৰিব ।

তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তনত শক্তি বৃদ্ধি ভাৰতৰ-

টিম ইণ্ডিয়াৰ বাবে আটাইতকৈ উৎসাহজনক খবৰটো হ’ল তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তন । শেহতীয়াকৈ তিলকৰ অস্ত্ৰোপচাৰ হৈছিল আৰু এতিয়া তেওঁক বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সে ফিট বুলি ঘোষণা কৰিছে । ২ ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে তেওঁ ইণ্ডিয়া এৰ হৈ খেলিব, তাৰ পিছত তেওঁ ছিনিয়ৰ দলত যোগদান কৰিব । তেওঁৰ প্ৰত্যাৱৰ্তনৰ ফলত ভাৰতীয় দলৰ মিডল অৰ্ডাৰ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।

আই পি এলৰ তাৰকাৰে সমৃদ্ধ ভাৰতীয় দল-

১৫ জনীয়া ইণ্ডিয়া এ দলত আছে আই পি এলত ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকীও খেলুৱৈ । নমন ধীৰ, বিপ্ৰজ নিগম আৰু বেগী বলাৰ মায়ংক যাদৱৰ দৰে যুৱ খেলুৱৈ দলটোৰ অংশ । এই খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে নিৰ্বাচকসকলক আপ্লুত কৰাৰ সুযোগ পাব ।

অপেক্ষা কৰিব লাগিব কেইবাজনো খেলুৱৈয়ে-

ৱাশ্বিংটন সুন্দৰক পুনৰবাৰ দলৰ পৰা আঁতৰত আছে । শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ শৃংখলাত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলাত ব্যৰ্থ হয় আৰু আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই তেওঁ । খবৰ অনুসৰি সুন্দৰে অতি সোনকালে ফিটনেছ টেষ্টত অৱতীৰ্ণ হ’ব লাগিব । ইফালে, কান্ধৰ আঘাতৰ পৰা সুস্থ হৈ উঠা ৰিয়ান পৰাগ দললৈ ঘূৰি আহিছে, যিটো ইণ্ডিয়া এৰ বাবে ভাল খবৰ ।

ইণ্ডিয়া এ স্কোৱাড-

আয়ুষ বাদোনি (অধিনায়ক), নমন ধীৰ, আশুতোষ শৰ্মা, প্ৰিয়ংশ আৰ্য্য, এন জগদীশন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিয়ান পৰাগ, মানৱ সুথাৰ, অশোক শৰ্মা, উৰভিল পেটেল (উইকেটকীপাৰ), গুৰজপনীত সিং, বিপ্ৰজ নিগম, ৰবি বিষ্ণোই, খলিল আহমেদ, মায়ংক যাদৱ ।

লগতে পঢ়ক : “ফিল দ্য থ্ৰিল”… থিম ছং মুকলি কৰি টি-২০ বিশ্বকাপৰ ৰণশিঙা বজালে আইচিচিয়ে

আজি ঘোষণা হ’ব পাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ দল, ৰিয়ান পৰাগক লৈয়ো চৰ্চা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ দলত কোন কোন ?

বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা চলি আছে । আজি ৰায়পুৰত শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হৈ আছে । অহা ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন মেচ । ইয়াৰ পিছতে দুয়োটা দলৰ মাজত ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পাঁচখন মেচৰ টি২০ শৃংখলা । অৱশ্যে টি২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া এতিয়াও ঘোষণা কৰা হোৱা নাই । তাৰ মাজতে আজি দলটো ঘোষণা কৰা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এই টি২০ শৃংখলাটো অতি গুৰুত্বপূৰ্ণ । সেয়ে সকলোৰে গুৰুত্ব দল নিৰ্বাচনত থাকিব । ইয়াত নিৰ্বাচিত খেলুৱৈসকলক দল পৰিচালনাই বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰিব ।

হাৰ্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন নিশ্চিত!

খবৰ অনুসৰি, অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । এছিয়া কাপৰ সময়ত পোৱা আঘাতৰ বাবে দুমাহ ধৰি টিম ইণ্ডিয়াৰ পৰা আঁতৰি আছে হাৰ্দিক । অৱশ্যে বুধবাৰে চৈয়দ মুস্তাক আলী ট্ৰফীত খেলি বেটেৰে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে বিস্ফোৰক অলৰাউণ্ডাৰগৰাকীয়ে । ফলস্বৰূপে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে তেওঁৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি ধাৰণা কৰা হৈছে । ইফালে, হাৰ্দিকৰ উভতি আহিলে নীতিশ কুমাৰ ৰেড্ডী দলৰ বাহিৰত থাকিব পাৰে ।

যশস্বী জয়ছোৱাল নে শুভমন গীল ?

কলকাতাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাৰ বাবে গীলৰ ফিটনেছৰ বিষয়ে এতিয়াও কোনো স্পষ্টতা নাই । ফিট হ’লে নিশ্চয় খেলিব, নহ’লে যশস্বী জয়ছোৱালে সুযোগ পাব । ইয়াৰ অৰ্থ এইটো যে সঞ্জু চেমছনক পুনৰ ইনিংছ মুকলি কৰা দেখা যাব পাৰে ।

চৰ্চাত ৰিয়ান পৰাগো-

অলৰাউণ্ডাৰ ৰিয়ান পৰাগে এই দলত যোগদানৰ সুযোগ পাব পাৰে । যদি এয়া হয় তেন্তে ৱাশ্বিংটন সুন্দৰ বা ৰিংকু সিঙ বাদ পৰিব পাৰে । ইয়াৰ দ্বাৰা ভাৰতৰ বেঞ্চৰ শক্তি কিমান গভীৰ সেয়া বুজা যায় ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ৰ বাবে সাম্ভাব্য ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গীল বা যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমচন, জিতেশ শৰ্মা, অক্ষৰ পেটেল, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, ৰিয়ান পৰাগ ।

লগতে পঢ়ক : ৰোহিত-কোহলীৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ

ইণ্ডিয়া এ দলত অসম সন্তান ৰিয়ান পৰাগ

ভাৰতীয় দলত ৰিয়ান পৰাগ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে । তিলক বাৰ্মাক ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ৰুতুৰাজ গাইকোৱাদে  উপ-অধিনায়ক হিচাপে দায়িত্ব পালন কৰিব । ঈশান কিষানকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই ছিৰিজত ফাষ্ট বলাৰ অৰ্শদীপ সিঙকো খেলা দেখা যাব ।

ইফালে ইণ্ডিয়া এ দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে । ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ১৩ নৱেম্বৰত, দ্বিতীয়খন ১৬ নৱেম্বৰত আৰু তৃতীয়খন ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব । তিনিওখন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । তিনিওখন মেচ দিবা-নৈশ ফৰ্মেটত অনুষ্ঠিত হ’ব ।

ইণ্ডিয়া এ দল :

তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (সহ-অধিনায়ক), অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ (উইকেটকীপাৰ), আয়ুষ বদোনি, নিশান্ত সিন্ধু, বিপ্ৰজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, প্ৰভসিমৰণ সিং (উইকেটকীপাৰ)।

লগতে পঢ়ক : বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ; কেতিয়া অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা

এই বিদেশ ভ্ৰমণৰ বাবে অধিনায়ক ৰিয়ান পৰাগ

অসম সন্তান তথা ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজনৰ বহু মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ৰ দায়িত্ব পালন কৰিছিল । অৱশ্যে ৰাজস্থান ৰয়েলছ দলটো এই প্ৰতিযোগিতাৰ প্লে অফৰ পৰা বাহিৰ হোৱা তৃতীয়টো দল আছিল । তেওঁৰ দলৰ প্ৰদৰ্শন বৰ ভাল নাছিল । ইয়াৰ পিছতে এতিয়া পৰাগে অধিনায়ক হিচাপে নামিবিয়া ভ্ৰমণলৈ যাব, য’ত অসম ক্ৰিকেট দলে ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা খেলিব ।

অসম ক্ৰিকেট দলে নামিবিয়া ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । এই শৃংখলা দুয়োটা দলৰ যুৱ খেলুৱৈৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, ই হ’ব নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক মঞ্চ । অসম দলত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ মিশ্ৰণ আছে । দলটোত ইয়াত আকাশ সেনগুপ্ত, পাৰভেজ মুশ্বাৰফ আৰু ডানিছ দাসৰ দলে খেলুৱৈ আছে । এই দলৰ অধিনায়ক ৰিয়ান পৰাগ ।

নামিবিয়া ক্ৰিকেট দলো দুৰ্বল দল নহয় । অসম দলক কঠিন প্ৰত্যাহ্বান দিবলৈ সাজু হৈছে নামিবিয়া । এই দলটোৰ অধিনায়ক হ’ব জেৰাৰ্ড ইৰাছমাছ ।

অসম বনাম নামিবিয়া এদিনীয়া শৃংখলাৰ সূচী-

অসম ক্ৰিকেট দল আৰু নামিবিয়া ক্ৰিকেট দলৰ মাজত ৫ খনীয়া এদিনীয়া খেলৰ শৃংখলা অনুষ্ঠিত হ’ব । ২১ জুনত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ । ২৩ জুনত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া । তৃতীয় আৰু চতুৰ্থ মেচ ২৫ আৰু ২৭ জুনত অনুষ্ঠিত হ’ব । শৃংখলাৰ অন্তিমখন মেচ ২৯ জুনত অনুষ্ঠিত হ’ব । শৃংখলাৰ সকলো মেচ এফ এন বি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ আই পি এলত ১৪খন মেচত ৩৯৩ ৰান সংগ্ৰহ কৰিছিল ৰিয়ান পৰাগে, তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৬৬.৫২ । এই ছিজনত তেওঁৰ বেটৰ পৰা মাত্ৰ এটাহে অৰ্ধশত আহে । এই ইনিংছ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁ ইডেন গাৰ্ডেনছত ৯৫ ৰান সংগ্ৰহ কৰিছিল ।

২০১৯ চনত ৰাজস্থানৰ হৈ পৰাগে অভিষেক ঘটায়, তেতিয়াৰ পৰাই তেওঁ এই ফ্ৰেঞ্চাইজিৰ অংশ হৈ আহিছে । তেওঁ মুঠ ৮৪খন মেচত ১৫৬৬ ৰান সংগ্ৰহ কৰিছে ।

ৰিয়ান পৰাগৰ ঘৰুৱা কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ৩৩খন প্ৰথম শ্ৰেণীৰ মেচত ২০৪২ ৰান সংগ্ৰহ কৰিছে । তেওঁ ৫০ খন লিষ্ট এ মেচত ১৭৩৫ ৰান সংগ্ৰহ কৰিছে । লগতে তেওঁৰ নামত আছে ৫৩-৫৩ উইকেট । ইয়াৰ উপৰিও ১৩৭ খন টি-২০ মেচত ৩১১৫ ৰান সংগ্ৰহ কৰি ৪৮ টা উইকেট দখল কৰিছে তেওঁ ।

ৰিয়ান পৰাগ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-

ভাৰতীয় ক্ৰিকেট দলৰ হৈ ১খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৰিয়ান পৰাগে । এই মেচত তেওঁ ১৫ ৰান সংগ্ৰহ কৰাৰ লগতে ৩ উইকেট দখল কৰিছে । ইয়াৰ উপৰিও তেওঁ ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৬ টা ইনিংছত ১০৬ ৰান সংগ্ৰহ কৰি ৪ উইকেট দখল কৰিছে ।

লগতে পঢ়ক : মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে এইগৰাকী বিস্ফোৰক বেটছমেনে…

অথলে গ’ল ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন; ১ ৰানত কলকাতাই ৰাজস্থানক কৰিলে পৰাস্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ৫৩ নম্বৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক ১ ৰানত পৰাস্ত কৰে।

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত খেলখনত ৰাজস্থানক জয়ৰ বাবে ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল, কিন্তু তেওঁলোকে ৮ উইকেটত ২০৫ ৰানহে কৰিব পাৰে।

খেলখনৰ অন্তিম অভাৰত জয়ী হ’বলৈ ৰাজস্থানক প্ৰয়োজন হৈছিল ২২ ৰানৰ।সেই অভাৰত শুভম ডুবেই দুটা ছয় আৰু এটা চাৰি মাৰি মেচখন ৰোমাঞ্চকৰ কৰি তুলিছিল।কিন্তু তেওঁলোকক জয়ী হ’বলৈ শেষৰ বলত প্ৰয়োজনীয় তিনিটা ৰান কৰিব নোৱাৰিলে দলটোৱে।

ৰাজস্থান ৰয়েলছৰ আৰম্ভণি বৰ ভাল নাছিল।প্ৰথম অভাৰতে বৈভৱ সূৰ্য্যবংশীৰ উইকেট হেৰুৱাইছিল।বেগী বলাৰ বৈভৱ অৰোৰাৰ বলত ৪ ৰান সংগ্ৰহ কৰি বৈভৱ পেভেলিয়ান মুখি হয়।

ৰাজস্থান ৰয়েলছৰ সৈতে যশস্বী জয়ছৱালে ২১ টা বলত ৩৪ ৰান, বৈভৱ সূৰ্যবংশীয়ে ২ টা বলত ৪ ৰান, কুনাল সিং ৰাথোড়ে ৫ টা বলত শূন্য,ৰিয়ান পৰাগে ৪৫ টা বলত ৯৫ ৰান, ধ্ৰুব জুৰেলে ১ টা বলত আউট, ৱানিন্দু হছৰামগীউ ২ টা বলত শূন্য, শ্বিমৰন হেটমেয়াৰে ২৩ টা বলত ২৯ ৰান, সুভম ডুবে ১৪ টা বলত ২৫ ৰান (নট আউট), জফ্ৰা আৰ্চেৰে ৮টা বলত ১২ ৰান কৰিবলৈ সক্ষম হয়।