ৰিংকু সিঙৰ ধুমুহাই কেকেআৰক দিলে প্ৰথম জয়ৰ সোৱাদ; ৪ উইকেটত পৰাস্ত ৰাজস্থান

দেওবাৰে কেকেআৰ আৰু ৰাজস্থানৰ মাজত অনুষ্ঠিত হোৱা খেলখনত কলকাতাই ৪ উইকেটত জয়লাভ কৰে।

দেওবাৰে আই পি এল ২০২৬ৰ ২৮ সংখ্যক মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হয়।কলকাতাৰ ইডেন গাৰ্ডেনত খেলা এই খেলখনত কেকেআৰে ৪ উইকেটত জয়লাভ কৰে।আই পি এলৰ এইটো ছিজনত কেকেআৰৰ এয়া প্ৰথম জয়।ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়।ৰাজস্থানে বৈভৱৰ ৪৬ ৰানৰ সৈতে কেকেআৰৰ সন্মুখত ১৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। যিটো কেকেআৰে ফাইনেল অভাৰত সম্পূৰ্ণ কৰে।

কেকেআৰৰ আৰম্ভণি বৰ ভাল নাছিল। দলটোৰ দুয়োজন অ’পেনাৰ টিম ছেইফাৰ্ট আৰু অজিংকিয়া ৰাহানে খাটাই খুলিব নাপালে। কিন্তু ৰিংকু সিঙে দুৰ্দান্ত প্ৰদৰ্শনে কেকেআৰক জয়ৰ সোৱাদ দিয়ে। এই জয়েৰে কেকেআৰ দলটোৱে পইণ্ট টেবুলৰ ৯ম স্থানলৈ আহে।

লগতে পঢ়ক: এদিনীয়া বিশ্বকাপ ২০২৭লৈ অব্যাহত থাকিব আগাৰকাৰ যুগ, বিচিচিআইয়ে দিব উপহাৰ

ৱেষ্ট ইণ্ডিজৰ সৈতে খেলৰ পূৰ্বে ভাৰতীয় দলৰ বাবে ডাঙৰ খবৰ; পুনৰ দলত যোগদান কৰিব ৰিংকু সিং

শনিবাৰে কলকাতাত পুনৰ টিম ইণ্ডিয়াত যোগদান কৰিব ৰিংকু সিঙে। ১ মাৰ্চত ছুপাৰ ৮ পৰ্যায়ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ এক গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে ১ মাৰ্চত কলিকতাৰ ইডেন গাৰ্ডেনত ছেমি ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে এই খেলখন খেলিব।তাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই এক ডাঙৰ খবৰ দিছে।

তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰিংকু সিঙৰ উপলব্ধতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।জানিব পৰা মতে  তাৰকা বেটছমেনগৰাকীয়ে খেলখনৰ পূৰ্বে শনিবাৰে কলকাতাত ভাৰতীয় দলটোত যোগদান কৰিব।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰিংকুৰ পিতৃ খানচান্দৰ মৃত্যু হয়। পিতৃৰ শেষকৃত্য সম্পন্নৰ বাবে গাঁৱৰ ঘৰলৈ আহিছিল ৰিংকু সিং। কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচখনৰ বাবে অহা ২৮ ফেব্ৰুৱাৰী (শনিবাৰ) কলকাতাত ভাৰতীয় দলত পুনৰ যোগদান কৰিব ৰিংকুৱে।  

লগতে পঢ়ক: কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন

‘এই কঠিন সময়ত মোৰ প্ৰাৰ্থনা আপোনালোকৰ লগত’; ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত বিৰাট কোহলীৰ শোক প্ৰকাশ

টি-২০ বিশ্বকাপ ২০২৬ৰ টিম ইণ্ডিয়াৰ দলৰ অংশ ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত শোকৰ পাহাৰ ভাগি পৰিছে। এই খবৰ লাভ কৰাৰ পিছতে বিৰাট কোহলীয়ে শোক প্ৰকাশ কৰিছে।

ভাৰতীয় ক্ৰিকেট দলে বৰ্তমান টি-২০ বিশ্বকাপ ২০২৬ত খেলি আছে।এই মেচখনৰ মাজতেই টিম ইণ্ডিয়াৰ দলৰ অংশ হিচাপে থকা ৰিংকু সিঙৰ বাবে এটা অতি দুখজনক খবৰ আহে।

ৰিংকু সিঙৰ পিতৃ বহুদিন অসুস্থ হৈ আছিল,য’ত তেওঁৰ গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।এই দুখৰ খবৰটোৰ পাছতেই বিৰাট কোহলীকে ধৰি ক্ৰিকেট জগতৰ বহু খেলুৱৈয়ে ৰিংকু আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

ৰিংকু সিঙৰ পিতৃৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছত টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে যে,ৰিংকুৰ দেউতাকৰ মৃত্যুৰ খবৰ পাই যথেষ্ট মৰ্মাহত হৈছো।এই কঠিন সময়ত আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ মোৰ প্ৰাৰ্থনা আৰু সমবেদনা জ্ঞাপন কৰিছো।ভগৱানে আপোনাক তেওঁৰ চিৰদিনীয়া আশীৰ্বাদত শক্তি প্ৰদান কৰক।ঔম শান্তি।

উল্লেখ্য যে, জিম্বাবুৱেৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ৰিংকু সিঙে পিতৃক চাবলৈ ঘৰলৈ উভতি আহিছিল, অৱশ্যে মেচৰ মাত্ৰ এদিন আগতে পুনৰ দলত যোগদান কৰে।

বিৰাট কোহলীৰ উপৰি টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি খেলুৱৈ যুৱৰাজ সিঙেও ৰিংকু সিঙৰ পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শোক প্ৰকাশ কৰে।

তেওঁ লিখিছে যে, ৰিংকুৰ দেউতাকৰ মৃত্যুৰ খবৰটো শুনি দুখ লাগিল। এনে মুহূৰ্তত কোনো শব্দই যথেষ্ট যেন নালাগে।এই কঠিন সময়ত মই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগত আছো।আশা কৰো আপুনি চৌপাশৰ ভালপোৱাত শক্তি আৰু সাহস পাব।

যুৱৰাজ সিঙৰ উপৰিও শিখৰ ধাৱন, উমেশ যাদৱ আৰু যুজবেন্দ্ৰ চাহালেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শোক প্ৰকাশ কৰে।

লগতে পঢ়ক: জিম্বাবুৱেক পৰাস্ত কৰিও সংকটমুক্ত নহ’ল নাই টিম ইণ্ডিয়া, কি কয় পইন্ট টেবুলৰ স্থিতিয়ে

ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ মৃত্যু, নয়দাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ

ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃ দেহাৱসান । গ্ৰেটাৰ নয়ডাৰ যথাৰ্থ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ক্ৰিকেটাৰগৰাকীৰ পিতৃয়ে ।

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃ দেহাৱসান । গ্ৰেটাৰ নয়ডাৰ যথাৰ্থ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ক্ৰিকেটাৰগৰাকীৰ পিতৃয়ে । ৰিংকু সিঙৰ পিতৃ খচন্দ্ৰ সিং ষ্টেজ-৪ লিভাৰ কেন্সাৰৰ সৈতে যুঁজি আছিল । শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল, যাৰ ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা জানিব পাৰি ৰিংকু সিঙে জিম্বাবৱেৰ বিৰুদ্ধে মেচৰ পূৰ্বে হঠাতে টিম ইণ্ডিয়া এৰি ঘৰলৈ উভতি যাবলগীয়া হৈছিল । খচন্দ্ৰ সিঙে কেইবাদিনো মেকানিকেল ভেণ্টিলেটৰ চাপৰ্টত আছিল ।

টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰিংকু সিঙে শেহতীয়াকৈ দল এৰি ঘৰলৈ উভতি অহাৰ বাতৰি প্ৰকাশ কৰিছে । মঙলবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত টিম ইণ্ডিয়াই অনুশীলন কৰে যদিও ৰিংকু সিঙে অংশ লোৱা নাছিল । আন খেলুৱৈসকলক অনুশীলন কৰা দেখা গৈছিল । অলপ পিছতে খবৰ প্ৰকাশ পায় যে তেওঁৰ পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ মৃত্যুৰে যুঁজি আছে । এই কাৰণেই ৰিংকুৱে ঘৰলৈ উভতি যাব লগা হৈছিল ।

অৱশ্যে জিম্বাবৱেৰ বিৰুদ্ধে বৃহস্পকিবাৰে অনুষ্ঠিত হোৱা মেচত পুনৰ দলত যোগদান কৰিছিল যদিও মূল একাদশৰ অংশ নাছিল ৰিংকু সিং ।

উল্লেখ্য যে, পৰিয়ালটোৰ বাবে ৰিংকু সিঙৰ পিতৃয়ে যথেষ্ঠ সংগ্ৰাম কৰিছিল । তেওঁ গেছ চিলিণ্ডাৰ ডেলিভাৰীমেন হিচাপে কাম কৰিছিল, ঘৰে ঘৰে গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰিছিল, পুত্ৰৰ সপোনক সাকাৰ ৰূপ দিছিল । ৰিংকু সিঙৰ সফলতাৰ পিছতো দেউতাকে এই কাম এৰি দিয়া নাছিল ।

বুধবাৰৰ সংবাদমেলৰ সময়ত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সীতাংশু কোটাকে ৰিংকু সিঙৰ বিষয়ে আপডেট প্ৰদান কৰি পিতৃ অসুস্থ আৰু ঘৰলৈ উভতি যোৱা বুলি উল্লেখ কৰে । প্ৰশিক্ষকে আৰু কয় যে ৰিংকুৱে অতি সোনকালে দলত যোগদান কৰিব । অৱশ্যে এই দুখজনক খবৰৰ পিছত তেওঁ কেতিয়া টিম ইণ্ডিয়ালৈ ঘূৰি আহিব সেয়া স্পষ্ট নহয় ।

লগতে পঢ়ক : ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

চিন্তা বাঢ়িল ভাৰতীয় দলৰ! বিশ্বকাপ এৰি ঘৰলৈ ঘূৰিল এইগৰাকী তাৰকা খেলুৱৈ

টি-২০ বিশ্বকাপ ২০২৬ত ছেমিফাইনেলৰ পথ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ভাৰতীয় দলৰ । ইয়াৰ মাজতে আন এক সমস্যাই দলক চিন্তিত কৰি তুলিছে ।

ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে ভাৰতীয় দলৰ । চলিত টি-২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ চাৰিওখন মেচত জয়লাভ কৰিলেও ছুপাৰ-৮ৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় দলটো । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপ ২০২৬ত ছেমিফাইনেলৰ পথ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ভাৰতীয় দলৰ । ইয়াৰ মাজতে ভাৰতীয় দলটোৱে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙে প্ৰতিযোগিতাখন আধাতে এৰি ঘৰলৈ উভতিছে । মঙলবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় দলৰ অনুশীলন অনুষ্ঠিত হৈছিল যদিও ৰিংকু সিঙে অংশ লোৱা নাছিল । অশ্যে আন খেলুৱৈসকলক অনুশীলন কৰা দেখা যায় ।

জানিব পৰা মতে ৰিংকু সিঙৰ পিতৃ অসুস্থ হৈ পৰিছে । তেওঁৰ অৱস্থা সংকটজনক । সেইবাবে হঠাৎ ঘৰলৈ উভতিব লগা হৈছে দলৰ বিস্ফোৰক বেটছমেন ৰিংকু সিং । ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ আলিগড়ত । ৰিংকুৱে কেতিয়া ঘূৰি আহি টিম ইণ্ডিয়াত যোগদান কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আপডেট প্ৰকাশ হোৱা নাই ।

২৬ ফেব্ৰুৱাৰীত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ মেচ-

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ পৰৱৰ্তী মেচ জিম্বাবুৱেৰ বিৰুদ্ধে । যদিও টিম ইণ্ডিয়াই জিম্বাবুৱেৰ দৰে সৰু দলৰ মুখামুখি হ’ব, তথাপিও ভাৰতৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ । কিয়নো ভাৰতীয় দলটোৱে এই মেচখনত বৃহৎ ব্যৱধানত জয়ী হ’ব লাগিব । অন্যথা এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব পাৰে ডিফেণ্ডিং চেম্পিয়ন দলটো । এই প্ৰতিযোগিতাখনত জিম্বাবুৱেই ব্যতিক্ৰমীভাৱে ভাল খেলিছে, আনকি দুটা ডাঙৰ অঘটনো ঘটাইছে । চলিত বিশ্বকাপত জিম্বাবুৱেই শক্তিশালী অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাক পৰাস্ত কৰিছে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপত এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ যুঁজ, জানক সম্পূৰ্ণ সূচী

ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ আজি এংগেজমেণ্ট; উপস্থিত থাকিব ৩০০ ভিআইপি অতিথি

ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ আজি এংগেজমেণ্ট

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং আৰু এছ পি সাংসদ প্ৰিয়া সৰোজৰ আজি লক্ষ্ণৌত আঙঠি অনুষ্ঠান অনুষ্ঠিত হ’ব । চহৰখনৰ ৫ তাৰকাযুক্ত হোটেল দ্য চেণ্ট্ৰামত এই এংগেজমেণ্টৰ মঞ্চ তৈয়াৰ কৰা হৈছে।

প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ কুমাৰ, পিযুষ চাওলা আৰু ইউ পি ৰঞ্জী দলৰ অধিনায়ক আৰ্য্য জুৱাল উপস্থিত থাকিব। পৰিয়ালৰ সৈতে গভীৰ নিশা হোটেল উপস্থিত হয় ৰিংকু সিং।

চেণ্ট্ৰেল হোটেলত আঙঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে ১৫টা কোঠা বুকিং কৰা হৈছে। ইয়াৰে ৫টা কোঠা ৰিংকুৰ বন্ধুসকলৰ বাবে সংৰক্ষিত। অখিলেশ, ডিম্পল যাদৱ আৰু প্ৰিয়াৰ সাংসদ বন্ধু ইকৰা হাছানেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এংগেজমেণ্ট অনুষ্ঠানৰ বাবে নিৰ্বাচিত হৈছে চেণ্ট্ৰম হোটেলৰ ফুলকাৰ্ণ হল। ইয়াত ৩০০ৰো অধিক লোক উপস্থিত থাকিব পাৰে। এই অনুষ্ঠানৰ বাবে ১২x১৬ ফুটৰ এখন গ্ৰেণ্ড মঞ্চ প্ৰস্তুত কৰা হৈছিল। অতিথিৰ বাবে বিশেষ পাছৰ ব্যৱস্থা

অতিথিৰ বাবে বিশেষ পাছ

আঙঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৩০০ অতিথিক বিশেষ পাছৰ সৈতে প্ৰৱেশৰ ব্যৱস্থা কৰা হ’ব। এই পাছটোত বাৰক’ড স্কেনিং ব্যৱস্থা আছে।

বিশেষ নিৰাপত্তাৰক্ষীৰ দলটোও সতৰ্কতা মোডত থাকিব যাতে ভিআইপিসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়।

সকলো খাদ্য নিৰামিষ

এই অনুষ্ঠানৰ বাবে লক্ষ্ণৌৰ বিশেষ ব্যঞ্জন খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।  ৰিংকু-প্ৰিয়াৰ প্ৰিয় খাদ্যৰ প্ৰতি বিশেষ যত্ন লোৱা হৈছে। হোটেলৰ চেফ আশীষ শ্বাহীয়ে কয় যে মেনুত কেৱল নিৰামিষ খাদ্যহে থাকিব।

ইয়াত লাইভ কাউণ্টাৰৰ ৰূপত আদৰণি পানীয় থাকিব। ষ্টাৰ্টাৰত ইউৰোপীয়, চীনা, এছিয়ান আৰু ভাৰতীয়ও অন্তৰ্ভুক্ত হ’ব। ভাৰতীয় খাদ্যই ইয়াত বেছিকৈ প্ৰাধান্য পাব। গুলাব কি থাণ্ডি খীৰ আৰু আচাৰি চিগাৰ ৰোল দিনটোৰ বিশেষ হ’ব।

মূল খাদ্যৰ ভিতৰত থাকিব মালাই কোফটা, কাড়াই পানীৰ ইত্যাদি।থাকিব কেইবা প্ৰকাৰৰ মিস্ক ভেজ, কাৰণ সকলো খাদ্যই নিৰামিষ হ’ব। চীনা ষ্টাৰ্টাৰত মানচুৰিয়ান স্প্ৰিং ৰোল আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত কৰা হ’ব।

চীনা মূল খাদ্যত নুডলছও থাকিব। অতিথি সকলে উপস্থিত হোৱাৰ পিছত তেওঁলোকক কুহাদা দিয়া হ’ব, যিটো নাৰিকল ভিত্তিক পানীয়।

লগতে পঢ়ক: ‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ

নৱেম্বৰতে দৰা হ’ব ৰিংকু সিং: সাংসদ প্ৰিয়া সৰোজৰ সৈতে বান্ধ খাব সাত জনমলৈ

নৱেম্বৰতে দৰা হ’ব ৰিংকু সিং

ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন ৰিংকু সিং আৰু উত্তৰ প্ৰদেশৰ মাছলিশ্বহৰ আসনৰ পৰা সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজে শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে।

দুয়োৰে আঙঠি পিন্ধোৱা পৰ্ব আহি আছে আৰু বিয়াৰ তাৰিখো ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সমাজবাদী পাৰ্টিৰ বিধায়ক তথা প্ৰিয়া সৰোজৰ পিতৃ টুফনী সৰোজে এই কথা নিশ্চিত কৰিছে।

টুফনী সৰোজে কয় যে ৰিংকু সিঙৰ পৰিয়ালৰ সৈতে কথা পতাৰ অন্তত বিয়াৰ তাৰিখৰ ওপৰত সহমতত উপনীত হৈছে।

বিয়া আৰু এংগেজমেণ্ট দুয়োটা অনুষ্ঠানেই ৰাজকীয় হোৱাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত ৰাজনীতি, ক্ৰীড়া, চলচ্চিত্ৰ, উদ্যোগৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। অহা ৮ জুনত লক্ষ্ণৌৰ এখন ফাইভ ষ্টাৰ হোটেলত আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হ’ব

লগতে চলিত বৰ্ষৰ ১৮ নৱেম্বৰত বাৰাণসীৰ সাত তাৰকাযুক্ত তাজ হোটেলত বিবাহ পাশত আৱদ্ধ হ’ব দুয়ো। জানিব পৰা মতে পৰিয়ালৰ চিনাকিৰ জৰিয়তে প্ৰিয়া আৰু ৰিংকু সিং লগ হৈছিল। পিছত দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে সম্পৰ্কটো আগুৱাই নিয়া হয়।

চলিত বৰ্ষৰ জানুৱাৰী মাহত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ সৈতে ক্ৰিকেটাৰ ৰিংকু সিঙৰ সম্পৰ্ক নিশ্চিত হৈছিল।

২৬ বছৰীয়া সৰোজে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ টিকটত মাছলিশ্বহৰ আসনৰ পৰা জয়লাভ কৰিছিল।

লগতে পঢ়ক: ‘২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম’; মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

সাংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব ক্ৰিকেটাৰ ৰিংকু সিং; লক্ষ্ণৌত অনুষ্ঠিত হ’ব আঙুঠি পিন্ধোৱা পৰ্ব

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে।

প্ৰিয়াৰ পিতৃ তথা কেৰাকাটৰ এছপি বিধায়ক তুফানি সৰোজে কৈছিল যে তেওঁৰ পৰিয়ালে আলিগড়ত ৰিংকুৰ পিতৃৰ সৈতে তেওঁলোকৰ বিবাহৰ বিষয়ে কথা পাতিছে আৰু দুয়োটা পক্ষই ইয়াত সন্মত হৈছে।

তিনিবাৰৰ সাংসদজনে কৈছিল যে তেওঁৰ কন্যা আৰু ৰিংকু এজন বন্ধুৰ জৰিয়তে লগ পাইছিল।তেওঁ লগতে কয় যে “ৰিংকু আৰু প্ৰিয়াই এবছৰধৰি ইজনে সিজনক চিনি পাই।

দুয়োজনে ইজনে সিজনক ভাল পায়, কিন্তু বিবাহৰ বাবে পৰিয়ালৰ সন্মতি প্ৰয়োজনীয় আছিল। দুয়োটা পৰিয়াল এই বিবাহৰ বাবে ইতিমধ্যে সাজু হৈছে।

তেওঁ কয় যে “সংসদৰ অধিৱেশন শেষ হোৱাৰ পিছত আঙুঠি পিন্ধোৱা আৰু বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। বাগদান লক্ষ্ণৌত অনুষ্ঠিত হ’ব।

ৰিংকুৱে ২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব, যাৰ পিছত তেওঁ আই পি এলও খেলিব। সূত্ৰ অনুসৰি, দুয়োটা পৰিয়ালে আলিগড়ৰ ওজোন চহৰত ৰিংকুৰ ঘৰত লগ হৈ উপহাৰ আদান প্ৰদান কৰে।  

প্ৰিয়া সৰোজ বাৰাণসীৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি সমাজবাদী পাৰ্টিৰ সৈতে জড়িত হৈ আছে। তেওঁ যোৱা বছৰ জৌনপুৰ জিলাৰ মাচলিচহৰ আসনৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

প্ৰিয়া সৰোজ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন অধিবক্তা। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা স্নাতক প্ৰিয়াই নয়ডাৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা আইনত ডিগ্ৰী লাভ কৰিছে।